শ্বহীদসকলৰ স্মৃতিত গছপুলি ৰোপণ কৰিবলৈ বন বিভাগক নির্দেশ
নিয়মীয়া বাৰ্তা ১৪ ডিচেম্বৰঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি মুখ্যমন্ত্রীৰ চৰকাৰী আৱাসত অনুষ্ঠিত এক বৈঠকত পৰিৱেশ আৰু বন বিভাগৰ কাম–কাজৰ পর্যালোচনা কৰে৷ বৈঠকত মুখ্যমন্ত্রীয়ে পৰিৱেশ আৰু বন বিভাগৰ দ্বাৰা সম্পাদন কৰা ভাল কামসমূহ অব্যাহত ৰাখি ৰাজ্যখনৰ সেউজ আৱৰণ বৃদ্ধিৰ দিশত ফলপ্রসূভাৱে অৰিহণা আগবঢ়াবলৈ নির্দেশ দিয়ে৷ বৈঠকত মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্য চৰকাৰ তথা বন বিভাগৰ অবিৰত পদক্ষেপৰ বাবে ৰাজ্যখনৰ বনাঞ্চলৰ পৰিসৰ ২২ হেক্টৰতকৈও অধিক বৃদ্ধি পাইছে৷ মুখ্যমন্ত্রীয়ে বিভাগক গছপুলি ৰোপণৰ এই ধাৰা অব্যাহত ৰাখি ৰাজ্যখনক প্রদূষণমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্য বাস্তৱায়িত কৰাৰ বাবে নির্দেশ দিয়ে৷ বৈঠকত মুখ্যমন্ত্রীয়ে পৰিৱেশ আৰু বন বিভাগক শ্বহীদ উপবন এখন স্থাপনৰ লগতে অসম আন্দোলনৰ সকলো শ্বহীদৰ স্মৃতিত গছপুলি ৰোপণৰ পদক্ষেপ ল’বলৈ নির্দেশ দিয়ে৷ আজিৰ এই বৈঠকতে পৰিৱেশ আৰু বন বিভাগৰ মন্ত্রী পৰিমল শুক্লবৈদ্যই গ্ল’বেল টাইগাৰ ফ’ৰামৰ দ্বাৰা মানাহ টাইগাৰ ৰিজার্ভক প্রদান কৰা কনজাৰভেচন এক্সিলেঞ্চ এৱার্ডৰ প্রমাণপত্র মুখ্যমন্ত্রীক আনুষ্ঠনিকভাৱে প্রদান কৰে৷ মুখ্যমন্ত্রীয়ে ব্যাঘ্র সংৰক্ষণৰ দিশত লাভ কৰা সফলতাৰ বাবে বিভাগক অভিনন্দন জনায়৷ এই বৈঠকত মুখ্য সচিব জিষ্ণু বৰুৱা, মুখ্যমন্ত্রীৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, পৰিৱেশ আৰু বন বিভাগৰ প্রধান সচিব অবিনাশ যোশী, প্রধান বন সংৰক্ষক এ এম সিং, অতিৰিক্ত প্রধান মুখ্য বন সংৰক্ষক এম কে যাদৱ আৰু বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে৷