নতুন ক’ৰোনা ভাইৰাছৰ সংক্রমণ ইংলেণ্ডত
নিয়মীয়া বাৰ্তা ২১ ডিচেম্বৰঃ ব্রিটেইনত ক’ভিড–১৯ৰ নতুন একপ্রকাৰ ভাইৰাছৰ সংক্রমণ আৰম্ভ হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থা (হু)ই সদৰী কৰা অনুসৰি এই নতুন প্রকাৰৰ ভাইৰাছবিধে মূল ভাইৰাছবিধতকৈ অধিক দ্রুতগতিত সংক্রমণ ঘটাব পাৰে বুলি আশংকা কৰিছে হুৱে৷ অৱশ্যে এই ভাইৰাছবিধৰ সংক্রমণ দ্রুতগতিত ঘটিলেও মূল ভাইৰাছবিধতকৈ ই বিপজ্জনক হ’ব নোৱাৰে বুলি ধাৰণা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷
দক্ষিণ–পূব ইংলেণ্ডৰ বিভিন্ন অঞ্চলত নতুন ক’ৰোনা ভাইৰাছৰ সংক্রমণ আৰম্ভ হোৱাৰ লগে লগে লকডাউন প্রক্রিয়া পূর্বতকৈ কঠোৰ কৰা হৈছে৷ তাৎক্ষণিকভাৱে ক’ভিড–১৯ৰ এই নতুন প্রকাৰে ভেকচিনৰ ব্যৱহাৰত বাধাৰ সৃষ্টি কৰিব নেকি তাক লৈ কোনো তথ্য সদৰী কৰা নাই বিশ্ব স্বাস্থ্য সংস্থাই৷ লণ্ডনকে ধৰি দক্ষিণ–পূব ইংলেণ্ডত ক’ভিড মহামাৰীৰ এই নতুন প্রকাৰৰ সংক্রমণ বৃদ্ধি পোৱাৰ লগে লগে বিভিন্ন দেশে ব্রিটেইনৰ লগত বিমান সম্পর্ক ছেদ কৰিছে৷ নেদাৰলেণ্ডছ, ইটালী আদি দেশে ব্রিটেইনৰ পৰা যাত্রীবাহী বিমানৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে৷
ইউৰোপীয় সংঘৰ কেইবাখনো দেশে ব্রিটেইনৰ সৈতে বিমান সেৱা অব্যাহত ৰাখিবনে নাই, সেই বিষয়টোক লৈ চিন্তা–চর্চা চলাই আছে৷ লক্ষণীয়ভাৱে বেলজিয়ামে ব্রিটেইনৰ পৰা অহা বিমান সেৱাত নিষেধাজ্ঞা আৰোপ কৰাৰ উপৰি ৰে’ল সেৱাও বাতিল কৰিছে৷ ফ্রান্স আৰু জার্মানীয়ে অনুৰূপ পদক্ষেপ গ্রহণ কৰাৰ বাবে চিন্তা–চর্চা চলাই আছে৷ লক্ষণীয়ভাৱে ব্রিটেইনৰ চিকিৎসা বিশেষজ্ঞসকলে ক’ৰোনাৰ এই নতুন প্রকাৰ ভাইৰাছে মূল ভাইৰাছবিধতকৈ ৭০ শতাংশ অধিক ক্ষিপ্রতাৰে সংক্রমণ ঘটাব পাৰে বুলি ঘোষণা কৰিছে৷ অৱশ্যে মূল ভাইৰাছবিধৰ দৰে এই নতুন প্রকাৰৰ ক’ৰোনা বিপজ্জনক নহয় বুলি ইংলেণ্ডৰ চিকিৎসকসকলেও ধাৰণা কৰিছে৷