আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বর্মা ক্ষেত্রত চাৰিখন অভিলাষী আঁচনিৰ শুভাৰম্ভ অমিত শ্বাহৰ
নিয়মীয়া বার্তা, ২৭ ডিচেম্বৰঃ অসমীয়া কৃষ্টি–সংস্কৃতি আৰু জগতগুৰু মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে গঢ়ি যোৱা ভাষা–সংস্কৃতিয়ে অসম তথা অসমীয়াক সমগ্র ভাৰতৰ সৈতে পৰিচয় কৰাই দিলে৷ –কালি কামৰূপ জিলাৰ আমিনগাঁৱত কুমাৰ ভাস্কৰ বর্মা ক্ষেত্রত মহাপুৰুষ শংকৰদেৱৰ আদর্শৰ বিষয়ে উল্লেখ কৰি এই মন্তব্য কৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷
ৰাজ্য চৰকাৰৰ চাৰিখনকৈ গুৰুত্বপূর্ণ আঁচনিৰ শুভাৰম্ভ কৰাৰ উদ্দেশ্যে তিনিদিনীয়া কার্যসূচীৰে গুৱাহাটীত উপস্থিত হোৱা কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কয়– এই অসম ভূমি মহান পৰম্পৰাৰ ভূমি৷ ভাষা–সাহিত্য–সংস্কৃত্ ধৰি বহু বৈচিত্র্যৰে পৰিপূর্ণ৷ অসমৰ সংস্কৃতি কেৱল ৰাজ্যখনৰেই সংস্কৃতি নহয়, ই সমগ্র দেশৰ সংস্কৃতিৰ প্রতীকস্বৰূপ৷ অসমীয়া জাতীয় জীৱনৰ মাইলৰ খুঁটি হিচাপে পৰিগণিত হোৱা চাৰিখনকৈ অভিলাষী আঁচনিৰ শুভাৰম্ভ কৰা অনুষ্ঠানত মুখ্য অতিথি ৰূপে ভাষণ দি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে অসমীয়া ভাষা–সংস্কৃতি তথা কলা–কৃষ্টিৰ নেতৃত্ব বহন কৰা মহাপুৰুষ শ্রীমন্ত শংকৰদেৱক সুঁৱৰি কয়– শ্রীমন্ত শংকৰদেৱ অসমীয়া ভাষা–সাহিত্য–সংস্কৃত্ কাণ্ডাৰীয়েই নহয়, সমগ্র অসম তথা অসমীয়া জাতিক দেশ তথা বিশ্বৰ দৰবাৰত স্থাপন কৰাৰ ক্ষেত্রত তেওঁৰ ভূমিকা অপৰিসীম৷ অসম তথা অসমীয়াক এই মহাপুৰুষজনে এক নতুন ৰূপ দিলে৷
মহাপুৰুষজনাৰ ‘ধন্য ধন্য কলি কাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষ’ শীর্ষক পংক্তি আওৰাই কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কয়– ‘কলি কালত ভাৰতত জন্মগ্রহণ কৰি জীৱন ধন্য কৰাৰ এক বৃহৎ বার্তা মহাপুৰুষ শংকৰদেৱে সেই তাহানিতে দাঙি ধৰি থৈ গৈছে৷ খ্রীষ্টীয় পঞ্চদশ শতিকাতে অসমৰ সাহিত্য–সংস্কৃতি, আধ্যাত্মিকতা, ইতিহাস আদি সকলো ক্ষেত্রতে একক আৰু অনবদ্য বৰঙণি আগবঢ়াই যোৱা মহাপুৰুষজনাৰ পৱিত্র জন্মস্থান বটদ্রৱা সত্রৰ উন্নয়নৰ বাবে পূর্বৰ চৰকাৰ তথা কংগ্রেছ দলে কোনো চিন্তাই নকৰিলে৷
