পৃথিৱীৰ প্রাণ বর্ষাৰণ্য
বর্ষাৰণ্য– এই নামটোতেই যেন পৃথিৱীৰ সমস্ত শীতলতা সোমাই আছে৷ বর্ষাৰণ্য নামটো মনলৈ আহিলে বা দৃষ্টিগোচৰ হ’লেই হূদয়খন তিয়াই যায় এক অনামী আৱেগে৷ সিৰাই সিৰাই বৈ যায় এছাটি শীতল মলয়া৷ পৃথিৱীৰ বুকুত অৰণ্যৰ আছে এক সুকীয়া পৰিচয়৷ প্রত্যেক দেশৰ প্রতিখন অৰণ্যৰে নিজা বেশ–ভূষা আৰু স্বভাৱ–লক্ষণ আছে৷ নিজা সৌন্দর্য আৰু বিচিত্রতাৰে দূৰৰ পৰা জিলিকি থাকে একোখন অৰণ্য৷ প্রতিখন অৰণ্যৰে আছে এক নিজা পৰিচয়৷ আছে নিজা সুবাস আৰু বৈশিষ্ট্য৷ অৰণ্যৰ বিচিত্রতাই সৃষ্টি কৰে ভিন্ন সত্তা৷ এই সত্তাক জৈৱ–বৈচিত্র্য বুলিও ক’ব পাৰি৷ অনুমান কৰিব পাৰি যে এই সত্তাৰ ওপৰতে নির্ভৰশীল হৈ আছে ভিন্ন প্রজাতিৰ প্রাণী আৰু উদ্ভিদ৷ আৰু সেইবাবেই বোধহয় অৰণ্যভেদে প্রাণী আৰু উদ্ভিদৰ ভিন্নতা দেখা যায়৷ আদিতে মানুহো আছিল এই অৰণ্যৰ বাসিন্দা৷ কিন্তু মানুহ তেনে প্রাণী নহয় যে ই একাদিক্রমে অৰণ্যতে থাকিব পাৰে৷ যিহেতু অৰণ্যৰ আছে নিজা আকর্ষণ আৰু চাপ৷ সাধাৰণতে মানুহৰ বাবে অনুকূল নোহোৱা এই আৰণ্যিক চাপৰ পৰা পর্যায়ক্রমে মুক্ত হৈ মানুহে মুকলি ঠাইত গাঁও পাতি জীৱন যাপন কৰাৰ অভ্যাস কৰিলে৷ মানুহৰ মাজত এই অৰণ্যৰ ধাৰাণাটো বৰ বেছি দিনৰ নহয়৷ সৌ সিদিনালৈকে মানুহে অৰণ্যক ভোগৰ সামগ্রী বুলিয়েই ভাবি আছিল৷ যাৰ পৰিণতিত অৰণ্যৰ দেহত মানুহৰ নির্বিচাৰ অত্যাচাৰ চলিল উপর্যুপৰি৷ সমান্তৰালভাৱে মানুহৰ জনসংখ্যাও বাঢ়িল আৰু অৰণ্য ধ্বংস কৰি মানুহে নিজৰ জীৱিকা উলিয়াই নিশকতীয়া কৰিলে অৰণ্য৷
অৰণ্যত আৰণ্যিক চাপ থাকে৷ আৰণ্যিক চাপ দুই প্রকাৰৰ৷ সাধাৰণ চাপ আৰু জটিল চাপ৷ এই চাপৰ মাজত প্রাণী, উদ্ভিদ আৰু বিভিন্ন কীট–প্রতংগ থাকে৷ এইবোৰ অৰণ্যৰ স্থায়ী অধিবাসী৷ তাত যেন মানুহৰ অনধিকাৰ আৰু অনুচিত বসতি৷ এই কথা ভাবিবলৈ অৰণ্যই বাধ্য কৰায় মানুহক৷ এই সম্পর্কত এতিয়া প্রয়োজনতকৈ বেছি ভাবিবলৈ লৈছে মানুহে৷ যিহেতু বহু সময়ত অৰণ্য মানুহৰ মৃত্যুৰ কাৰণো হয়৷ সেয়াই অৰণ্যৰ নিজা ক্ষমতা, যি ক্ষমতাৰ ওচৰত মানুহৰ নীতিগতভাৱেই পৰাজয় হয়৷ অৰণ্য নিমাত–নির্জন এক ভয়ংকৰ পৰিৱেশ৷ য’ত মানুহৰ উপস্থিতি নিচেই নগণ্য৷ সেয়ে হয়তো অৰণ্য ধ্বংস কৰি বসতি বৃদ্ধি কৰাটো মানুহৰ আদিম স্বভাৱ৷ অৰণ্যৰ ওপৰত মানুহে তেনেকৈয়ে বিজয় সাব্যস্ত কৰে৷ অৰণ্যৰ সাধাৰণ চাপৰ পৰা মানুহ মুক্ত হয়৷ লগে লগে অৰণ্যৰ স্বাভিমান খর্ব হয়৷ কেৱল গছ–লতা, তৃণ–তৰুৱেই অৰণ্য নহয়৷ পর্বত–পাহাৰ, নদী–জলপ্রপাত, গিৰীখাদ–হ্রদ আদি অসংখ্য জটিল চাপেৰে পৰিপূর্ণ বহু অৰণ্য৷ অসংখ্য হিংস্র জন্তু, বিষাক্ত কীট, অনিষ্টকাৰী পতংগ আৰু নানা প্রতিকূল পৰিৱেশে সুৰক্ষা দি থকা এই জটিল চাপ সঁচাকৈ বিস্ময়কৰ৷ প্রকৃতিৰ বিস্ময়কৰ সৃষ্টিৰ ওচৰত সকলো প্রাণী হৈ পৰে অতি নগণ্য৷ কিন্তু অতি সম্প্রতি ধ্বংসকাৰী যিমানবোৰ অস্ত্র আৰু যন্ত্র মানুহে সৃষ্টি কৰি ব্যৱহাৰ কৰিবলৈ লৈছে, সেইবোৰ চাই ক’ব পাৰি যে মানুহৰ ওচৰতহে প্রকৃতিৰ বিস্ময়তা নগণ্য হৈ পৰিছে৷ অতি জটিল বিস্ময়বোৰ বাদ দি আন সাধাৰণ বিস্ময়বোৰ ক্রমে মানুহৰ অধীনলৈ আহিব ধৰিছে৷ পৰিৱেশ ধ্বংস এতিয়া নিত্য সহচৰ বাতৰি৷ কোনেও চিন্তা নকৰে যে মানুহে প্রকৃতি সৃষ্টি কৰিব নোৱাৰে৷ আৰু সেই বাবেই হয়তো বনাঞ্চল সংৰক্ষণ কৰিব লগা হৈছে৷ পিছে সংৰক্ষণতো এতিয়া মানুহৰ চকু৷ বিশেষকৈ ৰজাঘৰীয়াৰ৷
এতিয়া আহোঁ বর্ষাৰণ্যৰ কথালৈ৷ বর্ষাৰণ্য হ’ল বৰষুণৰ অৰণ্য৷ বর্ষাৰণ্যক প্রাচীন অৰণ্য বুলিও ক’ব পাৰি৷ যিহেতু অৰণ্যৰো শ্রেণী আছে৷ পৃথিৱী সৃষ্টিৰ আৰম্ভৰ পৰাই যিবোৰ অৰণ্য এতিয়াও অক্ষত হৈ আছে, সেইবোৰ প্রাচীন অৰণ্য৷ এই শ্রেণীৰ অৰণ্যৰ ভিতৰত কংগো, আমাজন, বালদিভিয়ান, ডেইনট্রি, দক্ষিণ–পূব