লাখটকীয়াত মেনহলত সোমাল বালিভর্তি ট্রাকঃ কথমপি প্রাণৰক্ষা চালকৰ
নিয়মীয়া বাৰ্তা ১৪ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলৰ একাংশ মেনহল ক্রমাৎ বিপজ্জনক হৈ পৰিছে৷ মেৰামতিৰ অভাৱত জহি–খহি যোৱা মেনহলে পথচাৰীৰ জীৱনলৈ অশনি শংকেত কঢ়িয়াই আনিছে যদিও পৰিৱর্তনকামী ৰাজ্য চৰকাৰ তথা গুৱাহাটী পৌৰ নিগমে এইক্ষেত্রত ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ গতিকে যিকোনো সময়ত মেনহলৰ পৰা ভয়ংকৰ দুর্ঘটনাৰ আশংকাই দেখা দিছে৷ বিশেষকৈ মহানগৰীৰ সদাব্যস্ত ফাঁচীবজাৰ আৰু লাখটকীয়াৰ একাংশ মেনহল মেৰামতিৰ অভাৱত জৰাজীর্ণ হৈ পৰিছে৷ লাখটকীয়াৰ কর্নেল জে আলী ৰোড আৰু হৰিসভা সংযোগী পথৰ জৰাজীর্ণ মেনহলত আজি পুৱাৰ ভাগত এক ভয়ংকৰ দুর্ঘটনা সংঘটিত হয়৷ আজি পুৱা বালিভর্তি এখন ট্রাক কর্নেল জে আলী ৰোডত মেনহলত সোমাই যোৱাত কথমপি ট্রাকখনৰ চালক–হেণ্ডিমেনৰ প্রাণৰক্ষা পৰে৷ প্রত্যক্ষদর্শীৰ ভাষ্য অনুসৰি আজি পুৱা প্রায় ৫.৩০ বজাত বালিভর্তি ট্রাকখন লাখটকীয়াৰ মেনহল ভাঙি এটা অংশ সোমাই যোৱাত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ বালিভর্তি ট্রাকখনৰ পিছৰ অংশ মেনহলত সোমাই যোৱাত চালক আৰু হেণ্ডিমেনৰ কথমপি প্রাণ ৰক্ষা পৰে৷ পিছত স্থানীয় লোকৰ সহযোগত ট্রাকখন উদ্ধাৰ কৰা হয়৷ উল্লেখ্য যে ভঙা মেনহলৰ পৰা যিকোনো সময়ত ভয়াৱহ দুর্ঘটনা হোৱাৰ আশংকাৰ বাবে স্থানীয় লোকে জিলা প্রশাসন আৰু গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষক অৱগত কৰি শীঘ্রে মেৰামতি কৰাৰ দাবী জনাই আহিছে যদিও বিভাগীয় কর্তৃপক্ষই গুৰুত্ব আৰোপ কৰা নাই বুলি লাখটকীয়াৰ একাংশ বাসিন্দাই জানিবলৈ দিছে৷ অৱশ্যে যোৱা দুমাহ ধৰি পথছোৱা মেৰামতি কৰাৰ লগতে পথৰ দুয়োকাষৰ নলা পুনৰ নির্মাণৰ বাবে লোকনির্মাণ বিভাগ আৰু জিএমচি কর্তৃপক্ষই নির্মাণকার্য চলাই আছে বুলি স্থানীয় লোকে উল্লেখ কৰে৷ ইপিনে, মহানগৰীৰ ফাঁচীবজাৰ, পল্টনবজাৰ, উলুবাৰী কছাৰীবস্তি, গণেশগুৰি আৰু নুনমাটিকে ধৰি মহানগৰীৰ বহু অঞ্চলত এতিয়াও বহু মেনহল জৰাজীর্ণ হৈ পৰিছে৷ সেয়ে বিভাগীয় কর্তৃপক্ষক জৰাজীর্ণ মেনহল পুনৰ নির্মাণ তথা মেৰামতিৰ বাবে স্থানীয় লোকে আহ্বান জনাইছে৷