নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৩ আসনতে থমকিব কংগ্রেছ–ইউডিএফ

অমিত শ্বাহৰ ভ্রমণৰ পাছত উৎসাহিত ৪২ লাখ বিজেপি কর্মী ৰণলৈ

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে তিনিদিনীয়া অসম তথা উত্তৰ–পূর্বাঞ্চল ভ্রমণৰ কার্যসূচী লৈ অঞ্চলটোত উপস্থিত হোৱাৰ পাছতেই যথেষ্ট উৎসাহী হৈ পৰিছে ৰাজ্যৰ শাসনাধিষ্ঠিত দলটো৷ বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত উপস্থিত হৈ অমিত শ্বাহে দলৰ নেতা–কর্মীসকলক অহা নির্বাচনী ৰণত নমাৰ ক্ষেত্রত মনোবল যথেষ্ট পৰিমাণে বৃদ্ধি কৰে৷ এই কথা বিজেপিৰ ৰাষ্ট্রীয় কমিটীৰ উপ–সভাপতি তথা অসমৰ প্রভাৰী বৈজয়ন্ত জয় পাণ্ডা, সহঃ প্রভাৰী পৱন শর্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ ভাষ্যতেই প্রকাশ পাইছে৷ ৰাজ্যিক বিজেপিৰ প্রভাৰী বৈজয়ন্ত জয় পাণ্ডাই আজি বৰঝাৰ বিমানকোঠত সংবাদ মাধ্যমৰ আগত কয় যে অসমত বিজেপিৰ স্থিতি যথেষ্ট মজবুত৷ অমিত শ্বাহৰ অসম ভ্রমণে বিজেপিৰ নেতা–কর্মীসকলৰ মাজত উৎসাহ বহুত বৃদ্ধি কৰিলে৷ নেতা–কর্মীসকলৰ মাজলৈ নতুন উদ্যাম আহিছে৷ অহা বিধানসভা নির্বাচনত বিজেপিৰ ১০+ৰ লক্ষ্য এতিয়া কেৱল সম্ভৱেই নহয়, নিশ্চিত হৈ পৰিছে৷ ৰাজ্যখনত নতুনকৈ গঠন হোৱা দলবোৰৰ প্রসংগত তেওঁ কয় যে এই নতুন দলবোৰে কংগ্রেছক সহায় কৰিব বিচাৰিছে, যি কংগ্রেছ দলে অসমীয়া যুৱকক গুলী চলাইছিল৷ নতুন দলবোৰে কংগ্রেছক সহায়হে কৰিব পাৰিব, নিজৰ একো লাভ নহয়৷ সেইদৰে সহঃ প্রভাৰী পৱন শর্মায়ো অমিত শ্বাহৰ অসম ভ্রমণৰ ফলত ৰাজ্যখনৰ বিজেপি নেতা–কর্মীসকল দুগুণে উৎসাহিত হৈ পৰিছে বুলি মন্তব্য কৰে৷

ইপিনে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে কয়– আমি ২০২১ৰ বিধানসভা নির্বাচনৰ কাৰণে সাংগঠনিক প্রক্রিয়া আগবঢ়াই নি ৰণৰ কাৰণে সাজু হৈ আছিলোঁ৷ কমাণ্ড পোৱা নাছিলোঁ কাৰণে আগুৱাই যোৱা নাছিলোঁ৷ অমিত শ্বাহ আহি কমাণ্ড দিলে৷ তাৰ পাছতেই আজিৰে পৰা অসমৰ বিজেপিৰ ৪২ লাখ কার্যকর্তাই ৰণলৈ ঢ়াপলি মেলিছে৷ এতিয়া সকলোৱে ৰণত নামি পৰিছে৷ কুৰুক্ষেত্র যুদ্ধত যিদৰে পাণ্ডৱে কৌৰৱক পৰাস্ত কৰিছিল, সেইদৰে অহা বিধানসভা নির্বাচনতো বিজেপিয়ে বিৰোধীক পৰাস্ত কৰিব৷ এইবাৰৰ কুৰুক্ষেত্র প্রভাৱহীন, প্রত্যাহ্বানবিহীন হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে কংগ্রেছ–এ আই ইউ ডি এফক সর্বাধিক ২৩খনৰ ওপৰত আসন অতিক্রম কৰিবলৈ নিদিওঁ৷ নাম উল্লেখ নকৰাকৈ নৱগঠিত অসম জাতীয় পৰিষদ, ৰাইজৰ দল আদিক কটাক্ষ কৰি তেওঁ কয় যে অহা নির্বাচনত বাকী অন্যান্য দলৰ আসনৰ সংখ্যা শূন্য হ’ব৷ অহা নির্বাচন প্রভাৱহীন, প্রত্যাহ্বানবিহীন নির্বাচন হ’ব যদিও বিজেপিয়ে দলৰ মাইক্র’ মেনেজমেণ্টকে ধৰি অস্ত্র–শস্ত্র, ৰথ সকলো সাজু কৰি ৰাখিছে৷ ইপিনে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অসম ভ্রমণক প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই কৰা সমালোচনাত তীব্র প্রতিক্রিয়া প্রকাশ কৰি ৰাজ্যিক বিজেপিৰ মুখপাত্র সুভাষ দত্তই এক বিবৃতিত কয় যে কেৱল ঈর্ষাপৰায়ণ, গণবিচ্ছিন্ন, হতাশাগ্রস্ত, ৰুগ্ণ মানসিকতাৰে আক্রান্ত ৰিপুণ বৰাৰ দৰে ব্যক্তিয়েহে তেনে আচৰণ কৰিব পাৰে৷

