কাজিৰঙাত হাতী চাফাৰী বাংলাদেশ সীমা সুৰক্ষা বাহিনীৰ
নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী চাফাৰী বাংলাদেশ সীমা সুৰক্ষা বাহিনীৰ। বাহিনীটোৰ সঞ্চালক প্ৰধানৰ এটা দল কাজিৰঙা ভ্ৰমণৰ বাবে আহে। বাংলাদেশৰ লগত চলি থকা বহুদিনীয়া সীমা সমস্যাকে ধৰি বিভিন্ন সমস্যা সমাধানৰ বাবে অসমলৈ আহিছে এটা প্ৰতিনিধি দল। এই প্ৰতিনিধি দলটোৰ লগতে আহিছে সীমা সুৰক্ষা বাহিনীৰ দলটো।
অসমৰ সীমা সুৰক্ষা বাহিনী আৰু বাংলাদেশ সীমা সুৰক্ষা বাহিনীৰ এট দল কাজিৰঙাত এক বৈঠকত মিলিত হৈছে। ইয়াৰ পাছতে অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসকলৰ উপস্থিতিত হাতী চাফাৰী কৰে ২৪জনীয়া দলটোৱে। আনহাতে কাজিৰঙাৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰি আনন্দিত দলটো।