এছিয়া, টংগাছ, কিনাৱালু, চাণ্টা এলেনা আদিয়েই প্রধান৷ বিশ্বৰ সর্ববৃহৎ প্রাচীন অৰণ্য আমাজনৰ আছে ৫৫ লাখ বর্গকিলোমিটাৰ এলেকা৷ আমাজন নদী বৈ যোৱা ব্রাজিল, পেৰু, কলম্বিয়া, ভেনিজুৱালা, ইকুৱেডৰ, বলিভিয়া, গায়না, চুৰিনাম আৰু ফ্রেন্স গায়না– এই দেশকেইখনে পাইছে প্রাচীন প্রকৃতিৰ কোমল পৰশ৷ আমাজনে দিছে এক সুকীয়া পৰিচয়৷ সুউচ্চ বৃক্ষ, অগাধ অৰণ্য, জলাশয়, দলনি–পিতনি, হোলা–জান, জুৰি, জীৱ–জন্তু, কীট–পতংগ, তৃণ–তৰু আৰু এইবোৰেই হৈছে প্রাচীন অৰণ্যৰ প্রধান বৈশিষ্ট্য৷ মাজে মাজে পাহাৰ–কণ্ডৰ আৰু প্রাচীন শিলাখণ্ড৷ কঠিন বাতাৱৰণ, সেমেকা জলবায়ু৷ বর্ষাৰণ্য পৃথিৱীৰ বুকুত থকা এক প্রাণচঞ্চল অৰণ্য৷ পৃথিৱীৰ প্রায় এক তৃতীয়াংশ উদ্ভিদ, প্রাণী, তৃণ–তৰু আৰু কীট–পতংগৰ মূল আৱাস ভূমি এই বর্ষাৰণ্য৷ বর্ষাৰণ্যৰ জলবায়ু সেমেকা বা জেকা৷ সাধাৰণতে বিষুৱ ৰেখাত আৰু ইয়াৰ আশে–পাশে থকা দেশসমূহতহে বর্ষাৰণ্যৰ স্থিতি দেখা যায়৷ এইবোৰ অঞ্চলত প্রাকৃতিক বাতাৱৰণ কোনোকালে পৰিৱর্তন নহয়৷ সেয়ে বর্ষাৰণ্যৰ উল্লেখযোগ্য বৈশিষ্ট্য হ’ল– ইয়াৰ অপৰিৱর্তনীয় পৰিৱেশ৷ অর্থাৎ বর্ষাৰণ্যৰ আছে এক নিগাজি ঠিকনা৷ পৃথিৱীৰ বুকুত আৰু এবিধ বর্ষাৰণ্য আছে আৰু সেইবিধ হৈছে সাধাৰণ বর্ষাৰণ্য৷ মধ্য আমেৰিকাৰ মেক্সিকোত থকাchiapas rainforest এইবিধ বর্ষাৰণ্যৰে অংশ৷ ইয়াৰ বাহিৰেও মাডাগাস্কাৰ আৰু সুন্দৰবন এই শ্রেণী বর্ষাৰণ্যৰ অন্তর্ভুক্ত৷
বর্ষাৰণ্য নামটোত সংলগ্ণ হৈ আছে এক অদ্ভুত শীতলতা৷ যি শীতলতাত সোমাই থাকে প্রাচীন অনুভূতি আৰু অৰণ্য প্রেম৷ অৰণ্যই আমাৰ উশাহ আৰু প্রেম৷ অৰণ্যই ঘৰ আৰু খাদ্য৷ সেয়ে অৰণ্যক সুৱদিসুৰীয়া নাম দি ইয়াৰ গুৰুত্ব বঢ়াই তোলাটো আমাৰ কর্তব্য৷ অৰণ্য বুলিলে কেৱল গছ–লতা, তৃণ–তৰুকে নুবুজায়৷ শিল–বালি, পর্বত–পাহাৰ আৰু নদ–নদীও অৰণ্যৰ উপাদান৷ এই সকলোবোৰক লৈহে সৃষ্টি হৈছে অৰণ্য৷ অৰণ্যই সৃষ্টি কৰিছে পৰিৱেশ আৰু পাৰিপার্শ্বিকতা৷ অৰণ্যৰ পৰশতে গঢ় লৈ উঠে জলবায়ু আৰু জলবায়ুৰ ভিন্নতা৷ বিচিত্র প্রকৃতি আৰু বিভিন্ন উষ্ণতাও সৃষ্টি হয় এই অৰণ্যৰ প্রভাৱতে৷ আমাৰ স্বাস্থ্য আৰু মনৰ ওপৰতো প্রভাৱ বিস্তাৰ কৰে অৰণ্যই৷ বিষুৱ ৰেখাৰ ১০ ডিগ্রী উত্তৰ আৰু দক্ষিণ দিশ ব্যাপী যিবোৰ অৰণ্য আছে, সেইবোৰেই হৈছে বর্ষাৰণ্য৷ সেইবোৰ অঞ্চলত সূর্যৰ পোহৰ লম্ব বা পোন হৈ পৰে৷ সেইবাবেই হয়তো বৃক্ষ আৰু তৃণ–তৰুৰ দেহৰ বাঢ়ন দীর্ঘদেহী হয়৷ ইয়াৰ উপৰি আনবোৰ অৰণ্যতকৈ বর্ষাৰণ্যত উদ্ভিদৰ বাঢ়ন প্রক্রিয়া অতি খৰতকীয়া৷ বর্ষাৰণ্যত উদ্ভিদৰ জীৱনকাল আনবোৰ অৰণ্যতকৈ কম৷ কিন্তু প্রজাতি বিস্তাৰণ আৰু সংৰক্ষণৰ ক্ষমতা অধিক৷ অতি ওখ আৰু গগনচুম্বী বৃক্ষ থকাৰ বাবে বর্ষাৰণ্যৰ বুকু সেমেকা হয়৷ বর্ষাৰণ্যত সেয়ে অধিকসংখ্যক শেলুৱৈ আৰু কাঠফুলা প্রজাতিয়ে সদম্ভে বংশ বিস্তাৰণ কৰে৷ শেলুৱৈ আৰু কাঠফুলাই অধিক পানী ধাৰণ কৰি অৰণ্য অঞ্চল অতি সেমেকা কৰি ৰাখে৷ ফল স্বৰূপে অতিপাত ৰ’দত বর্ষাৰণ্যৰ ভাপ ওপৰলৈ উঠে আৰু সুউচ্চ গছৰ পাতত লাগি পানী হৈ পুনৰ তললৈ পৰে৷ মেঘৰ বৰষুণ নহ’লেও বর্ষাৰণ্যত সদায়েই হিম বৰষুণ হয়৷ বর্ষাৰণ্যত শেলুৱৈ আৰু কাঠফুলাৰ প্রজাতি যি হাৰত পোৱা যায়, আনবোৰ অঞ্চলত সিমানকৈ পোৱা নাযায়৷ বোধহয় সেমেকা হোৱাৰ বাবেহে শেলুৱৈ–কাঠফুলা হয়যেন পাওঁ৷
বর্ষাৰণ্য হৈছে অনাগত দিনত জৈৱ–বৈচিত্র্য সংৰক্ষণৰ একমাত্র ভৰসা৷ জনসংখ্যা বাঢ়ি অহাৰ লগে লগে আৱাসিক অঞ্চল বাঢ়িছে আৰু বাঢ়িছে ঔদ্যোগিক এলেকা৷ কেৱল সেয়াই নহয়৷ জনসংখ্যা অনুপাতে খাদ্যশস্য বঢ়াবৰ বাবে ভূমিৰ ওপৰত অত্যধিক হেঁচা প্রয়োগ কৰা হৈছে৷ বহু তৰপীয়া কৃষি, কৃত্রিম সাৰ আৰু যন্ত্রৰ ব্যৱহাৰে মাটিৰ মৌলিক গুণ আৰু অবিনশ্বৰ ক্ষমতা ধ্বংস