নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰে’লৱেৰ ৭০০ কর্মচাৰীৰ ক’ভিডত মৃত্যু

নিয়মীয়া বাৰ্তা ২১ ডিচেম্বৰঃ  ক’ভিড–১৯ মহামাৰীত দেশৰ ৰে’ল বিভাগৰ ৭০০ কর্মীয়ে প্রাণ হেৰুৱাইছে৷ উল্লেখনীয় যে ৰে’ল বিভাগৰ মুঠ ৩০ হাজাৰ কর্মচাৰী ক’ভিড মহামাৰীত আক্রান্ত হৈছে দেশখনত৷

বিগত ৯টা মাহৰ ভিতৰত বিভাগটোত ৭০০ কর্মীয়ে প্রাণ হেৰুওৱা বুলি এক সূত্রই  সদৰী কৰিছে৷ এই প্রাণ হেৰুওৱা ৰে’লৰ কর্মীসকলৰ গৰিষ্ঠসংখ্যকেই আছিল মহামাৰীৰ সময়ত সাধাৰণ জনতাক বিভিন্ন স্থানলৈ যাত্রাৰ ক্ষেত্রত সুবিধা কৰি দিয়া কর্মচাৰী৷ অর্থাৎ বিভাগটোৰ ক’ৰোনা যোদ্ধা হিচাপে নিয়োজিত হোৱা ৭০০ কর্মীয়ে ৯টা মাহৰ ভিতৰত প্রাণ হেৰুৱাইছে৷

You might also like