নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইৰ ১নং মূৰ্কংচেলেক গাঁৱৰ যুৱকৰ ১০০ বিঘা মাটিত মাকৈ খেতিৰে সেউজ বিপ্লৱৰ সূচনা

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ ৰাজ্যখনত ভয়াৱহভাৱে বাঢ়ি থকা নিবনুৱা সমস্যাৰ মাজত ডুবি নাথাকি উন্নত কৃষিকৰ্মৰে যে স্বাৱলম্বী হ’ব পাৰে, তাৰে সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ আগবাঢ়ি আহিছে জ’নাই মহকুমা কৃষি বিভাগৰ অন্তৰ্গত নং ১ মূৰ্কংচেলেক গাঁৱৰ কেইজনমান নিৱনুৱা যুৱকে৷

জোনাই কৃষি বিভাগৰ পৰা মাকৈ বীজ সংগ্ৰহ কৰি জোনাইত মাকৈ খেতিৰে সেউজ বিপ্লৱ সূচনাৰে স্বাৱলম্বী হোৱাৰ চেষ্টা নং ১ মূৰ্কংচেলেক গাঁৱৰ কেইজনমান যুৱকৰ৷ এবিঘা বা দুবিঘা নহয় প্ৰায় ১০০ বিঘা মাটিত মাকৈ খেতিৰে আৰম্ভ কৰি এক প্ৰকাৰ সেউজ বিপ্লৱ গঢ়ি তুলিবলৈ আৰম্ভ কৰিছে ১ নং মূৰ্কংচেলেক গাঁৱৰ গিৰিণ কুম্বাং, জন কুম্বাং, ৰাজেশ পেগু, নকেশ পেগু, নৱ পেগু, লব গগৈ, বাবা কুম্বাং, আনন্দ মিলি, গোবিন্দ মিলিয়ে৷

আত্মসংস্থাপনৰ লক্ষ্য আগত ৰাখি কৃষি কৰ্মৰে মাটি আৰু মানুহৰ মাজত যাউতিযুগীয়া সম্পৰ্কক অধিক মজবুত কৰাৰ প্ৰয়াস কৰিছে এই যুৱকসকলে৷ কৃষি বিপ্লৱে গ্ৰাম্য অৰ্থনীতি তথা দেশৰ মূল অৰ্থনীতি সুস্থিৰ কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰে৷

উল্লেখ্য যে মাকৈ বীজ ৰোপণত জোনাই কৃষি বিভাগৰ জোনাই কৃষি উন্নয়ন চক্ৰৰ কৃষি উন্নয়ন বিষয়া পংকজ পুৰাণ , কৃষি সম্প্ৰসাৰণ সহায়ক সুনীল দ’লে আৰু কৰ্ণ কান্ত চেলেং উপস্থিত থাকে৷
যুৱকসকলৰ এনে প্ৰচেষ্টাক জোনাই কৃষি উন্নয়ন চক্ৰৰ কৃষি উন্নয়ন বিষয়া পংকজ পুৰাণে আদৰণি জনোৱাৰ লগতে শলাগ লোৱাৰ উপৰি জোনাই কৃষি বিভাগৰ ফালৰ পৰা পাম্পচেট আৰু কেঁচুসাৰ যোগান ধৰাৰ আশ্বাস প্ৰদান কৰে যুৱ খেতিয়কসকলক৷

You might also like