কৰিছে৷ এই কামত সকলো দেশৰ চৰকাৰেও হাত উজান দিছে৷ যাৰ বাবে প্রকৃতিয়ে নানা প্রত্যাহ্বান নীৰৱে সহ্য কৰিবলৈ বাধ্য হৈছে৷ ভৱিষ্যৎ পৃথিৱীৰ বাবে ই চিন্তনীয় বিষয়৷ তথাপিও বর্ষাৰণ্য আৰু আন বনাঞ্চলবোৰ জীয়াই থকালৈকে পৃথিৱীৰ বৃহৎ ক্ষতি নহ’ব বুলি ভাবিব পাৰি৷ যিহেতু এই অৰণ্যবোৰতে জীয়াই থাকিব জৈৱ–বৈচিত্র্যৰ বিশাল ভাণ্ডাৰ৷ ভৱিষ্যতৰ প্রজন্মই নতুন প্রযুক্তিৰ জৰিয়তে সেই অঞ্চলবোৰৰ পৰা জৈৱ–বৈচিত্র্যৰ উপকৰণ সংগ্রহ কৰি ধ্বংস হোৱা কৃষিভূমিৰ উর্বৰতা পূৰাব পাৰিব৷ খাদ্যশস্যৰ বিভিন্ন স্বাদ আৰু সুগন্ধিৰ মূলতে আছে এই জৈৱ–বৈচিত্র্য৷ যিয়ে নেকি আমাৰ বাবে প্রয়োজন হোৱা পুষ্টি আৰু সেৱনযোগ্য বায়ু সৃষ্টি কৰে৷ এই কথাৰ পৰাই অনুমান কৰিব পাৰি যে বর্ষাৰণ্য আৰু অন্যান্য বনাঞ্চলৰ গুৰুত্ব কিমান৷ বর্ষাৰণ্য কেৱল পৃথিৱীৰ প্রাণেই নহয়, ই আমাৰো প্রাণ৷ পৃথিৱীত বর্ষাৰণ্য নথকা হ’লে হয়তো মেঘ আৰু বায়ু সৃষ্টি নহ’লহেঁতেন বুলিয়েই ক’ব পাৰি৷
এতিয়া আহোঁ বর্ষাৰণ্যৰ আন এক প্রসংগলৈ৷ এই প্রসংগটো হৈছে বর্ষাৰণ্যৰ প্রাণী৷ বর্ষাৰণ্যৰ প্রাণী আৰু আন সাধাৰণ অৰণ্যৰ প্রাণীৰ মাজত বহু পার্থক্য আছে৷ বর্ষাৰণ্য হৈছে কঠিন অৰণ্য৷ কঠিন অৰণ্যত বাস কৰা প্রাণীৰ বৈশিষ্ট্য আনবোৰ অৰণ্যত বাস কৰা প্রাণীতকৈ কিছু পৃথক৷ প্রাণৰ বৈশিষ্ট্য বুলিলে ইয়াৰ দেহৰ গঠন, চাল–চলন, আহাৰ–আচৰণক সামৰি ল’ব পাৰি৷ ইতিমধ্যে উল্লেখ কৰা হৈছে যে বর্ষাৰণ্য অতি কঠিন বাতাৱৰণৰ অৰণ্য৷ এনে অৰণ্যত বাস কৰা সকলো প্রাণীয়ে খোজে প্রতি বিভিন্ন প্রত্যাহ্বানৰ মুখামুখি হ’ব লগা হয়৷ যিকোনো মুহূর্ততে প্রত্যেকেই প্রত্যেকৰ হাতত চিকাৰ হ’ব লগা হয়৷ সেয়ে অতি ভয়ংকৰ হৈ উঠে প্রতিটো প্রাণীৰ আচৰণ৷ অসমৰ দিহিং–পাটকাই বর্ষাৰণ্য হয়নে নহয় নাজানো৷ হয়তো এই সম্পর্কত অধিক অধ্যয়ন হ’লে কিবা জানিব