‘গংগুবাঈ কাথিয়াৱাড়ি’ মুক্তিৰ পূর্বে ভাঞ্চালি–আলিয়াৰ বিৰুদ্ধে গোচৰ ৰাওজীৰ
নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ বলীউডৰ অভিনেত্রী আলিয়া ভাট আৰু ছবি নির্মাতা সঞ্জয় লীলা ভাঞ্চালিৰ বিৰুদ্ধে ৰুজু হৈছে এক গোচৰ৷ এক পতিতালয়ৰ গৰাকী গংগুবাঈৰ জীৱনৰ আধাৰত নির্মিত ছবি ‘গংগুবাঈ কাথিয়াৱাড়ি’ৰ নামভূমিকাত অভিনয় কৰিছে আলিয়া ভাটে৷ ছবিখন ভাঞ্চালি প্রডাকচনে নির্মাণ কৰিছে৷ ছবিখনত গংগুবাঈ কাথিয়াৱাড়ি সন্দর্ভত অসন্মানজনক দৃশ্য তথা সংলাপ অন্তর্ভুক্ত হোৱা বুলি অভিযোগ কৰিছে গংগুবাঈৰ পুত্র বাবুজী ৰাওজী শ্বাহে৷ ছবি নির্মাতা ভাঞ্চালি, অভিনেত্রী আৰু ভাঞ্চালি প্রডাকচনৰ উপৰি শ্বাহে গোচৰ ৰুজু কৰিছে লেখক হুছেইন জাইডি আৰু ৰিপ’টাৰ জানে বর্গেছৰ বিৰুদ্ধে৷
উল্লেখনীয় যে হুছেইনে ‘দ্য মাফিয়া কুইনছ অৱ মুম্বাই’ নামৰ গ্রন্থখন লিখিছে৷ য’ত গংগুবাঈৰ পতিতালয়ক ভিত্তি হিচাপে লৈছে লেখকগৰাকীয়ে৷ এই গ্রন্থখন লিখাৰ ক্ষেত্রত সাংবাদিক জানেৰ বিভিন্ন প্রতিবেদনৰ সহায় লৈছে হুছেইনে৷ ছবিখনে মুক্তিলাভৰ পূর্বেই পতিতাৰ পৰিয়ালৰ পৰা অহা বুলি শ্বাহৰ ওপৰত স্থানীয় বাসিন্দাসকলে আক্রমণ কৰিছে৷ লক্ষণীয়ভাৱে ছবিখনত অশ্লীল দৃশ্য অন্তর্ভুক্ত হোৱা বুলি ইতিমধ্যে আৰম্ভ হৈছে প্রচাৰ৷ গতিকে গংগুবাঈৰ পুত্র আদালতৰ দ্বাৰস্থ হৈছে৷