কাজলগাঁৱত প্ৰমোদ বড়োক সমৰ্থকৰ উষ্ম আদৰণি
১৭ বছৰীয়া অভিজ্ঞতাৰে পুষ্ট হাগ্ৰামাক সহযোগিতা আগবঢ়াবলৈ আহ্বান প্ৰমোদ বড়োৰ
নিয়মীয়া বাৰ্তা ১৪ ডিচেম্বৰঃ ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োই আজি ৰাজ্যৰ ৰাজধানী চহৰৰ পৰা বিটিআৰৰ হৃদপিণ্ড স্বৰূপ কোকৰাঝাৰ সদৰলৈ অহাৰ বাটত দলীয় কৰ্মী, সমৰ্থক আৰু কেইবা সহস্ৰ সমৰ্থকে চিৰাং জিলা সদৰ কাজলগাঁৱত বড়োক উষ্ম আদৰণি জনোৱাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে।
বিয়লি প্ৰায় ৩ বজাত বড়োৰ কনভয় আহি কাজলগাঁৱত উপস্থিত হোৱাৰ লগে লগে কৰ্মী সমৰ্থক সকলে আদবাটৰ পৰা নৃত্য আৰু বাদ্য বাজনাৰে চিৰাং জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ স্থায়ী কাৰ্যালয় চৌহদলৈ আদৰি নিয়ে। জিলা এবছু কাৰ্যালয় চৌহদত জাতি জনগোষ্ঠী নিৰ্বিশেষে সকলোৱে কাইলৈ বিটিআৰৰ দ্বিতীয় জন মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰিবলৈ সক্ষম হোৱা প্ৰাক্তন এবছু সভাপতি তথা বৰ্তমানৰ ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োক ফুলৰ থোপা, ফুলাম গামোচা, জাপি, আৰণাই আদি দি শুভেচ্ছা জ্ঞাপন কৰে।
কাজলগাঁৱৰ আদৰণি অনুষ্ঠানৰ মাজতে সংবাদ কৰ্মীৰে হোৱা মত বিনিময়ত প্ৰমোদ বড়োই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে নৱ কুমাৰ শৰণীয়াক সহযোগী হিচাপে আদৰি লোৱাৰ লগে লগে বিটিআৰত বড়ো-অবড়ো বুলি আৰু কোনো কথাই নাই। সকলো জাতি জনগোষ্ঠীৰে সম অধিকাৰ আৰু সম উন্নয়নৰ লক্ষ্য আৰু উদ্দেশ্যৰে আমি ৰাজনীতিলৈ আহিছোঁ। ৰাইজে আমাক দায়িত্ব অৰ্পণ কৰিছে, ৰাইজৰ হৈ কাম কৰি যাম বুলি নৱ নিৰ্বাচিত বিটিআৰৰ মুখ্য কাৰ্যবাহী হিচাপে কাইলৈ শপত গ্ৰহণৰ বাবে সাজু হোৱা প্ৰমোদ বড়োই মন্তব্য কৰে। হাগ্ৰামা মহিলাৰীক ১৭ বছৰীয়া শাসনভাৰ নিজৰ দখলত ৰখা এজন অভিজ্ঞতাৰে পুষ্ট নেতা বুলি মন্তব্য কৰাৰ লগতে মহিলাৰীক বিটিআৰত আগন্তুক পাঁচটা বছৰত এখন সুস্থ আৰু উন্নত সমাজ গঢ়াত তেওঁলোকক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। ইউপিপিএলৰ সভাপতি তথা দ্বিতীয় জন মুখ্য কাৰ্যবাহী সদস্য হিচাপে দায়িত্ব পালন কৰিবলৈ প্ৰস্তুত হোৱা প্ৰাক্তন এবছু নেতা প্ৰমোদ বড়োই এতিয়া হৰ্চ ট্ৰেডিং আদিক প্ৰাধান্য দিয়াৰ সময় নহয়, এতিয়া চৰকাৰ গঠন কৰি বিটিআৰ বাসীৰ শিক্ষা,ভূমি আদি সকলো অধিকাৰ প্ৰদান কৰাৰ বাবে কৰ্তব্য পালন কৰাৰহে সময় বুলি তাৎপৰ্য পূৰ্ণ মন্তব্য কৰে।
তেওঁৰ সতীৰ্থ সকলক ৰাইজে বিপিএফ এফক বেয়া পোৱাৰ বাবেই ভোট দি জয়যুক্ত কৰিছে বুলি মত প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ কোনো এজন নিৰ্বাচিত প্ৰতিনিধিয়ে বিপিএফ দললৈ নাযায় বুলি দৃঢ় মত প্ৰকাশ কৰিছে। ৰাইজে পৰিৱৰ্তন বিচাৰিছে। দেশৰ প্ৰধান মন্ত্ৰীৰ আশীৰ্বাদৰ লগতে কেন্দ্ৰীয় চৰকাৰ,ৰাজ্য চৰকাৰৰ সহযোগ আছে। সকলোৰে সহায় সহযোগত তেওঁৰ নেতৃত্বত গঠন কৰা ইউপিপিএল,বিজেপি আৰু গণ সুৰক্ষা পাৰ্টিৰ যৌথ চৰকাৰে বিটিআৰ বাসীৰ আশা আকাংক্ষা পূৰণ কৰিবলৈ নিষ্ঠাৰে কাম কৰি যোৱাৰ নিশ্চিতি প্ৰদান কৰে। কাজলগাঁৱত সম্বৰ্ধনা গ্ৰহণ কৰি প্ৰমোদ বড়োই পোনে পোনে কোকৰাঝাৰ অভিমুখে ৰাওনা হয়।।