পৰা হ’ব৷ মই দিহিং–পাটকাইলৈ গৈছোঁ৷ কিন্তু ডাঙৰ ডাঙৰ বর্ষাৰণ্যলৈ যোৱা নাই৷ তথাপিও বর্ষাৰণ্যৰ প্রাণী বিৱৰণ পঢ়ি কিছু ধাৰণা কৰিব পাৰি যে বর্ষাৰণ্যৰ প্রাণী সঁচাকৈ নিজা বিশিষ্টতা, মহিমা আৰু গৰিমাৰে মণ্ডিত প্রাণী৷ বর্ষাৰণ্যত মাংসভোজী প্রাণীৰ সংখ্যা আৰু প্রজাতি তৃণভোজীতকৈ কম৷ অর্থাৎ বর্ষাৰণ্যত তৃণভোজী প্রাণীৰ সংখ্যাই বেছি৷ বর্ষাৰণ্যত পৃথিৱীৰ ভিতৰতে অসংখ্য কীট–পতংগ পোৱা যায়৷ কিন্তু চৰাইৰ প্রজাতি কম৷ চুটি–চাপৰ জোপোহানিত অথবা গছ–লতাৰ নিম্নাংশত বাস কৰা চৰাইৰ প্রজাতি বর্ষাৰণ্যত নাথাকে৷ যিহেতু বিভিন্ন সৰীসৃপ প্রাণীয়ে চৰাই আৰু আন সৰু সৰু জীৱ ভক্ষণ কৰি অৰণ্যত আতংকৰ সৃষ্টি কৰে৷ আৰু সেইবাবেই বর্ষাৰণ্যত চৰাই আৰু সৰু সৰু জীৱৰ বসতি কম৷ কিন্তু যিবোৰ চৰাই অথবা প্রাণী ওখ গছৰ একেবাৰে টিঙনিত আশ্রয় ল’ব পাৰে, সেইবোৰেহে বর্ষাৰণ্যত বসবাস কৰিব পাৰে৷ ইয়াত থকা প্রাণীয়েই হওক বা উদ্ভিদেই হওক, সকলোৱে কেৱল কঠিন সংগ্রামৰ মাজেৰেহে জীয়াই থাকিব পাৰে৷ বর্ষাৰণ্যৰ প্রাণীয়ে নিজৰ সুৰক্ষাৰ স্বার্থতে অতি কমকৈ মাতে৷ অর্থাৎ বৰকৈ হুলস্থূল কৰি নাথাকে৷ কেৱল সন্তর্পণে খাদ্য অন্বেষণ কৰে৷
বর্ষাৰণ্যত কোন মুহূর্তত কোনে, কাক গ্রাস কৰে, তাৰ কোনো নিশ্চয়তা নাই৷ একো একোজোপা গছক আন কোনো আগ্রাসী গছে নিজৰ আয়ত্তলৈ আনি অতি কম দিনৰ ভিতৰতে তাৰ প্রজাতি নিঃশেষ কৰি দিব পাৰে৷ আৰু বর্ষাৰণ্যত এইবোৰ হৈয়েই থাকে৷ বিশেষকৈ লতা আৰু তৃণৰ বাবে এনে প্রত্যাহ্বান অধিক৷ নেচনেল জি’গ্রাফীয়ে প্রচাৰ কৰা এটা অনুষ্ঠানত এবাৰ মই এই অৱস্থাটো দেখিছিলোঁ৷ কেইজনমান গৱেষকক এজন থলুৱা লোকে কৈছিল– এই লতাডাল চাওক, আপুনি হয়তো ভাবিছে ইয়াত কেৱল এই প্রজাতিৰ লতাহে আছে৷ লতাডাল লুটিয়াই লুটিয়াই তাৰ তলত আৰু তিনি–চাৰিবিধ লতাৰ প্রজাতি তেওঁ উলিয়াই দেখুৱাই