কিন্তু বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে শাসনলৈ আহি এই দিশত এক বৃহৎ পদক্ষেপ গ্রহণ কৰিলে৷ ইয়াৰ বাবে ধন্যবাদৰ পাত্র মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ এই যুটিয়ে শংকৰদেৱক বিশ্বৰ বুকুত প্রতিষ্ঠা কৰিবলৈ আগবাঢ়িছে৷ সর্বানন্দ–হিমন্ত যুটিয়ে অসমক দিছে প্রগতি আৰু বিকাশ৷’
সর্বাংগীণ বিকাশৰ জোনাকী যাত্রাৰ অংশস্বৰূপে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে শুভাৰম্ভ কৰিলে চাৰিখনকৈ গুৰুত্বপূর্ণ আঁচনি৷ এই অভিলাষী আঁচনিৰ জৰিয়তে কার্যতঃ উন্নয়নৰ সংকল্পৰে বিকশিত অসমৰ অংগীকাৰ কৰে বিশাল জনসভাত৷
কেইবাসহস্র লোকৰ উপস্থিতিত অনুষ্ঠানটোত ভাষণ প্রদান কৰি গৃহমন্ত্রী অমিত শ্বাহে কয়– যেতিয়ালৈকে ভাষা–সংস্কৃতিৰ বিকাশ নহয়, তেতিয়ালৈকে শক্তিশালী ৰাষ্ট্র সম্ভৱ নহয়৷ বিজেপি নেতৃত্বাধীন কেন্দ্র আৰু ৰাজ্য চৰকাৰ দুখনে অসমৰ ভাষা–সাহিত্য–সংস্কৃত্ আৰু ঐতিহ্য ৰক্ষাৰ বাবে বদ্ধপৰিকৰ৷ বটদ্রৱা থানকে ধৰি ৰাজ্যৰ আধ্যাত্মিক আৰু ঐতিহাসিক স্থলীসমূহক অবৈধ অনুপ্রৱেশকাৰীৰ আগ্রাসনৰ পৰা মুক্ত কৰাৰ বাবে পূর্বৰ কংগ্রেছ চৰকাৰে কোনো পদক্ষেপেই গ্রহণ নকৰিলে৷
কিন্তু বর্তমানৰ ৰাজ্য চৰকাৰখনে দৃঢ় স্থিতিৰে এই বেদখলসমূহ মুক্ত কৰিলে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ যুটিয়ে কৰা কামে উন্নয়ন আৰু বিকাশৰ বাবেই অসমে ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ গৈ আছে৷ ইয়াৰ বাবে দুয়োগৰাকী ধন্যবাদৰ পাত্র৷ অসমত গঁড় হত্যা, চোৰাং চিকাৰীৰ দৌৰাত্ম্য বন্ধ হৈছে, প্রতিটো জনগোষ্ঠীক সম–অধিকাৰ দিয়া হৈছে৷ বিজেপি চৰকাৰে লোৱা প্রতিখন অভিলাষী আঁচনিয়ে জনতাক স্পর্শ কৰিবলৈ সক্ষম হৈছে৷
গতিকে ২০২১ চনত পুনৰ অসমত বিজেপি চৰকাৰ হোৱাটো নিশ্চিত৷ কংগ্রেছ চৰকাৰৰ দিনত হিতাধিকাৰীৰ সৃষ্টিয়েই আছিল মূল লক্ষ্য৷ আনকি কংগ্রেছ চৰকাৰৰ দিনত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ দৰে বিশ্ব বৰেণ্য শিল্পীগৰাকীয়ে সন্মান নাপালে৷ কিন্তু বিজেপি চৰকাৰে এইগৰাকী শিল্পীক ভাৰত ৰত্নৰে সন্মানিত কৰিলে৷ সদ্যসমাপ্ত বিটিচি নির্বাচনৰ প্রসংগ উত্থাপন কৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কয়– আমি ছেমি ফাইনেল জিকিলো, আগন্তুক বিধানসভাৰ নির্বাচন অর্থাৎ ফাইনেলতো জয়ী হ’ম৷
