নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ ৰাস্তাৰ দাঁতিত, ডাষ্টবিনত নবজাতকসকলক পৰিত্যক্ত কৰি থৈ যোৱা দেখা যায়। যিসকল পিতৃ মাতৃয়ে নিজৰ নৱজাতক সন্তানক ভৰণ পোষণ দিয়াত অসমৰ্থ তেনে পিতৃ-মাতৃয়ে সন্তান সকলক যাতে অসুৰক্ষিত অৱস্থাত থৈ যাবলগীয়া নহয় তাৰ বাবে কামৰূপ জিলাৰ ৩খন হস্পিতাল ক্ৰমে তোলাৰাম বাফনা কামৰূপ চিভিল হাস্পতাল, ৰঙিয়া মডেল হাস্পতাল, উত্তৰ গুৱাহাটী ব্লক পি এইচ চিৰ লগতে তিনিখন শিশুগৃহ ক্ৰমে ৰঙিয়াৰ ফাটেমা বালিকা দয়াধাম, উত্তৰ গুৱাহাটীৰ শিশুগ্ৰাম আৰু শিকাৰহাটীৰ নৱজীৱন আৰু আমিনগাঁৱৰ ৱান ষ্টপ চেণ্টাৰত জিলা শিশু সুৰক্ষা বিষয়াৰ তৰফৰপৰা একোটাকৈ ক্ৰেডল চেণ্টাৰ স্থাপন কৰা হয়।
সেই ক্ৰেডল চেণ্টাৰসমূহ আজি ৱান ষ্টপ চেণ্টাৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত কান্তা দাস, জিলা আইন প্ৰাধিকৰণৰ সদস্য সচিব মৈত্ৰেয়ী ডেকা দলে, শিশু কল্যাণ সমিতিৰ সভাপতি, কামৰূপ জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক উত্তৰ গুৱাহাটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে জিলা শিশু সুৰক্ষা বিষয়া মালবিকা কলিতা ।