ভাগ্য–অনুপম–যুগল সন্দর্ভত আয়কৰৰ তথ্যঃ ১০০ কোটিৰ ক’লাধনৰ মালিক তিনি ঠিকাদাৰ
নিয়মীয়া বার্তা, ২৭ ডিচেম্বৰঃ ৰাজ্যৰ তিনি প্রতিপত্তিশীল ঠিকাদাৰ ভাগ্য কলিতা, অনুপম শর্মা আৰু যুগল কিশোৰ মহন্ত ১০০ কোটি টকা ক’লা ধনৰ গৰাকী৷ আয়কৰ বিভাগৰ তালাচী অভিযানত এই বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ যোৱা ২২ ডিচেম্বৰত আয়কৰ বিভাগে প্রতিষ্ঠিত ঠিকাদাৰ তিনিজনৰ গুৱাহাটী, পাঠশালা, চিলাপথাৰ আৰু দিল্লীসহ মুঠ ১৪টা স্থানত তালাচী অভিযান চলাই ব্যৱসায়িক লেনদেনৰ নথিপত্র তন্ন তন্নকৈ পৰীক্ষা কৰাৰ অন্তত এই তথ্য লাভ কৰে৷
তদুপৰি আয়কৰ ফাঁকি দিয়াৰ বাবে এই তিনিজন ঠিকাদাৰে সংঘটিত কৰে ভয়ংকৰ জালিয়াতি৷ কলকাতাত অস্তিত্বহীন এটা ভুৱা শ্বেল কোম্পানীৰ পৰা গড়কাপ্টানী বিভাগৰ প্রতাপী ঠিকাদাৰ তিনিজনে ৬৫ কোটি টকাৰ অসুৰক্ষিত ঋণ, শ্বেয়াৰ প্রিমিয়াম লোৱা দেখুৱায়৷ এই ঋণ পৰিশোধ কৰাৰ বাবে লাভ কমকৈ হোৱা দেখুৱাই আয়কৰ ফাঁকি দিয়ে৷ আয়কৰ বিভাগৰ তদন্তত পোহৰলৈ আহে যে কলকাতাত উক্ত শ্বেল কোম্পানীটোৰ অস্তিত্ব বিচাৰি পাবলৈ নাই৷
কিন্তু আয়কৰ বিভাগৰ জেৰাত ঠিকাদাৰ তিনিজনে কলকাতাৰ শ্বেল কোম্পানীটোৰ পৰা ৬৫ কোটি টকা ঋণ, শ্বেয়াৰ প্রিমিয়াম লোৱা বুলি উল্লেখ কৰে৷ আনকি আয়কৰ বিভাগৰ অভিযানত এজন ঠিকাদাৰে হোটেলৰ ব্যৱসায়ত ৫০ শতাংশ ধন বিনিয়োগ কৰা বুলি দেখুৱায়৷ আয়কৰ বিভাগে এই বিষয়টো পৰীক্ষা কৰি আছে৷ আয়কৰ বিভাগে কালি এক বিবৃতিযোগে এই কথা প্রকাশ কৰে যদিও অসমৰ ঠিকাদাৰকেইজনৰ নাম প্রকাশ কৰা নাই৷
উল্লেখ্য যে প্রতিষ্ঠিত ঠিকাদাৰ ভাগ্য কলিতাৰ গুৱাহাটীৰ খানাপাৰাত আছে হোটেলৰ ব্যৱসায়৷ গ্রীনউড ৰিজ’ট নামৰ হোটেলখন গুৱাহাটীৰ এখন অন্যতম প্রতিষ্ঠিত হোটেল৷ বিবৃতিটোত আয়কৰ বিভাগে যোৱা ২২ ডিচেম্বৰত ঠিকাদাৰ তিনিজনৰ বাসগৃহ আৰু কার্যালয়ত অভিযান চলাই নগদ ২.৯৫ কোটি টকা আৰু ৯.৭৯ লাখ টকাৰ আ–লংকাৰ জব্দ কৰে৷ ঠিকাদাৰ তিনিজনে নগদ ২ কোটি টকাৰ বিভিন্ন অলংকাৰ ক্রয় কৰাৰ তথ্য লাভ কৰিছে আৰু এই ধনৰ উৎস সন্দর্ভত বিভাগে বর্তমান পৰীক্ষা কৰি আছে৷
তাতোকৈ গুৰুত্বপূর্ণ কথাটো হ’ল আয়কৰ বিভাগে ঠিকাদাৰ তিনিজনৰ বাসগৃহ, কার্যালয় আদিত তালাচী অভিযান চলাই অপ্রকাশিত আয়ৰ তথ্য লাভ কৰে৷ এই অপ্রকাশিত আয়ৰ পৰিমাণ প্রায় ১০০ কোটি টকা৷ এই টকাখিনি ঠিকাদাৰ তিনিজনৰ ক’লা ধন বুলি আয়কৰ বিভাগে সন্দেহ কৰিছে আৰু এই সন্দর্ভত বিভাগটোৱে অনুসন্ধান চলাই থকা বুলি বিবৃতিটোত প্রকাশ৷ সেই অনুসৰি ক’লা ধনেৰে ভাগ্য কলিতা, অনুপম শর্মা আৰু যুগল কিশোৰ মহন্তই বিশাল সাম্রাজ্য গঢ়ি তুলিবলৈ সক্ষম হোৱা বুলি চর্চিত হৈছে৷ আনহাতে, অভিযানকালত আয়কৰ বিভাগে এটা লকাৰ পাইছে, যিটো বর্তমানেও খোলা হোৱা নাই৷