প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত আস্থা আৰু বিশ্বাস প্রদর্শন কৰি এই অঞ্চলটোৰ জনসাধাৰণে উন্নয়নৰ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিলে৷ শান্তিপূর্ণ বিটিচি নির্বাচনৰ বাবে বি টি আৰবাসী ধন্যবাদৰ পাত্র৷ ৰাজ্যখনৰ বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা পদক্ষেপৰ কথা উল্লেখ কৰি অমিত শ্বাহে কয়– কেন্দ্র আৰু ৰাজ্য উভয়তে দীর্ঘকাল ধৰি শাসনত থকা পূর্বৰ কংগ্রেছ চৰকাৰে অসম আৰু উত্তৰ–পূবৰ বাবে বাস্তৱসন্মত এটাও পদক্ষেপ গ্রহণ নকৰিলে৷
এইখন অসমৰ পৰাই ৰাজ্যসভাৰ সাংসদ হৈ প্রধানমন্ত্রী হোৱা ড০ মনমোহন সিঙে অসমৰ বাবে কোনো চিন্তাই নকৰিলে৷ আনকি তেওঁৰ দিনত খাৰুৱা তেলৰ ৰয়েল্টীৰ পৰা অসম বঞ্চিত হ’ব লগা হ’ল৷ কিন্তু দীর্ঘকাল ধৰি অনাদায় হৈ থকা ৮ হাজাৰ কোটি টকাৰ খাৰুৱা তেলৰ ৰয়েল্টী প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মোকলাই দিলে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উত্তৰ–পূবক দেশৰ বিকাশৰ এক নতুন চালিকা শক্তি হিচাপে গঢ়ি তোলাৰ চেষ্টা চলাই আহিছে৷
এই প্রচেষ্টাৰ বাবে সম্প্রতি অসমলৈ শান্তি ঘূৰি আহিছে আৰু বহু উগ্রপন্থী সংগঠনে অস্ত্র সম্বৰণ কৰি মূলসুঁতিলৈ উভতি আহিছে৷ বিটিআৰ শান্তি চুক্তি, ভাৰত–বাংলাদেশ সীমা সমস্যাৰ নিষ্পত্তিকৰণ, ব্রু শৰণার্থীৰ সমস্যা সমাধানৰ দৰে ঐতিহাসিক পদক্ষেপসমূহ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সবল নেতৃত্বৰ বাবে সম্ভৱ হৈছে৷ আনহাতে, ক’ভিড–১৯ নিয়ন্ত্রণৰ ক্ষেত্রত ৰাজ্য চৰকাৰক ভূয়সী প্রশংসা কৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কয়– ৰাজ্য চৰকাৰৰ দূৰদর্শিতাৰ ফলত অসমে সংক্রমণৰ হাৰ নিম্নস্তৰত ৰাখিবলৈ সক্ষম হোৱাৰ লগতে ক’ভিডত মৃত্যুৰ হাৰো ঈর্ষণীয়ভাৱে নিম্নস্থানত আছে৷
ইফালে ৰাজ্যত আন্দোলন চলাই থকা একাংশ আন্দোলনকাৰীক নাম উল্লেখ নকৰাকৈ কটাক্ষ কৰি অমিত শ্বাহে কয়– মুখা পিন্ধি অহাসকলক মই সুধিব খুজিছোঁ– তেওঁলোকে আন্দোলনৰ জৰিয়তে বিকাশ আনিব পাৰিবনে? বহু মানুহ আহিব আৰু আপোনালোকক আন্দোলনৰ দিশলৈ লৈ যাব৷ কিন্তু আন্দোলনে কোনো উন্নয়ন দিব নোৱাৰে৷ দিব পাৰিব কেৱল শ্বহীদ৷ ৰাজ্যত নতুনকৈ গঠন হোৱা ৰাজনৈতিক দলক কটাক্ষ কৰি শ্বাহৰ মন্তব্য– আন্দোলনকাৰীসকলে নতুন দল খুলি কংগ্রেছক নির্বাচনত সহায় কৰাৰ ষড়যন্ত্র ৰচিছে৷
