অৱশেষত আশাৰ ৰেঙনি দেখিলে অভি–নীলৰ শোকার্ত পৰিয়ালে
নিয়মীয়া বাৰ্তা ১৯ ডিচেম্বৰঃ অসম তথা দেশ কঁপোৱা অভি–নীল হত্যাকাণ্ডৰ বিচাৰ প্রক্রিয়াত চাক্ষুষ সাক্ষীসকলৰ একাংশই নিজৰ ভাষ্য সলনি কৰাৰ পৰিপ্রেক্ষিতত কিছু নিৰাশ হৈ পৰা ভুক্তভোগীৰ পৰিয়াল দুটাই এতিয়া নিৰাশাৰ মাজতো আশাৰ ৰেঙনি দেখা পাইছে ন্যায়ালয়ৰ বলিষ্ঠ ভূমিকা আৰু আন তিনিগৰাকী চাক্ষুষ সাক্ষীয়ে আদালতত দিয়া ভাষ্যৰ পৰিপ্রেক্ষিতত৷ তৃতীয় পক্ষৰ হেঁচাত ঘটনাৰ একাংশ চাক্ষুষ সাক্ষীয়ে নিজৰ ভাষ্য বাৰে বাৰে সলনি কৰি থকাৰ পিছত সলনি হৈ পৰিছিল প্রকৃত ঘটনাৰ প্রেক্ষাপট৷ কিন্তু আজি নগাঁও আদালতত এই জঘন্য ঘটনাৰ তিনিগৰাকীকৈ চাক্ষুষ সাক্ষীয়ে ঘটনাৰ হুবহু বর্ণনা দিয়াৰ বাবে এতিয়া ন্যায় লাভ কৰিব বুলি আশাবাদী হৈ পৰিছে অভি–নীলৰ পৰিয়াল৷ স্মর্তব্য যে ঘটনাটোৰ ৭১গৰাকী সাক্ষীৰ ভিতৰত বর্তমানলৈকে ৪২গৰাকী সাক্ষীৰ সাক্ষ্যদান প্রক্রিয়া সমাপ্ত হৈছে৷ যাৰ বাবে শীঘ্রেই ন্যায় পাবলৈ সক্ষম হ’ব বুলি আশা প্রকাশ কৰিছে দুর্ভগীয়া পৰিয়াল দুটিয়ে৷ অভি–নীলৰ দুই পিতৃ গোপাল চন্দ্র দাস আৰু অজিত নাথৰ লগতে অভি–নীল স্মৃতিৰক্ষা সমিতিয়ে এতিয়া নৃশংস হত্যাকাণ্ডৰ লগত জডিত প্রকৃত দোষীসকলৰ ফাঁচিৰ দাবী উত্থাপন কৰিছে৷ উল্লেখ্য যে ২০১৮ বর্ষৰ ৮ জুনত কার্বি আংলঙৰ ডকমকা থানাৰ অন্তর্গত পাণজুৰি গাঁৱত এদল উন্মত্ত লোকে সোপাধৰাৰ সন্দেহত নৃশংসভাৱে মৰিয়াই মৰিয়াই হত্যা কৰিছিল অভিজিৎ নাথ আৰু নীলোৎপল দাস নামৰ গুৱাহাটীৰ দুই তেজাল যুৱকক৷