নিয়মীয়া বাৰ্তা ২১ ডিচেম্বৰঃ অযোধ্যাৰ ধানিপুৰ গাঁৱত ৫ একৰ ভূমিত নির্মাণ হ’বলগীয়া মছজিদ আৰু হাস্পতালৰ নক্সা ইতিমধ্যে প্রস্তুত কৰি উলিওৱা হৈছে৷ স্মর্তব্য যে ৰাম জন্মভূমি–বাবৰি মছজিদ গোচৰৰ ৰায়দানৰ সময়ত উচ্চতম ন্যায়ালয়ে মছজিদ নির্মাণৰ বাবে অযোধ্যাৰ আন স্থানত ৫ একৰ আবণ্টন দিবলৈ উত্তৰ প্রদেশ চৰকাৰক নির্দেশ দিছিল৷
কেন্দ্রীয় ছুন্নী ৱাক্ফ ব’ডৰ উত্তৰ প্রদেশ গোটে ইতিমধ্যে এই আবণ্টিত ভূমিত মছজিদ আৰু হাস্পতালৰ উপৰি অন্যান্য বিভিন্ন নির্মাণকার্য চলাবলৈ গঠন কৰিছে ইন্দো–ইছলামিক কালচাৰেল ফাউণ্ডেচন (আইআইচিএফ)৷ জামিয়া মিলিয়া ইছলামীয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক এছএম আখতাৰে আজি ভিডি’ কনফাৰেঞ্চিংযোগে এক কার্যসূচীত অংশগ্রহণ কৰি মছজিদ তথা ২০০খন বিছনাযুক্ত হাস্পতালৰ নক্সা মুকলি কৰি দিছে৷
লক্ষণীয়ভাৱে আবণ্টিত এই ভূমিত এটা সার্বজনিক ভোজনালয় আৰু আধুনিক গ্রন্থাগাৰো নির্মাণৰ সিদ্ধান্ত লোৱা হৈছে৷ অত্যাধুনিক প্রযুক্তিৰ ব্যৱহাৰেৰে মছজিদটোৰ নক্সা তৈয়াৰ কৰিছে৷ মছজিদটো হ’ব কণী আকৃতিৰ৷ লক্ষণীয়ভাৱে ২০০০ লোকে একে সময়তে নামাজ পঢ়িব পৰা মছজিদটোত থাকিব সৌৰশক্তিৰ ব্যৱস্থা৷