নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কালাপাহাৰত চিটুৰ উত্তাল প্রতিবাদ; শ্রমিকক নিলম্বনৰ বিৰোধিতা

নিয়মীয়া বাৰ্তা ১৯ ডিচেম্বৰঃ অসম কেমিকেল এণ্ড ফার্মাচিউটিকেল কোম্পানী কর্তৃপক্ষই ৰাজীৱ বৈশ্য আৰু জিতু দাসক আক্রোশমূলকভাৱে চাকৰিৰ পৰা নিলম্বন কৰাক লৈ চিটুৱে ধাৰাবাহিক প্রতিবাদ অব্যাহত ৰাখিছে৷ আজি পুনৰ দুয়োগৰাকী শ্রমিকক পুনৰ সংস্থাপনৰ দাবীত কালাপাহাৰৰ অসম কেমিকেল এণ্ড ফার্মাচিউটিকেল কোম্পানীৰ সন্মুখত উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ এই প্রতিবাদী কার্যসূচীত চিটুকে ধৰি বিভিন্ন কল–কাৰখানাত কর্মৰত তিনি শতাধিক কর্মচাৰীয়ে কোম্পানীটোৰ শ্রমিকবিৰোধী কার্যকলাপৰ বিৰোধিতাৰে প্রতিবাদ সাব্যস্ত কৰে৷ এই প্রতিবাদী কার্যসূচীত চিটুৰ ৰাজিক সাধাৰণ সম্পাদক তপন শর্মা, উপ–সভাপতি বীৰেন শর্মা, সম্পাদক মদন তালুকদাৰ, ভোলা শর্মা, মজাফৰ আলী, বিজয় বসুমতাৰী, আলি আকবৰ, নিৰংকুশ নাথ, নিতুৰঞ্জন দাসকে ধৰি বহুকেইগৰাকী নেতাই প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰি বক্তব্য আগবঢ়ায়৷

উল্লেখ্য যে কোম্পানী কর্তৃপক্ষই আক্রোশমূলকভাৱে জানুৱাৰী মাহৰ পৰা কর্মচাৰী দুগৰাকীক নিলম্বন কৰি ৰাখিছে৷চিটুকে ধৰি বিভিন্ন দল–সংগঠনে আবেদন–নিবেদন কৰাৰ লগতে শ্রম বিভাগেও কর্মচাৰী দুগৰাকীৰ নিলম্বন প্রত্যাহাৰৰ পৰামর্শ দিছিল যদিও কোম্পানী কর্তৃপক্ষই কোনো ব্যৱস্থা গ্রহণ নকৰিলে৷ সেয়ে আজি পুনৰ কোম্পানী কর্তৃপক্ষৰ স্বেচ্ছাচাৰী ভূমিকাৰ বিৰুদ্ধে চিটুৱে প্রতিবাদ সাব্যস্ত কৰে৷

You might also like