নিয়মীয়া বাৰ্তা ২১ ডিচেম্বৰঃ ক’ভিড–১৯ মহামাৰীত দেশৰ ভিতৰতে অধিকসংখ্যক লোক আক্রান্ত হোৱা ৰাজ্য মহাৰাষ্ট্রত আগন্তুক ছমাহলৈ মাস্ক পৰিধান বাধ্যতামূলক হ’ব৷ ৰাজ্যখনৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেই আজি ঘোষণা কৰিছে এই কথা৷ মুখ্যমন্ত্রীগৰাকীয়ে উল্লেখ কৰিছে যে আৰোগ্য প্রাপ্তিতকৈ প্রতিৰোধ ব্যৱস্থা সদায় শ্রেষ্ঠ৷ গতিকে ৰাজহুৱা স্থানত আগন্তুক ছটা মাহলৈ জনসাধাৰণে মাস্ক পৰিধান কৰা অভ্যাস গঢ়ি তুলিব লাগিব৷
ছ’চিয়েল মিডিয়াযোগে জনসাধাৰণক সম্বোধি থাকৰেই উল্লেখ কৰে যে বিশেষজ্ঞসকলে ৰাজ্যখনত নৈশ সান্ধ্য আইন নাইবা পুনৰ লকডাউন প্রয়োগৰ সপক্ষত যুক্তি দর্শাই আহিছে৷ কিন্তু মুখ্যমন্ত্রীগৰাকীয়ে এই পদক্ষেপবোৰ ৰাজ্যখনত পুনৰ গ্রহণ কৰিবলৈ আগ্রহী নহয়৷
শেহতীয়াকৈ মহাৰাষ্ট্রত ক’ভিড–১৯ পৰিস্থিতি নিয়ন্ত্রণাধীন বুলি উল্লেখ কৰি মুখ্যমন্ত্রী থাকৰেই অৱশ্যে সেয়া সম্পূর্ণৰূপে প্রতিৰোধ হোৱা নাই বুলিও মন্তব্য কৰিছে৷ অক্টোবৰ আৰু নৱেম্বৰ মাহৰ পৰা মহাৰাষ্ট্রত ক’ভিডৰ সংক্রমণত নিয়ন্ত্রণ লগাবলৈ সক্ষম হৈছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগ৷