ৰূপজ্যোতি কুৰ্মীয়ে দলৰ অনুশাসন ভংগ কৰিছেঃ ৰিপুণ বৰা
নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ নতুন বছৰৰ প্ৰথমতে কংগ্ৰেছ দলৰ নেতৃত্ব সলনি হ’ব। সভাপতি সলনি হ’ব বুলি মন্তব্য কৰিছিল মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। এই সন্দৰ্ভত ৰিপুণ বৰাই প্ৰতিক্ৰিয় প্ৰকাশ কৰি কয় য়ে ৰূপজ্যেতি কুৰ্মীৰ গৈ মই একো কথা নকওঁ। কিবা অসন্তুষ্টি থাকিলে দলীয় হাইকামাণ্ডক জনাব লাগে। সংবাদ মাধ্যমৰ আগত কোৱাটো আমাৰ দলৰ নিয়মৰ অধীন নহয়।
মোৰ যি ক’ব লগা আছে সেয়া মই হাইকামাণ্ডক কম আৰু মোৰ কথা শুনিব। কাৰণ মই দলৰ অনুশাসন ভংগ কৰিব নোৱাৰো। ৰূপজ্যোতি কুৰ্মীয়ে দলৰ অনুশাসন ভংগ কৰিছে বুলিও সাংবাদিকৰ আগত কয় ৰিপুণ বৰাই।