অভয়পুৰ যুৱ বাহিনীৰ উদ্যোগত স্বচ্চতা অভিযান
নিয়মীয়া বাৰ্তা ২১ ডিচেম্বৰঃ কামৰূপ জিলাৰ অন্তৰ্গত উত্তৰ গুৱাহাটী অভয়পুৰ প্ৰাথমিক বিদ্যালয়ত আজি স্বচ্চতা অভিযান চলোৱা হয়। অভয়পুৰ যুৱ বাহিনীৰ সহযোগত ভাৰতীয় জনতা পাৰ্টিৰ বেজেৰা মণ্ডল যুৱ মৰ্চাৰ সভাপতি নৃপেন নাথ, মানবেন্দ্ৰ ডেকা বেজেৰা মণ্ডল মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা অঞ্জলী বৰা মজুমদাৰ, শৰাইঘাট জিলা পৰিষদৰ সদস্য নয়নমনি বড়া আৰু অভয়পুৰ বুথ সমিতিৰ সভাপতি হৰকান্ত বড়াৰ নেতৃত্বত এই স্বচ্চতা অভিযানত অঞ্চলটোৰ যুৱক যুৱতীসকলে স্বতঃস্ফূৰ্ত ভাবে । পুৱা ৮ বজাৰ পৰা এই অভিযান জৰিয়তে বিদ্যালয়খনক চৌপাশৰ লগতে খেলপথাৰখন স্বচ্চ কৰি তোলা হয়। ভৱিষ্যতেও এনে ধৰণৰ স্বচ্চতা অভিযান প্ৰতি সপ্তাহতে চলোৱা হব বুলি আয়োজক সকলে জানিবলৈ দিছে।