নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জানুৱাৰীত ক’ৰোনাৰ তদন্তৰ বাবে চীনলৈ আন্তর্জাতিক বিশেষজ্ঞ

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ আগন্তুক জানুৱাৰী মাহত আন্তর্জাতিক বিশেষজ্ঞৰ দলে ক’ভিড–১৯ৰ উৎপত্তি চীনৰ ৱুহানৰ পৰা ঘটিছিল নে নাই সেই বিষয়টো তদন্ত কৰিবলৈ দেশখনত উপস্থিত হ’ব৷ বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে এই কথা৷ লগে লগে বেইজিং প্রশাসনে আন্তর্জাতিক বিশেষজ্ঞৰ দলৰ আগমনলৈ প্রতীক্ষা কৰি থকা বুলি ঘোষণা কৰিছে৷ চীনে ক’ভিড–১৯ মূলতঃ ক’ৰ পৰা বিয়পি পৰিছিল সেই বিষয়টো তদন্ত হ’ব লাগে বুলি উল্লেখ কৰিছে৷ এইক্ষেত্রত আন্তর্জাতিক চিকিৎসকৰ দলক দেশখনে আদৰণি জনাব বুলিও স্পষ্ট কৰি দিছে৷ স্মর্তব্য যে চীনৰ ৱুহানৰ পৰা ক’ভিড–১৯ বিশ্বজুৰি বিয়পি পৰা বুলি বিভিন্ন দেশে অভিযোগ কৰি আছে।

You might also like