যোৱা ১৮টা বছৰে অসমক ৰাজ্যসভাত প্রতিনিধিত্ব কৰা প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙে ত্রয়োদশ বিত্তীয় আয়োগৰ অধীনত মাত্র ৬৯ হাজাৰ কোটি টকা অসমলৈ আবণ্টন দিয়াৰ বিপৰীতে বিজেপি চৰকাৰে চতুর্দশ বিত্তীয় আয়োগৰ অধীনত ১ লাখ ৫৫ হাজাৰ কোটি টকা আবণ্টন দিছে৷ ৰাজ্যখনৰ সর্বাংগীণ বিকাশৰ বাবে ২০১৪ চনৰ পৰা বর্তমানলৈকে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু অমিত শ্বাহৰ নেতৃত্বত বিজেপি চৰকাৰে অসমলৈ চাৰি লাখ ৫০ হাজাৰ কোটি টকা মুকলি কৰি দিছে৷ তাৰ ভিতৰত স্বচ্ছ ভাৰত অভিযানৰ অধীনত ৰাজ্যখনত ৪২ লাখ শৌচাগাৰ নির্মাণ কৰা হৈছে৷ ২৮ লাখ পৰিয়াললৈ বিশুদ্ধ খোৱাপানী যোগান ধৰা হৈছে৷ প্রধানমন্ত্রী উজ্জ্বলা যোজনা আঁচনিৰ অধীনত ৰাজ্যখনৰ ৩৬ লাখ গৃহিণীক ৰন্ধন গেছৰ সংযোগ প্রদান কৰা হৈছে৷ ৰাজ্যখনত ৫৫ হাজাৰ কোটি টকাৰে ৰাষ্ট্রীয় ঘাইপথ আৰু দলং নির্মাণৰ কাম দ্রুতগতিত অব্যাহত আছে৷ নুমলীগড় শোধনাগাৰৰ শোধন ক্ষমতা তিনি মিলিয়ন মেট্রিকটনৰ পৰা ৯ মিলিয়ন মেট্রিকটনলৈ বৃদ্ধি কৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰা হৈছে৷ ৰে’ল যোগাযোগ উন্নত কৰাৰ লক্ষ্যৰে দ্বৈত ৰে’লপথ সম্প্রসাৰণৰ উপৰি ৰে’লপথ বিদ্যুতীকৰণৰ কাম অব্যাহত আছে৷

লোকপ্রিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ আৰু ৰূপসী বিমানবন্দৰৰ আধুনিকীকৰণৰ প্রক্রিয়া চূড়ান্ত পর্যায়ত উপনীত হৈছে৷ ভাৰত–বাংলাদেশ সীমান্ত ছীল কৰা, অসম চুক্তিৰ ৬নং দফা কার্যকৰীকৰণ আৰু অসমৰ সকলো উগ্রপন্থী সংগঠনক আলোচনাৰ মজিয়ালৈ অনাৰ যোগেদি অঞ্চলটোক শান্তি–সম্প্রীতি আৰু ভাতৃত্ববোধ শক্তিশালী কৰাৰ ঐতিহাসিক দায়িত্ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অতি নিষ্ঠা সহকাৰে পালন কৰিছে৷ যি ঠাইত আজি অসমৰ ৰাইজে ১০ হাজাৰ বন্তি প্রজ্বলনেৰে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীক আদৰণি জনাইছে, তাৰ পৰা মাত্র কেইফার্লংমান আঁতৰতেই উত্তৰ–পূর্বাঞ্চলৰ প্রথমখন এইমছ নির্মাণ দ্রুতগতিৰে ৭০ শতাংশ কাম ইতিমধ্যে সম্পন্ন হৈছে৷ তাৰ ওচৰতে ৬ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে ইন্দ্রধনু গেছ গ্রিড, ব্রহ্মপুত্রৰ ওপৰত উত্তৰ গুৱাহাটী সংযোগী দলং আৰু পাণ্ডু ঘাটত অত্যাধুনিক জাহাজ ঘাট নৰেন্দ্র মোদী নেতৃত্বাধীন বিজেপি মিত্রজোঁটৰ চৰকাৰৰেই অৱদান৷ তেনে অৱস্থাত কৃতজ্ঞতাৰ চিনস্বৰূপে কেন্দ্রীয় গৃহমন্ত্রীজনক সামান্যতম ১০ হাজাৰ বন্তিৰে আদৰণি জনোৱাটো অসমবাসীৰ বাবে এক গৌৰৱৰ বিষয় আৰু এয়া অসমৰ সাতামপুৰুষীয়া চহকী পৰম্পৰাৰ অংশবিশেষ৷ ইয়াক লৈ নিকৃষ্ট ৰাজনীতি কৰি কংগ্রেছে উন্নয়নৰ পক্ষত যে নাই, তাক আকৌ এবাৰ প্রমাণ কৰিছে৷ কিন্তু বিৰোধীয়ে যিমানেই নিকৃষ্ট ৰাজনীতিৰ আশ্রয় নলওক, অহা ২০২১ চনৰ বিধানসভা নির্বাচনত বিজেপিৰ নেতৃত্বতেই শতাধিক আসন লাভ কৰি অসমত পুনৰ চৰকাৰ গঠন হ’ব৷

You might also like