অষ্ট্রেলিয়ালৈ ৰাওনা ‘হিটমেন’ ৰোহিত শর্মা
নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ অষ্ট্রেলিয়াৰ বিৰুদ্ধে তৃতীয় আৰু চতুর্থ টেষ্টত অংশ লোৱাৰ লক্ষ্যৰে আজি অষ্ট্রেলিয়ালৈ ৰাওনা হৈছে টীম ইণ্ডিয়াৰ তাৰকা অ’পেনাৰ ৰোহিত শর্মা৷ আঘাতক লৈ সৃষ্টি হোৱা দীর্ঘদিনীয়া বিতর্ক আৰু উৎকণ্ঠাৰ অৱসান ঘটাই তাৰকাগৰাকীয়ে অৱশেষত মঙলবাৰে পুৱতিনিশা ছিডনীলৈ উৰা মৰা বুলি বি চি চি আইৰ এক সূত্রই জানিবলৈ দিছে৷ ডুবাই হৈ তেওঁ অষ্ট্রেলিয়াৰ ছিডনীত উপস্থিত হ’ব৷
উল্লেখ্য যে আই পি এলৰ সময়ত হেমষ্ট্রিঙৰ আঘাতৰ সন্মুখীন হোৱাত ৰোহিত শর্মা অষ্ট্রেলিয়া ভ্রমণৰ পৰা বাদ পৰিছিল৷ কিন্তু দলৰ পৰা বাদ পৰাৰ এদিন পিছতে মুম্বাই ইণ্ডিয়ানছৰ হৈ তেওঁ খেলপথাৰত নমাত ব’র্ডে ৰোহিতক ভাৰতীয় টেষ্ট দলত অন্তর্ভুক্ত কৰে৷ অৱশ্যে তেওঁ সম্পূর্ণৰূপে আঘাতমুক্ত নোহোৱাত প্রথম দুখন টেষ্টৰ পৰা বাদ পৰে৷
আই পি এলৰ পৰা উভতি আহি বাংগালুৰুস্থিত ৰাষ্ট্রীয় ক্রিকেট একাডেমীত নিজকে সুস্থ কৰি তোলাৰ প্রক্রিয়া আৰম্ভ কৰা তাৰকাগৰাকীক শেহতীয়াকৈ একাডেমীটোৱে সম্পূর্ণ সুস্থ বুলি ঘোষণা কৰিছিল৷ ছিডনীত উপস্থিত হৈ তাৰকা অ’পেনাৰগৰাকীয়ে ১৪ দিনৰ বাধ্যতামূলক কোৱাৰেণ্টাইনত থাকিব লাগিব৷ ইয়াৰ পিছতহে ৰোহিতে টেষ্টৰ বাবে অনুশীলন আৰম্ভ কৰিব পাৰিব৷