নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাশ্মীৰত শ্বহীদ অসমৰ চিআৰপিএফ জোৱান

নিয়মীয়া বাৰ্তা ২৫ ডিচেম্বৰঃ দেশৰ হকে প্রাণ বিসর্জন দিলে আৰু এজন অসম সন্তানে৷ চেণ্ড্রেল কাশ্মীৰ জিলাৰ অন্তর্গত তথা শ্রীনগৰৰ সমীপৱর্তী গান্দেৰৱলত কালি সন্ত্রাসবাদীৰ গ্রেনেড বিস্ফোৰণত গুৰুতৰভাৱে আহত ধেমাজি জিলাৰ চিচিবৰগাঁৱৰ ২৭ বছৰীয়া চি আৰ পি এফৰ জোৱান মৃত্যুঞ্জয় চুতীয়াই আজি চিকিৎসাধীন অৱস্থাত মৃত্যুক সাবটি লয়৷ সৌৰাস্থিত এছ কে ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সেছত বীৰ সেনানীজনে শেষ নিশ্বাস ত্যাগ কৰাৰ কথা চি আৰ পি এফে অফিচিয়েল টুইটাৰযোগে নিশ্চিত কৰিছে৷ উল্লেখ্য যে চিচিবৰগাঁৱৰ চৌখামটিং গাঁৱৰ ছবিলাল চুতীয়া আৰু চন্দিকা চুতীয়াৰ কনিষ্ঠ পুত্র মৃত্যুঞ্জয় চুতীয়াই চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত অধ্যয়ন কৰাৰ পাছত মৰিধল মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্রী লাভ কৰাৰ পাছত ২০১৭ চনৰ মার্চ মাহত চি আৰ পি এফত যোগদান কৰিছিল৷ শেহতীয়াকৈ তেওঁ কর্মৰত আছিল চি আৰ পি এফৰ ১১৫নং বেটেলিয়নত৷ কালি সন্ধিয়া প্রায় ৫ বজাত সন্ত্রাসবাদীয়ে গান্দেৰৱলৰ টৌহিদ চ’ক দদাৰহামাস্থিত চি আৰ পি এফৰ বাংকাৰত সন্ত্রাসবাদীয়ে সংঘটিত কৰা এক গ্রেনেড আক্রমণত অন্য দুজন সতীর্থৰ সৈতে গুৰুতৰভাৱে আহত হৈছিল মৃত্যুঞ্জয় চুতীয়াও৷ তাৎক্ষণিকভাৱে তিনিওকে স্থানীয় চিকিৎসালয়ত ভর্তি কৰোৱাৰ পাছত উন্নত চিকিৎসাৰ বাবে সৌৰাস্থিত এছ কে ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সেছলৈ প্রেৰণ কৰা হয়৷ মৃত্যুঞ্জয় চুতীয়া সন্ত্রাসবাদীৰ গ্রেনেড আক্রমণত গুৰুতৰভাৱে আহত হোৱাৰ খবৰ কালিয়েই আহিছিল চিচিবৰগাঁৱৰ নিজ ঘৰখনলৈ৷ ইয়াৰ পাছতে চিচিবৰগাঁও অঞ্চলৰ ঘৰে ঘৰে বীৰ সেনানীজনৰ আশু আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত প্রার্থনা জনোৱা হৈছিল৷ কিন্তু ২৪ ঘণ্টা মৃত্যুৰ সৈতে যুঁজি নিয়তিৰ ওচৰত তেওঁ হাৰ মানিলে৷ বীৰ জোৱানজনৰ মৃত্যুৰ খবৰ আজি সন্ধিয়াৰ ভাগত বিয়পি পৰাৰ পাছতে ধেমাজি জিলাৰ লগতে সমগ্র ৰাজ্যতে শোকৰ ছাঁ পৰে৷ অত্যন্ত নম্র আৰু মৃদুভাষী মৃত্যুঞ্জয় চুতীয়াৰ মৃত্যুৰ খবৰ চিচিবৰবাসীয়ে যেন সহজভাৱে ল’ব পৰা নাই৷ উল্লেখ্য যে পিতৃ–মাতৃ আৰু ককায়েক–জ্যেষ্ঠ ভগ্ণীৰে মৃত্যুঞ্জয় চুতীয়াৰ পৰিয়ালটো আছিল ৫জনীয়া৷ বীৰ শ্বহীদজনৰ ককায়েকো সম্প্রতি চি আৰ পি এফতেই কর্মৰত৷

You might also like