ক’লে– এয়া বর্ষাৰণ্যৰ উদ্ভিদৰ আচৰণ আৰু বৈশিষ্ট্য৷ দেখাত যিমান উদ্ভিদ আছে, নেদেখাকৈও তাৰ সমপৰিমাণৰ উদ্ভিদ বর্ষাৰণ্যত থাকে৷ ইয়াৰ পৰাই বুজিব পাৰি যে বর্ষাৰণ্য কিমান জটিল অৰণ্য৷ বর্ষাৰণ্যৰ প্রাণী আৰু কীট–পতংগৰ ক্ষেত্রতো সেই একেই প্রত্যাহ্বান আৰু সমস্যা দেখা পোৱা যায়৷ চকুৰে দেখাত যিমানবোৰ প্রাণী বর্ষাৰণ্যত আছে, কেৱল আত্মৰক্ষাৰ স্বার্থতে তাৰ সমপৰিমাণৰ প্রাণী লুকাই থাকে৷ জীৱনজোৰা ভয় আৰু শংকাত থাকিব লগা হোৱাৰ বাবে বর্ষাৰণ্যৰ প্রাণী আৰু উদ্ভিদৰ ধাতু পাতল হয়৷ বহুবোৰ প্রাণী আৰু উদ্ভিদ প্রত্যাহ্বান গ্রহণ কৰিব নোৱাৰি ইতিমধ্যে নিঃশেষ হৈ পৰিছে৷
তথাপিও এই বর্ষাৰণ্য নামটোতে পৃথিৱীৰ সমস্ত শীতলতা সোমাই আছে৷ বিশ্বৰ চৌদিশে ক্রমাৎ উষ্ণতা বৃদ্ধি হৈ আহিছে যদিও অৱশিষ্ট বর্ষাৰণ্যসমূহে আমাৰ পৃথিৱীখন শীতল কৰি ৰাখিছে বুলি ক’ব পাৰি৷ যিহেতু পৃথিৱীৰ মুঠ ভূভাগৰ প্রায় দুই শতাংশ ঠাই বর্ষাৰণ্যই আৱৰি আছে আৰু পৃথিৱীৰ বুকুত থকা ৫০ শতাংশ প্রাণী আৰু উদ্ভিদৰ ঘৰ হৈ বর্ষাৰণ্যই সিবিলাকক আশ্রয় দি আছে৷ মেঘ আৰু বৰষুণৰ লগত বর্ষাৰণ্যৰ আছে এক দৈহিক আকর্ষণ৷ বর্ষাৰণ্যৰ মৰমতে যেন হুৰহুৰাই বৰষুণ হয়৷ অথবা মেঘৰ মৰমতে হয়তো জীয়াই আছে বর্ষাৰণ্য৷ চিন্তা কৰি চালে ঠিক তেনে ভাবেই মনলৈ আহে৷ পৃথিৱীৰ বুকুত বর্ষাৰণ্যৰ পৰিমাণ নিচেই নগণ্য হ’লেও পৃথিৱীৰ প্রাণ হৈ জিলিকি আছে এই বর্ষাৰণ্য৷ বর্ষাৰণ্যবোৰ নথকা হ’লে পৰিৱেশ আৰু পাৰিপার্শ্বিকতাৰ প্রতি চৰম ভাবুকি আহিলেহেঁতেন৷ আমাৰ কাষত হয়তো বর্ষাৰণ্য নাই৷ কিন্তু আমি নজনাকৈয়ে দূৰৰ পৰাই এই বর্ষাৰণ্যসমূহে এজন দায়িত্বশীল অভিভাৱকৰ দৰে সকলোকে সুৰক্ষা দি আছে৷ গতিকে বর্ষাৰণ্যবোৰ হৈছে পৃথিৱীৰ প্রাণ…৷
অৱসৰপ্রাপ্ত অধ্যাপক, অর্থনীতি বিভাগ
এল টি কে কলেজ, উত্তৰ লখিমপুৰ, অসম
ফোন ঃ ৯৯৫৪৩–৯১৪৩৪