নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অজন্তা নেওগ বিজেপিত যোগদানৰ খবৰ অস্বীকাৰ মন্ত্রী ড০ শর্মাৰ

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ জ্যেষ্ঠ কংগ্রেছ নেত্রী, প্রাক্তন মন্ত্রী তথা গোলাঘাটৰ বর্তমানৰ বিধায়িকা অজন্তা নেওগে অচিৰেই বিজেপিত যোগদান কৰিব বুলি ৰাজনৈতিক মহলত ব্যাপক চর্চা চলি থকাৰ সময়তে নেত্রীগৰাকীৰ বিজেপি গমনৰ খবৰ অস্বীকাৰ কৰিছে নেডাৰ আহ্বায়ক তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই কয়– ‘অজন্তা নেওগে বিজেপিত জইন কৰিব, তেনে বাতৰি আমাৰ হাতত নাই৷ অজন্তা নেওগে যিদিনা মুখ্যমন্ত্রীক সাক্ষাৎ কৰিছে, সেইদিনা দিনৰ ভাগত মোকো কার্যালয়ত ৫জন কংগ্রেছ বিধায়কে সাক্ষাৎ কৰিছে৷’

তেওঁ কয় যে বিধায়ক এজনে বিভিন্ন কাৰণত মুখ্যমন্ত্রী বা আন মন্ত্রীক সাক্ষাৎ কৰিব পাৰে৷ মুখ্যমন্ত্রী বা মোক সাক্ষাৎ কৰা মানে বিজেপিত জইন কৰা নহয়৷ কোনোবা যদি দলত যোগদান কৰিবলৈ আহি আছে, তেওঁ নিজেই ক’ব৷ অজন্তা নেওগে যদি বিজেপিত যোগদান কৰিবলৈ আহে তেওঁ নিজেই ক’ব৷ অজন্তা নেওগ এগৰাকী পৰিপক্ব ৰাজনীতিবিদ৷ তেওঁ তিনিবাৰ মন্ত্রী হৈ আছিল৷ তদুপৰি দলত কোনোবাই যোগদান কৰিবলৈ আহিলে দলৰ তৰফৰ পৰা সংবাদ মাধ্যমক জনোৱা হয়৷ দলত যোগদান কৰাটো গোপনে নহয়৷

You might also like