নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছলৈ আহিব বিজেপিৰ আধা ডজন বিধায়কঃ সাংসদ খালেক

দলত্যাগৰ ধুমুহাই কংগ্রেছত জোকাৰণি তোলাৰ সময়তে বৰপেটাৰ সাংসদ আব্দুল খালেকে বিজেপিৰ সমালোচনাত সৰৱ হৈ পৰিছে৷ অকল সমালোচনা কৰাই নহয়, বিজেপিৰ কমেও আধা ডজন বিধায়ক কংগ্রেছলৈ আহিব বুলি দাবী কৰিছে সাংসদ খালেকে৷ আজি প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদ মেলত গোলাঘাটৰ বিধায়িকা তথা প্রাক্তন মন্ত্রী অজন্তা নেওগৰ প্রসংগত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰ দিবলৈ গৈ তেওঁ কয় যে বিজেপিৰ কমেও তিনিজন বিধায়কে মোৰ লগতেই কথা পাতি আছে৷ মই তেওঁলোকৰ নাম নকওঁ৷ তেওঁলোক উজনি–উত্তৰ আৰু মধ্য অসমৰ৷ ২০১৫ চনত আমাৰ যি ১০জন বিধায়ক বিজেপিলৈ গৈছিল, তাৰো এজনে মোৰ লগত যোগাযোগ ৰাখিছে৷ টিকটৰ নিশ্চয়তা দিলেই তেওঁ ঘূৰি আহিব৷ বিজেপিৰ কমেও আধা ডজন বিধায়ক কংগ্রেছলৈ আহিব৷ আমি টিকট দিব পাৰিম নে নাই, সেই কথাটোহে চাব লাগিব৷ অজন্তা নেওগ বিজেপিলৈ যাব নে নেযাব সেই সম্পর্কীয় কোনো তথ্য তেওঁৰ হাতত নাই বুলি সাংসদ খালেকে উল্লেখ কৰে৷ লগতে সমগ্র বিষয়টো স্পষ্ট কৰিবলৈ তেওঁ অজন্তা নেওগক আহ্বান জনায়৷ বৰপেটাৰ সাংসদজনে সমাগত বিধানসভা নির্বাচনত বিজেপিক ৰোধ কৰাৰ স্বার্থত মহাজোঁট বন্ধনৰ পোষকতা কৰে৷ তেওঁৰ মতে, বিজেপি এক স্বৈৰাচাৰী শক্তি৷ বিজেপিৰ বিৰুদ্ধে যিমান পৰা যায়, সিমানেই সমভাবাপন্ন শক্তিসমূহ একগোট হ’ব লাগে৷ লক্ষণীয়ভাৱে তেওঁ এআইইউডিএফৰে মিত্রতা কৰা সন্দর্ভত মন্তব্য আগবঢ়োৱাৰ পৰা কৌশলেৰে আঁতৰি থাকে৷ ইফালে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশর্মাক অপসাৰণৰ দাবী উত্থাপন কৰিছে সাংসদ খালেকে৷ তেওঁৰ অভিযোগ মতে, উচ্চতম ন্যায়ালয়ৰ পর্যবেক্ষণত হোৱা এনআৰচিক লৈ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশর্মাই হেতালি খেলিবলৈ আৰম্ভ কৰিছে৷ হিতেশ দেৱশর্মাই শেহতীয়াভাৱে ন্যায়ালয়ত দাখিল কৰা শপতনামাৰ জৰিয়তে এনআৰচিৰ প্রক্রিয়াটোক বিতর্কিত কৰি তুলিছে৷ তদুপৰি এনআৰচিৰ চূড়ান্ত তালিকাৰ পৰা নাম বাদ যোৱা লোকসকলক ৰিজেক্চন শ্লীপ এবছৰ অতিক্রম হৈ যোৱাৰ পাছতো কর্তৃপক্ষই নিদিয়াৰো তেওঁ অভিযোগ তোলে৷ সেইদৰে মাদ্রাছা শিক্ষা ব্যৱস্থা বিলুপ্তি ঘটোৱাৰ বাবে চৰকাৰে গ্রহণ কৰা সিদ্ধান্তৰো বিৰোধিতা কৰিছে সাংসদ খালেকে৷ তেওঁৰ মতে, মাদ্রাছালৈ যাব বিচৰা ছাত্র–ছাত্রীসকলক বঞ্চিত কৰাটো ভাৰতীয় সংবিধানৰ ২৮নং অনুচ্ছেদ বিৰোধী৷ সেইদৰে ২০১৪ চনৰ পৰা ভোটাৰ তালিকাত নতুনকৈ নাম সোমোৱা বহুতেই ভোটাৰ পৰিচয় পত্র নোপোৱাৰ কথা উল্লেখ কৰি কার্যব্যৱস্থা গ্রহণ কৰিবলৈ নির্বাচন আয়োগক তেওঁ আহ্বান জনায়৷

You might also like