নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিৰ শিৱস্থানত বিজেপিৰ কৰ্মী সভা, শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নগাঁও জিলাৰ চামগুৰিত বিজেপি দলে সাংগঠনিক দিশ সবল কৰিবলৈ চেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে ৷ চামগুৰিৰ বাজিয়াগাঁও মণ্ডল বিজেপিৰ উদ্যোগত আৰু মোৱামাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত শিৱস্থান বজাৰত কালি বিয়লি এখন বিশাল কৰ্মীসভা অনুষ্ঠিত হয় ৷বাজিয়াগাঁও মণ্ডল বিজেপিৰ সভাপতি প্ৰাণজিৎ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিশাল কৰ্মী সভাখনত ৰূপহীহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বিজেপি নেতা আব্দুল আজিজ আৰু কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া উপস্থিত থাকি দলৰ সাংগঠনিক দিশ সবল কৰিবলৈ কৰ্মীসকলক আহ্বান জনায় ৷

ৰূপহীহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বিজেপি নেতা আব্দুল আজিজ উক্ত কৰ্মী সভাখনত উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে কংগ্ৰেছ দলে সূতা-কম্বলৰ ৰাজনীতি কৰিছিল, কিন্তু বিজেপি দলে অসমৰ ৰাইজৰ উন্নতিৰ কাৰণে ৰাজনীতি কৰিছে ৷ অহা নিৰ্বাচনত কংগ্ৰেছ নেতাই টৰ্চ লাইট লৈ কংগ্ৰেছ কৰ্মীক বিচাৰি ফুৰিব লাগিব বুলি প্ৰাক্তন বিধায়ক তথা বিজেপি নেতাগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে ৷

বিজেপি নেতা মছকিবুৰ ৰহমান আৰু হবিবুৰ ৰহমানে আঁত ধৰা কৰ্মী সভাখনত প্ৰায় শতাধিক কংগ্ৰেছ আৰু আন দলৰ কৰ্মীসকলে বিজেপি দলত যোগদান কৰে ৷ ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু আৰ্দশৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত যোগদান কৰা লোকসকলক বাজিয়াগাঁও মণ্ডল বিজেপিৰ সভাপতি প্ৰাণজিৎ বৰা আৰু কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াই আদৰণি জনোৱাৰ লগতে আগন্তুক দিনক নিজৰ নিজৰ অঞ্চলত বিজেপি দলৰ সাংগঠনিক দিশ সবল কৰিবলৈ আহ্বান জনায় ৷

You might also like