নেহৰু ষ্টেডিয়ামত পুনৰ আৰম্ভ হ’ব ক্রিকেট
নিয়মীয়া বার্তা, ১৮ ডিচেম্বৰঃ ১১খনকৈ আন্তঃৰাষ্ট্রীয় ক্রিকেট মেচ আয়োজন কৰা ঐতিহ্যমণ্ডিত নেহৰু ষ্টেডিয়ামত পুনৰ দেখিবলৈ পোৱা যাব ক্রিকেট মেচ৷ ২০১৪ত গুৱাহাটীত অনুষ্ঠিত ছাউথ এছিয়ান গেমছৰ সময়ৰে পৰা ক্রিকেট মেচ আয়োজন বন্ধ হৈ থকা ষ্টেডিয়ামখনক ক্রিকেটৰ বাবে পুনৰ সাজু কৰি তুলিবলৈ সাজু হৈছে অসম ক্রিকেট সন্থা৷
অসম চৰকাৰৰ ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ আয়ুক্ত মলয় বৰা, ক্রীড়া সঞ্চালক ধর্মকান্ত মিলিৰ সৈতে অসম ক্রিকেট সন্থাই এই সন্দর্ভত ৰূপৰেখা তৈয়াৰ কৰিবলৈ কালি এক উচ্চস্তৰীয় বৈঠকত মিলিত হয়৷ এ চি এৰ সভাপতি ৰমেন দত্ত, সম্পাদক দেৱজিৎ শইকীয়া, উপ–সভাপতি পৰীক্ষিত দত্ত, যুটীয়া সম্পাদক কামাখ্যা শইকীয়াৰ লগতে অসম অলিম্পিক সন্থাৰ উপ–সভাপতি বিষ্ণুৰাম নুনিছা, গুৱাহাটী ক্রীড়া সন্থাৰ সাধাৰণ সম্পাদক ধ্রুৱজ্যোতি কলিতা, অসম ফুটবল সন্থাৰ কোষাধ্যক্ষ হীৰেন গগৈয়েও বৈঠকত উপস্থিত থাকে৷ বৈঠকত হোৱা আলোচনামর্মে অসম ক্রিকেট সন্থাই নেহৰু ষ্টেডিয়ামত এখন ক্রিকেট গ্রাউণ্ড আৰু দুখন ফুটবল টার্ফ প্রস্তুত কৰিব৷ উল্লেখ্য যে অসম ক্রিকেট সন্থাৰ এই প্রয়াসক মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ইতিমধ্যে সমর্থন আগবঢ়াইছে৷