নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশজুৰি প্রতিবাদী কৃষকৰ ‘শ্রদ্ধাঞ্জলি দিৱস’ পালন

নিয়মীয়া বাৰ্তা ২১ ডিচেম্বৰঃ নতুন তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীত দিল্লীৰ সীমান্তত কৃষকে সংগঠিত কৰা প্রতিবাদী কার্যসূচীয়ে আজি ২৫ দিনত ভৰি দিছে৷ প্রচণ্ড শীতক নেওচি প্রতিবাদ কৰি থকা কৃষকসকলে হুংকাৰ দিছে বিক্ষোভ অধিক জংগী কৰি তোলাৰ৷ দিল্লী আৰু উত্তৰ প্রদেশৰ মাজৰ গাজিপুৰ সীমান্ত বন্ধ কৰি দিয়াৰ হুংকাৰ দিছে কৃষকসকলে৷

ইফালে, শেহতীয়া প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰি প্রাণ হেৰুওৱা কৃষকসকলৰ প্রতি শ্রদ্ধাঞ্জলি জনাইছে আজি কৃষক সংগঠনসমূহে৷ দেশজুৰি আন্দোলনত প্রাণ হেৰুওৱা কৃষকসকলৰ প্রতি প্রার্থনা জনাই আজি ‘শ্রদ্ধাঞ্জলি দিৱস’ৰ আয়োজন কৰা হৈছে৷ দিনৰ ১১ বজাৰ পৰা ১ বজালৈ দুঘণ্টা সময় আন্দোলনত অংশগ্রহণ কৰি প্রাণ হেৰুওৱা কৃষকসকলৰ বাবে দেশজুৰি জনোৱা হৈছে প্রার্থনা৷

ইফালে, দেশৰ পথ পৰিবহণ আৰু ৰাষ্ট্রীয় ঘাইপথ দপ্তৰৰ ৰাজ্যিক মন্ত্রী ভি কে সিঙে আজি উল্লেখ কৰিছে যে বিগত ছমাহত চৰকাৰে কৰা কাম–কাজক লৈ প্রকৃত কৃষকসকল অত্যন্ত সুখী৷ বর্তমান চলি থকা কৃষকৰ প্রতিবাদ এক ৰাজনৈতিক প্রতিবাদ বুলিহে অভিহিত কৰিছে সিঙে৷

You might also like