ক’ভিড–১৯ প্রট’কলঃ বর্ষসমাপ্তি অনুষ্ঠান আয়োজনত নতুন নির্দেশনা
নিয়মীয়া বাৰ্তা ২৫ ডিচেম্বৰঃ বছৰৰ শেষ সময়ত আয়োজন কৰা বিভিন্ন আমোদ–প্রমোদৰ অনুষ্ঠানৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰিছে ৰাজ্য চৰকাৰে৷ ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই ক’ভিড–১৯ প্রট’কল অনুসৰি ক’ৰোনা সংক্রমণ ৰোধৰ বাবে এনে অনুষ্ঠান আয়োজনৰ ক্ষেত্রত গাইডলাইন জাৰি কৰিছে৷ সেই অনুসৰি বর্ষান্তৰ কোনো অনুষ্ঠানতে ৫০জনতকৈ অধিক লোক সমৱেত হ’ব নোৱাৰিব৷ এনে অনুষ্ঠানসমূহত সামাজিক দূৰত্ব মানি চলাৰ উপৰি মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে৷ আনহাতে, যিকোনো অনুষ্ঠান আয়োজন কৰা স্থানৰ সক্ষমতা অনুসৰি ৫০ শতাংশতকৈ অধিক লোক গোট খোৱাৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ আনহাতে, ধর্মীয় অনুষ্ঠানসমূহৰ ক্ষেত্রত ঘৰুৱাভাৱে এনে অনুষ্ঠানৰ আয়োজন কৰিবলৈ নির্দেশটোত কোৱা হৈছে আৰু এনে অনুষ্ঠান যদি ৰাজহুৱা স্থানত আয়োজন কৰা হয়, তেন্তে ক’ভিড প্রট’কল মানি চলাটো বাধ্যতামূলক হ’ব৷ এনে অনুষ্ঠানত ছেনিটাইজাৰ ৰখাটো বাধ্যতামূলক৷ জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকসকলে এই সমগ্র বিষয়টো কঠোৰভাৱে নিৰীক্ষণত ৰাখিবলৈ নির্দেশটোত কোৱা হৈছে৷ ইফালে যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত ৯৫জন লোক নতুনকৈ ক’ভিড–১৯ত আক্রান্ত হোৱা বুলি স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে প্রকাশ কৰিছে৷