নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাজোৰ বিষ্ণুপুষ্কৰ পুখুৰীৰ ৪৪ কাছ চিৰিয়াখানাক অর্পণ

নিয়মীয়া বার্তা, ২৭ ডিচেম্বৰঃ তীর্থনগৰী হাজোৰ ঐতিহাসিক বিষ্ণুপুষ্কৰ পুখুৰী (মাধৱ পুখুৰী)ৰ ৪৪টাকৈ বিভিন্ন প্রজাতিৰ কাছ হাজো বন বিভাগৰ জৰিয়তে অসম ৰাজ্যিক চিৰিয়াখানা কর্তৃপক্ষক পঞ্চতীর্থ মন্দিৰ পৰিচালনা সমিতিয়ে প্রদান কৰে৷

উল্লেখ্য যে পুখুৰীটোৰ কাছ সংৰক্ষণৰ দায়িত্বত থকা প্রণৱ মালাকাৰে জনোৱা মতে, বিগত জুন–জুলাই মাহত সংৰক্ষণ কৰা বিভিন্ন প্রজাতিৰ কাছৰ কণীসমূহ বৈজ্ঞানিকভাৱে জগোৱা হৈছিল৷ এই কাছ পোৱালিসমূহ ছয় মাহৰ অন্তত কালি বন বিভাগৰ জৰিয়তে ৰাজ্যিক চিৰিয়াখানা কর্তৃপক্ষক প্রদান কৰে৷

ইয়াৰ ভিতৰত বৰমূৰীয়া কাছ ২৬টা, গংগা প্রজাতিৰ ১৪টা, নলডুৰা ২টা আৰু ফুটুকী হালধীয়া (বেঙা কাছ) প্রজাতিৰ ২টা কাছ চিৰিয়াখানা কর্তৃপক্ষক প্রদান কৰে৷ কাছ প্রদান কৰাৰ সময়ত দলৈ শিৱপ্রসাদ শর্মা, চিৰিয়াখানাৰ মুখ্য জন্তুপালক ৰজনীকান্ত ডেকা, হাজোৰ বন বিষয়া সংগীতা সিনহা, সমাজকর্মী ভৱ আঠপৰীয়া, উদ্ধৱ কলিতাৰ লগতে বনকর্মীসকল উপস্থিত থাকে৷

You might also like