উল্লেখ্য যে আগন্তুক বিধানসভা নির্বাচনত বিজেপিৰ নেতৃত্বত পুনৰ একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠনৰ লক্ষ্যৰে ৰাজ্যিক বিজেপি তথা দলৰ তৃণমূল কার্যকর্তাক উদ্বুদ্ধ কৰাৰ বাবে আজি বিৰোধী কংগ্রেছৰ বিৰুদ্ধে যথেষ্ট সৰৱ হৈ পৰা দেখা গ’ল গৃহমন্ত্রী অমিত শ্বাহক৷ গৃহমন্ত্রীগৰাকীৰ মন্তব্য– অসমক কেন্দ্রীয় চৰকাৰে বিগত ছবছৰত মাহীআইৰ দৰে চোৱা নাই৷ ৰাজ্যখনৰ উন্নয়নৰ বাবে বিজেপিয়ে সকলো ধৰণৰ চেষ্টা অব্যাহত ৰাখিছে৷ প্রধানমন্ত্রী মোদীয়ে ৬০বাৰ উত্তৰ–পূব ভ্রমণ কৰিছে৷
প্রত্যেকবাৰে উত্তৰ–পূবলৈ লৈ আহিছে বিশেষ উপহাৰ৷ উল্লেখ্য যে অসমৰ চহকী ধর্মীয় ঐতিহ্য সুৰক্ষা, সংবর্ধন আৰু বিকাশৰ বাবে ২০১৯–২০ বর্ষৰ বাজেটত ৰাজ্য চৰকাৰে ঘোষণা কৰা অসম দর্শন আঁচনিৰ অধীনত ইতিমধ্যে দুটা পর্যায়ত ১,২৯২খন ধর্মীয় অনুষ্ঠানলৈ ১২৯ কোটি টকাৰ অনুদান আগবঢ়োৱা হৈছে।
পুনৰ এই আঁচনিৰ অধীনত ৰাজ্যৰ যাউতিযুগীয়া ঐতিহ্য বহনকাৰী তথা ৫০ বছৰ পুৰণি ৮ হাজাৰটা নামঘৰলৈ আন্তঃগাঁথনি উন্নয়নৰ বাবে এই অনুষ্ঠানতে ২.৫ লাখ টকাকৈ অনুদান আগবঢ়োৱাৰ শুভাৰম্ভ কৰা হয়৷ কার্যসূচীত প্রথম পর্যায়ত ৬,৯৭২টা নামঘৰলৈ অনুদান বিতৰণ কৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই৷ আনহাতে, এই অনুষ্ঠানতে শ্রীমন্ত শংকৰদেৱৰ পৱিত্র জন্মস্থান বৰদোৱাক আধ্যাত্মিক তীর্থ পর্যটন কেন্দ্র ৰূপে গঢ়ি তোলাৰ লক্ষ্যৰে ১৮৬ কোটি টকা ব্যয় সাপেক্ষে বটদ্রৱা থানৰ বিকাশ আৰু সৌন্দর্যবর্ধনৰ বৃহৎ প্রকল্পৰ আধাৰশিলা স্থাপন কৰে শ্বাহে৷
একে অনুষ্ঠানতে গুৱাহাটী মহানগৰীত দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ নির্মাণকার্যৰো শুভাৰম্ভ কৰা হয়৷ তদুপৰি অমিত শ্বাহে ৯খনকৈ আইন মহাবিদ্যালয়ৰ নির্মাণকার্যৰ মাংগলিক শুভাৰম্ভ কৰে৷ মুখ্য সচিব জিষ্ণু বৰুৱাৰ আদৰণী ভাষণেৰে অনুষ্ঠিত গুৰুত্বপূর্ণ অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, কেন্দ্রীয় খাদ্য সংসাধন বিভাগৰ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী, কৃষিমন্ত্রী অতুল বৰা, পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্রী নৱ কুমাৰ দলে, ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকা, ৰাজ্যিক মন্ত্রী ভবেশ কলিতা, সাংসদ কুইন ওজা, ৰাজ্যিক বিজেপিৰ প্রভাৰী বৈজয়ন্ত জয় পাণ্ডাৰ লগতে কেইবাগৰাকীও মন্ত্রী, বিধায়ক, সাংসদ উপস্থিত থাকে৷