জোনাইত সোণালী জয়ন্তী বৰ্ষ উপলক্ষে টি এম পি কেৰ শৈক্ষিক অভিৱৰ্তন
নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ মিচিং জনগোষ্ঠীৰ ছাত্ৰ সংগঠন টাকাম মিচিং প:ৰিণ কৌবাং চমুকৈ টি এম পি কেৰ সোণালী জয়ন্তী বৰ্ষ উৎযাপনৰ লগত সংগতি ৰাখি জোনাই মহকুমাৰ গুণগত শিক্ষাৰ মানদণ্ড অধিক উন্নত আৰু গতিশীল শৈক্ষিক পৰিৱেশ গঢ় দিয়াৰ লগতে শিক্ষাৰ দিশত জোনাই অঞ্চলৰ বাবে মহকুমা ভিত্তিত এখন “শৈক্ষিক অভিৰ্ৱন” জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত কৰা হয় ৷
টি এম পি কেৰ সোণালী জয়ন্তীৰ অভ্যৰ্থনা সমিতিৰ সম্পাদক নৰেশ কুম্বাঙে আঁত ধৰা অনুষ্ঠানত সভাপতিত্ব কৰে টি এম পিকে অভ্যৰ্থনা সমিতিৰ সভাপতি ৰাজু মেদকে৷ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰতাপ চন্দ্ৰ পাৱই শৈক্ষিক অভিৱৰ্তনৰ শুভাৰম্ভ কৰি কয় আমাৰ বৰ্তমান কৰ্মৰত শিক্ষকসকলে ভালকৈ জানে যে ২০২০ চনৰ নতুন শিক্ষা নীতি যিহেতু ২০২১ৰ পৰা কাৰ্যকৰী হ’ব ৷
নতুন শিক্ষা নীতিয়ে নিজৰ মতৃভাষাৰ ওপৰত অধিক গুৰুত্ব দিয়া হ’ব ৷ নতুন শিক্ষা নীতি অনুসৰি পঞ্চম শ্ৰেণীলৈকে মাতৃ ভাষাৰ মাধ্যমত শিক্ষা গ্ৰহণ বাধ্যতামূলক কৰাটো ইতিবাচক দিশ বুলি কয় নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত পঞ্চমলৈকে মাতৃ ভাষাৰ মাধ্যমত শিক্ষাগ্ৰহণ বাধ্যতামূলক কৰাটোৱেই আঞ্চলিক ভাষাৰ বিকাশ আৰু প্ৰসাৰৰ দিশতো অভূতপূৰ্ব অৰিহণা যোগাব৷ লগতে কয় আমাৰ গাঁও সমাজত পৰিৱেশ যদি ভাল নহয়, তেন্তে অকল আমাৰ ছাত্ৰ-ছাত্ৰীৰে নহয় সমাজৰোখনৰো বিনষ্ট হয়৷ সেয়ে আমি প্ৰথমে পৰিৱেশটো পৰিষ্কাৰ আৰু সলনি কৰিব লাগিব৷
বৰ্তমান সমাজত মাদক দ্ৰব্য অথবা ড্ৰাগছ প্ৰচলনে ভয়াবহ ৰূপ ধাৰণ কৰা কাৰণেই সকলোৰ বাবে এক ব্যাধি ৰূপে চিহ্নিত পৰিছে, সেয়ে আমি প্ৰতিটো মানুহেই তদাৰক কৰিব লাগিব৷ সভাত টি এম পি কেৰ সভাপতি ৰাজকুমাৰ মৰাঙে বৰ্তমানৰ পৰিস্থিতিত শিক্ষালাভৰ পৰা বঞ্চিত হৈ থাকিব লগা কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ গুণগত শিক্ষা, শৈক্ষিক ভৱিষ্যত গঢ়ি তোলাৰ বাবে অভিভাৱক সকলে ল’ব লগা যতন আৰু কৰ্তব্য পালনৰ ওপৰত বহুমূলীয়া বক্তব্য ৰাখে৷
আজিৰ শৈক্ষিক অভিৰ্ৱনত জোনাইৰ বিভিন্ন মহলৰ বুদ্ধিজীৱী আৰু বিশিষ্ট সমাজ সেৱকৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰায় ১৯২ খন স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে।