বিধানসভাৰ সচিবালয়ৰ এটিএমত বিস্ফোৰণত চাঞ্চল্য
নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ আজিৰ পৰা অনুষ্ঠিত হ’ব লগা অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ বাবে পূর্ণ প্রস্তুতি চলি থকাৰ মাজেৰে আজি বিধানসভা সচিবালয়ৰ চৌহদত থকা এ টি এমত অগ্ণিকাণ্ড সংঘটিত হোৱা ঘটনাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হয়৷ কালি দিনৰ প্রায় দুই বজাত সচিবালয় চৌহদত থকা এ টি এমটো প্রচণ্ড শব্দৰে বিস্ফোৰণ হোৱাৰ পিছতে এক হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয়৷ বিস্ফোৰণৰ শব্দৰ উৎস বিচাৰি নিৰাপত্তাৰক্ষীয়ে এ টি এমটোত উপস্থিত হয়৷
বৈদ্যুতিক শ্বর্ট চার্কিটৰ বাবেই এ টি এম মেচিনটোত অগ্ণিকাণ্ডৰ সূত্রপাত হোৱা বুলি আৰক্ষী নিশ্চিত হোৱাৰ পিছতে বিধানসভা সচিবালয় চৌহদৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰে৷ এই অগ্ণিকাণ্ডত বিশেষ ক্ষয়–ক্ষতি হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