নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৃহ জিলা–একেই স্থানত তিনি বছৰ কাল কর্মৰত বিষয়াক বদলিৰ নির্দেশ নির্বাচন আয়োগৰ

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ সমাগত অসম বিধানসভা নির্বাচন৷ অহা ৩১ মে’ত অন্ত পৰিব বর্তমানৰ বিধানসভাৰ কার্যকাল৷ স্বাভাৱিকতে ৩১ মে’ৰ পূর্বে বিধানসভাৰ সাধাৰণ নির্বাচনৰ জৰিয়তে গঠন হ’ব নতুন চৰকাৰ৷ ইয়াৰ পৰিপ্রেক্ষিতত দেশৰ নির্বাচন আয়োগৰ জ্যেষ্ঠ প্রধান সচিব নৰেন্দ্র এন বুটোলিয়াই কালি ৰাজ্যৰ মুখ্য সচিব আৰু মুখ্য নির্বাচন বিষয়াক এখন পত্রযোগে (নং ৪৩৭/৬/১/আই এন এছ টি/ই টি আই/এফ ইউ এন চি টি/এম চি চি ২০২০) নির্বাচনী কাম–কাজৰ সৈতে জড়িত কৰিবলগীয়া বিষয়াবর্গ সন্দর্ভত গুৰুত্বপূর্ণ নির্দেশনা জাৰি কৰে৷

নির্দেশনা অনুসৰি, নির্বাচনৰ কামত জড়িত কৰিবলগীয়া বিষয়াক গৃহ জিলালৈ বদলি কৰিব নোৱাৰিব৷ অর্থাৎ গৃহ জিলাত কর্মৰত বিষয়াক নির্বাচনী কামত জড়িত কৰিব নোৱাৰিব৷ সেইদৰে একেই স্থানত তিনি বছৰ কর্মৰত বা অহা ৩১ মে’ৰ পূর্বে তিনি বছৰ একেই স্থানৰ দায়িত্ব সম্পূর্ণ হ’বলগীয়া কোনো বিষয়াক নির্বাচন পৰিচালনাৰ ক্ষেত্রত জড়িত কৰিব নোৱাৰিব৷ সেইদৰে অতীজত কোনো বিষয়া–কর্মচাৰীৰ বিৰুদ্ধে নির্বাচন আয়োগে অনুশাসনমূলক ব্যৱস্থা গ্রহণ কৰা বা তেনে গোচৰ নিষ্পত্তি নোহোৱাকৈ থকা, নির্বাচনী কাম–কাজত গাফিলতি কৰাৰ বাবে জৰিমনাৰ সন্মুখীন হোৱা বিষয়া–কর্মচাৰীকো নির্বাচনৰ দায়িত্বত নিয়োজিত কৰিব নোৱাৰিব৷ সেইদৰে অহা ছমাহৰ ভিতৰত অৱসৰ গ্রহণ কৰিবলগীয়া কোনো বিষয়াকে নির্বাচনী কাম–কাজত জড়িত নকৰিবলৈ নির্দেশ দিয়া হৈছে৷

আনহাতে, ২০১৯ চনৰ লোকসভা নির্বাচনৰ সময়ত নির্বাচন আয়োগৰ অনুমোদনমর্মে নিয়োজিত বিষয়াৰ ক্ষেত্রত এই বদলিৰ নীতি প্রযোজ্য নহয় বুলি আয়োগে নির্দেশটোত স্পষ্ট কৰি দিছে৷ নির্বাচন আয়োগৰ সেই নির্দেশ অনুসৰি, গৃহ জিলাত কর্মৰত আৰু একেই স্থানত তিনি বছৰ কর্মৰত বিষয়াবর্গক আন স্থানলৈ বদলি কৰাৰ পাছতহে তেওঁলোকক নির্বাচনী কাম–কাজত জড়িত কৰিব পাৰিব৷

You might also like