নিয়মীয়া বাৰ্তা ১৯ ডিচেম্বৰঃ ২০২১ চনৰ বাবে ৰাজ্য চৰকাৰে চৰকাৰী বন্ধৰ তালিকা প্রকাশ কৰিছে৷ সাধাৰণ প্রশাসন বিভাগে আজি প্রকাশ কৰা চৰকাৰী বন্ধৰ তালিকা অনুসৰি নতুন বছৰটোত বিভিন্ন উৎসৱ–পার্বণ, অনুষ্ঠানৰ বাবে মুঠ ৩৬ দিন বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে৷ কিন্তু ৰাজ্যিক কর্মচাৰীসকলৰ বাবে দুখৰ খবৰ এয়ে যে উক্ত ৩৬ দিন বন্ধৰ ভিতৰত তিনিটা দিন চতুর্থ শনিবাৰ আৰু চাৰিটা দিন দেওবাৰ হোৱা হেতু স্বাভাৱিকতে সেই ৭টা দিনত চৰকাৰী কার্যালয় বন্ধ থাকিব৷ ফলত কর্মচাৰীসকলে ৭টা বন্ধৰ দিন হেৰুৱাব৷ চৰকাৰী বন্ধৰ তালিকাখন অনুসৰি ১৪, ১৫ জানুৱাৰী (বৃহস্পতি, শুকুৰবাৰ) মাঘবিহু আৰু তুচু পূজা, ২৩ জানুৱাৰী (শনিবাৰ) নেতাজীৰ জন্মদিন, ২৬ জানুৱাৰী (মঙলবাৰ) গণৰাজ্য দিৱস, ৩১জানুৱাৰী (দেওবাৰ) মেদাম–মে–ফী, ২৭ ফেব্রুৱাৰী (শনিবাৰ) বীৰ চিলাৰায় দিৱস, ২৮ মার্চ (দেওবাৰ) দৌলযাত্রা, ২ এপ্রিল (শুকুৰবাৰ) গুড ফ্রাইডে’, ১৪, ১৫, ১৬ এপ্রিল (বুধ, বৃহস্পতি, শুকুৰবাৰ) ব’হাগ বিহু, ২১ এপ্রিল (বুধবাৰ) সতী সাধিনী দিৱস, ১ মে’ (শনিবাৰ) মে’ দিৱস, ১২ মে’ (বুধবাৰ) দামোদৰদেৱৰ তিথি, ১৪ মে’ (শুকুৰবাৰ) ঈদ–উল–ফিটৰ, ২৬ মে’ (বুধবাৰ) বৌদ্ধ পূর্ণিমা, ২৭ মে’ (বৃহস্পতিবাৰ) শ্রীশ্রী মাধৱদেৱৰ জন্মোৎসৱ, ২১ জুলাই (বুধবাৰ) ঈদ–উজ–জোহা, ১৫ আগষ্ট (দেওবাৰ) স্বাধীনতা দিৱস, ২৭ আগষ্ট (শুকুৰবাৰ) শ্রীশ্রী মাধৱদেৱৰ তিথি, ২৯ আগষ্ট (দেওবাৰ) কৰম পূজা, ৩০ আগষ্ট (সোমবাৰ) জন্মাষ্টমী, ৮ ছেপ্ঢেম্বৰ (বুধবাৰ) শ্রীমন্ত শংকৰদেৱৰ তিথি, ২ অক্টোবৰ (শনিবাৰ) গান্ধী জয়ন্তী, ১২, ১৩, ১৪ অক্টোবৰ (মঙল, বুধ, বৃহস্পতিবাৰ) দুর্গা পূজা, ১৫ অক্টোবৰ (শুকুৰবাৰ) বিজয়ী দশমী আৰু শ্রীমন্ত শংকৰদেৱৰ জন্মোৎসৱ, ১৮ অক্টোবৰ (সোমবাৰ) কাতি বিহু, ৪ নৱেম্বৰ (বৃহস্পতিবাৰ) কালী পূজা আৰু দেৱালী, ৬ নৱেম্বৰ (শনিবাৰ) ভাতৃ দ্বিতীয়া, ১০ নৱেম্বৰ (বুধবাৰ) ষট্ পূজা, ১৯ নৱেম্বৰ (শুকুৰবাৰ) গুৰুনানকৰ জন্মদিন, ২৪ নৱেম্বৰ (বুধবাৰ) লাচিত দিৱস, ২ ডিচেম্বৰ (বৃহস্পতিবাৰ) অসম দিৱস আৰু ২৫ ডিচেম্বৰ (শনিবাৰ) খ্রীষ্টমাছ৷ আনহাতে, অহা ১৯ আগষ্ট (বৃহস্পতিবাৰ) মহৰম আৰু ২০ অক্টোবৰ (বুধবাৰ) লক্ষ্মীপূজাৰ দিন দুটা চৰকাৰে অর্ধছুটীৰ দিন হিচাপে ঘোষণা কৰিছে৷ সেই দুটা দিনত দিনৰ ১ বজালৈ কার্যালয়সমূহ চলিব৷ উক্ত তালিকা অনুসৰি ২৩ জানুৱাৰীত নেতাজীৰ জন্মদিন, ২৭ ফেব্রুৱাৰীত বীৰ চিলাৰায় দিৱস আৰু ২৫ ডিচেম্বৰ খ্রীষ্টমাছৰ দিনটো চতুর্থ শনিবাৰত পৰিছে৷ সেইদৰে ৩১ জানুৱাৰীৰ মেদাম–মে–ফী, ২৮ মার্চৰ দৌলযাত্রা, ১৫ আগষ্টৰ স্বাধীনতা দিৱস আৰু ২৯ আগষ্টৰ কৰম পূজাৰ দিনটো দেওবাৰ পৰিছে৷