সমাজকর্মী মিনতি বৰঠাকুৰক সতী সাধনী বঁটা প্রদান মুখ্যমন্ত্রীৰ
নিজে কর্কট ৰোগী হৈও ২৭ বছৰে কর্কট ৰোগীলৈ বিনামূলীয়া সেৱা
নিয়মীয়া বাৰ্তা ২৫ ডিচেম্বৰঃ বীৰাংগনা সতী সাধনী হৈছে এনে এগৰাকী মহীয়সী নাৰী, যিগৰাকী কেৱল নাৰী জাতিৰ বাবেই নহয়, সমগ্র সমাজৰ বাবেই সাহস আৰু প্রেৰণাৰ এক মূর্তমান প্রতীক৷ সতী সাধনীৰ জীৱন হৈছে নিঃস্বার্থ দেশপ্রেম আৰু ত্যাগৰ অপূর্ব নিদর্শন৷ চুতীয়া ৰাজ্যৰ ৰাণী বীৰাংগনা সতী সাধনীৰ দেশপ্রেম আৰু মহত্ত্বৰ কথা ইতিহাসৰ পাতত যুগমীয়া হৈ থাকিব৷’ –আজি ঢ়কুৱাখনাত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত, লখিমপুৰ জিলা প্রশাসন আৰু সদৌ চুতীয়া জাতি সন্মিলন, অসম, ভাতৃ–ভগ্ণী সংগঠনসমূহৰ যৌথ সহযোগত আৰু ঢ়কুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ আতিথ্যত ঢ়কুৱাখনা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত ২০২০ বর্ষৰ ‘বীৰাংগনা সতী সাধনী বঁটা’ প্রদান অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ লৈ এনেদৰে মন্তব্য আগবঢ়ায় মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ মুখ্যমন্ত্রীগৰাকীয়ে চাওলুং চুকাফাৰ একতাৰ নীতিৰে আগবাঢ়িবলৈ সকলোলৈ আহ্বান জনায়৷ ৰাজ্য চৰকাৰে অসমৰ সকলো জাতীয় বীৰ–বীৰাংগনাক শ্রদ্ধা আৰু আন্তৰিকতাৰে স্মৰণ কৰাৰ উদ্দেশ্যে এই দিৱসসমূহ উদ্যাপনৰ ব্যৱস্থা কৰা হৈছে বুলিও মুখ্যমন্ত্রীগৰাকীয়ে লগতে মন্তব্য প্রকাশ কৰে৷ সাহস, ত্যাগ আৰু বীৰত্বৰ প্রতীক এইগৰাকী মহীয়সী নাৰীৰ নামেৰে ৰাজ্য চৰকাৰে প্রৱর্তন কৰা ‘সতী সাধনী বঁটা’ সমাজকর্মী–শিক্ষাবিদ্ মিনতি বৰঠাকুৰক প্রদান কৰি সাহসী মহিলাগৰাকীৰ ত্যাগৰ মান্যতা প্রদান কৰাৰ লগতে স্বীকৃতিও প্রদান কৰা হৈছে বুলি ভাষণত উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে লগতে কয়– বিগত ২৭ বছৰ ধৰি তেওঁ কেৱল নিজেই কর্কট ৰোগৰ সৈতে যুঁজি অহাই নহয়, সমগ্র উত্তৰ–পূর্বাঞ্চলৰ কর্কট ৰোগীসকলৰ বাবে বিনামূলীয়া সেৱা আগবঢ়াই আহিছে৷ কর্কট ৰোগীসকলৰ মনত থকা ভয় আঁতৰ কৰিবলৈ সক্ষম হোৱা বৰঠাকুৰ ধৈর্য, মনোবল আৰু একাগ্রতাৰ প্রতীক৷ এই বঁটাত আছে ২ লাখ টকাৰ চেক, প্রশস্তি–পত্র, শৰাই, চেলেং আৰু গামোচা৷
আনহাতে, ৰাজ্য চৰকাৰে আগবঢ়োৱা সতী সাধনী বঁটা গ্রহণ কৰি কটন কলেজৰ দর্শন বিভাগৰ অৱসৰপ্রাপ্ত মুৰব্বী অধ্যাপক মিনতি বৰঠাকুৰে কয় যে সমাজৰ দৰিদ্র শ্রেণীৰ কর্কট ৰোগীৰ বাবে তেওঁ যি সংগ্রাম কৰি গৈছে, সেই সংগ্রাম আগবঢ়াই লৈ যাব৷ ৰাজ্য চৰকাৰে তেওঁক ‘সতী সাধনী বঁটা’ প্রদান কৰে আৰু অধিক কাম কৰি যাবলৈ প্রেৰণা দিয়ে বুলি উল্লেখ কৰে৷ অনুষ্ঠানত নির্দিষ্ট বক্তা ৰূপে ভাষণ প্রদান কৰি ডিব্রুগড বিশ্ববিদ্যালয়ৰ সমাজ তত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক ড০ জ্যোতিপ্রসাদ শইকীয়াই এক বৌদ্ধিক আন্দোলনৰ পোষকতা কৰি বৌদ্ধিক উত্তেজনাৰ সৃষ্টিৰ জৰিয়তেহে এখন সুন্দৰ সমাজ নির্মাণ হ’ব বুলি মন্তব্য কৰে৷ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সঞ্চালক যাদৱ শইকীয়াই আদৰণী ভাষণ প্রদান কৰা অনুষ্ঠানত সন্মানীয় অতিথি ৰূপে উপস্থিত থাকি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা দপ্তৰৰ মন্ত্রী তথা স্থানীয় বিধায়ক নৱ কুমাৰ দলেই বীৰাংগনাগৰাকীলৈ শ্রদ্ধা জ্ঞাপন কৰাৰ লগতে তেওঁ সাহস আৰু ত্যাগৰ প্রতীক বুলি অভিহিত কৰে৷ কৃষিমন্ত্রী অতুল বৰা আৰু সাংসদ প্রদান বৰুৱায়ো ভাষণ প্রদান কৰে৷ সভাত মাধ্যমিক শিক্ষা পৰিষদৰ অৱসৰপ্রাপ্ত সচিব বোপাৰাম ভাজনীৰ লগতে ঢ়কুৱাখনাৰ সমাজ জীৱনলৈ বৰঙণি আগবঢ়োৱা বিভিন্ন ক্ষেত্রৰ আন ৫গৰাকীকৈ ব্যক্তি হেম বৰুৱা, সোণেপো চুতীয়া, বগামল চুতীয়া, নোমল চুতীয়া আৰু কুলনাথ ভৰালীক ৰাজহুৱাভাৱে সম্বর্ধনা জনোৱা হয়৷বঁটা প্রদান অনুষ্ঠান উপলক্ষে মৃদুল শইকীয়াৰ দ্বাৰা সম্পাদিত ‘বীৰাংগনা সাধনী’ শীর্ষক স্মৃতিগ্রন্থখন উন্মোচন কৰা হয়৷ অনুষ্ঠানত আমন্ত্রিত অতিথি হিচাপে বিধায়ক ভুবন পেগু, ৰণোজ পেগু, বিমল বৰা, বিধায়িকা আঙুৰলতা ডেকা, সদৌ চুতীয়া জাতি সন্মিলন, অসমৰ সভাপতি অমিয় কুমাৰ বৰা, সাধাৰণ সম্পাদক হৰেন চুতীয়া, কৃষ্ণকমল বৰুৱা, পৱন চুতীয়া, মহিলা সন্মিলনৰ সভানেত্রী জয়া বৰুৱা, সম্পাদিকা অপর্ণা চুতীয়া, সদৌ চুতীয়া জাতি ছাত্র সন্থাৰ সভাপতি ক্ষীৰোদ শইকীয়া, সাধাৰণ সম্পাদক মহেন শইকীয়াৰ উপৰি চুতীয়া জাতিৰ বিভিন্ন সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত আছিল৷
পুৱা জাতীয় ধ্বজা উত্তোলন কৰে সদৌ চুতীয়া জাতি সন্মিলন, অসমৰ সভাপতি অমিয় কুমাৰ বৰাই৷বীৰাংগনা সতী সাধনীৰ প্রতিমূর্তিত মাল্যার্পণ আৰু স্মৃতি তর্পণ কার্যসূচী মুকলি কৰে সদৌ চুতীয়া জাতি সন্মিলন, অসমৰ কার্যকৰী সভাপতি ড০ সর্বেশ্বৰ চুতীয়াই৷ পুৱা ১০ বজাত বাৰেৰহণীয়া লোক–সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে জনপ্রিয় অভিনেত্রী তথা বিধায়িকা আঙুৰলতা ডেকাই৷ অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় লখিমপুৰ জিলাৰ উপায়ুক্ত ডাঃ জীৱন বিয়ে৷ মুখ্যমন্ত্রী সোণোৱালে আজি ঢ়কুৱাখনাৰ দুটা কার্যসূচীত অংশগ্রহণ কৰে৷ নির্ধাৰিত সময়তকৈ কিছু পলমকৈ ঢ়কুৱাখনাৰ বেবেজীয়া চাৰিআলিত উপস্থিত হৈ বর্ষামুখৰ পৰা মাজুলী সংযোগী পথ নির্মাণৰ শুভাৰম্ভ কৰে৷ ইয়াৰ পাছতেই ঐতিহ্যমণ্ডিত শ্রীশ্রীবাসুদেৱ থান নৰোৱা সত্রৰ মূল তোৰণ মুকলি কৰি বাসুদেৱ থানত আশীর্বাদ লয়৷ ইফালে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে প্রায় দুই কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰা ঢ়কুৱাখনা ৰাজহুৱা ভৱন আৰু প্রেক্ষাগৃহৰ শুভ উদ্বোধন কৰাৰ লগতে পূব ঢ়কুৱাখনা গাঁও পঞ্চায়তত প্রায় ১ কোটি টকা ব্যয়েৰে নির্মাণ হ’বলগীয়া কৃষি সেৱা আৰু প্রস্তুতকৰণ কেন্দ্রৰ নির্মাণকার্য আৰু ৭ কোটি ৭ লাখ টকাৰে নির্মাণ হ’বলগীয়া ঢ়কুৱাখনা ৰাজহুৱা খেলপথাৰৰ পকী গেলাৰী আৰু ড্রেছিং ৰুমৰ আধাৰশিলা স্থাপন কৰে৷