নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুবছৰৰ অন্ততঃ ৩০ ডিচেম্বৰৰ পৰা ৩৩সংখ্যক গুৱাহাটী গ্রন্থমেলা

নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ অসম প্রকাশন পৰিষদে প্রদান কৰি অহা জীৱনজোৰা সাধনা বঁটা ঘোষণা কৰে৷ ২০১৯ বর্ষৰ বাবে বিশিষ্ট গৱেষক সাহিত্যিক, সংস্কৃত ভাষাৰ পণ্ডিত ড০ থানেশ্বৰ শর্মা আৰু ২০২০ বর্ষৰ বাবে বিশিষ্ট সাহিত্যিক, ভাষাতত্ত্ববিদ, অভিধান প্রণেতা ড০ ৰমেশ পাঠকক গ্রন্থমেলাৰ মঞ্চত আনুষ্ঠানিকভাৱে প্রকাশন পৰিষদৰ জীৱনজোৰা সাধনা বঁটা প্রদান কৰা হ’ব৷ প্রকাশন পৰিষদৰ গুৱাহাটীস্থিত কার্যালয়ত এখন সংবাদ মেলত এই কথা ঘোষণা কৰে পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই৷ উল্লেখ্য যে নলবাৰী জিলাৰ সৰু নামখলাত ১৯৪৪ চনৰ ১ ফেব্রুৱাৰীত জন্মগ্রহণ কৰা ড০ থানেশ্বৰ শর্মাই প্রাথমিক পর্যায়ৰ পৰা স্নাতক পর্যায়লৈ সুখ্যাতিৰে শিক্ষা জীৱন সামৰি দীর্ঘকাল শিক্ষকতাৰ বৃত্তিত জড়িত হৈ পৰে৷ পুনে বিশ্ববিদ্যালয়ৰ অধীনস্থ সংস্কৃত অধ্যয়ন কেন্দ্রৰ পৰা ডক্টৰেট ডিগ্রী লোৱা ড০ শর্মাই বৰখলাৰ যোগেশ্বৰী দর্শন চতুস্পাঠীত শিক্ষক জীৱনৰ পাতনি মেলি পৰৱর্তী পর্যায়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ ৰীডাৰ, অধ্যাপক হিচাপে কার্যনির্বাহ কৰাৰ পাছত একেটা বিভাগৰ মুৰব্বী অধ্যাপক ৰূপে ২০০৪ চনত অৱসৰ গ্রহণ কৰে৷ ৯১খন অসমীয়া আৰু দুখন ইংৰাজীসহ ৯৩খন গ্রন্থৰে অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে সাহিত্যৰ ভঁৰাল চহকী কৰা ড০ শর্মাই সংস্কৃত বৈদিক আৰু লৌকিক সাহিত্যৰ চর্চাৰে অবিতর্কিত পাণ্ডিত্যৰ পৰিচয় দাঙি ধৰে৷ আনহাতে, ১৯৪২ চনৰ ৫ মে’ত নলবাৰী জিলাৰ টিহুত জন্মগ্রহণ কৰা ড০ ৰমেশ পাঠকে ছাত্রাৱস্থাৰে পৰা প্রচুৰ মেধাৰ পৰিচয় দিয়ে৷ টিহুৰ খলিহাগুৰি প্রাথমিক বিদ্যালয়ত শৈক্ষিক জীৱনৰ পাতনি মেলা ড০ পাঠকে পৰৱর্তী পর্যায়ত নলবাৰী মহাবিদ্যালয়ৰ পৰা আই এ, কটন মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্রী অর্জন কৰে৷ ১৯৭০ চনত ঐতিহাসিক কটন মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰা ড০ পাঠকে ইয়াৰ পৰাই অৱসৰ গ্রহণ কৰে৷ ব্যাকৰণৰ নিখুঁত প্রয়োগেৰে অসমীয়া ভাষাক বিশুদ্ধ ৰূপত সমৃদ্ধ কৰাৰ বাবে অহোপুৰুষার্থ কৰা ড০ পাঠকে প্রণয়ন কৰা সামগ্রিক অসমীয়া শব্দকোষ অসমীয়া ভাষাৰ প্রয়োগিক দিশৰ এখন গুৰুত্বপূর্ণ অভিধান৷

তদুপৰি অসমীয়া ভাষাৰ ৰূপতত্ত্ব, উপ–ভাষা বিজ্ঞান আৰু অসমীয়া ভাষা, অসমীয়া চর্চাকাৰীসকলৰ হাতপুথি, অসমীয়া ভাষাৰ সংৰক্ষণ, পুৰণি অসমীয়া সাহিত্যৰ সুবাস আদি গ্রন্থৰে ড০ পাঠকে অসমীয়া ভাষা–সাহিত্যৰ জেউতি চৰাইছে৷ সংবাদ মেলত উপাধ্যক্ষ চলিহাই লগতে কয় যে অসম প্রকাশন পৰিষদৰ উদ্যোগত ১২ দিনীয়াকৈ অনুষ্ঠিত হ’ব লগা গ্রন্থমেলাৰ অস্থায়ী বিপণীবোৰ ইতিমধ্যে সাজু কৰি তোলা হৈছে৷ নতুন দিল্লী, কলকাতা, অসমকে ধৰি মুঠ ১১৭টা প্রকাশন গোষ্ঠী তথা গ্রন্থ বিক্রেতা প্রতিষ্ঠানে অংশগ্রহণ কৰিবলগীয়া গুৱাহাটী গ্রন্থমেলা ৩০ ডিচেম্বৰৰ বিয়লি ৪ বজাত উদ্বোধন কৰিব অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ সংবাদ মেলত উপাধ্যক্ষ চলিহাই কয়– ৰাজ্য চৰকাৰৰ বিত্ত, শিক্ষা আৰু লোকনির্মাণ বিভাগৰ মন্ত্রী তথা অসম প্রকাশন পৰিষদৰ অধ্যক্ষ ড০ হিমন্ত বিশ্ব শর্মাই সভাপতি ৰূপে অংশগ্রহণ কৰিবলগীয়া উদ্বোধনী সভাত সন্মানীয় অতিথি ৰূপে অংশগ্রহণ কৰিব পশ্চিমবংগৰ বিশিষ্ট লেখক–চিন্তাবিদ–ত্র প্রাক্তন ৰাজ্যপাল তথাগত ৰয়ে৷ অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অংশগ্রহণ কৰিব অৰুণাচলৰ অসমীয়া ভাষা–সাহিত্যৰ অন্যতম মহীৰূহ য়েচে দৰজে ঠংচী আৰু অসমৰ মুখ্যমন্ত্রীৰ প্রেছ উপদেষ্টা হূষীকেশ গোস্বামীয়ে৷ সংবাদ মেলত পৰিষদৰ উপাধ্যক্ষগৰাকীয়ে লগতে কয় যে অসম প্রকাশন পৰিষদে যোৱা প্রায় ডেৰ বছৰত মুঠ ৩৯খন মূল্যৱান গ্রন্থ প্রকাশ কৰিছে৷ গ্রন্থসমূহে অসমৰ বৌদ্ধিক জগতত খলকনি সৃষ্টি কৰিব৷ ইয়াৰে ১২খন গ্রন্থ গ্রন্থমেলাৰ প্রথম দিনা উদ্বোধন কৰা হ’ব৷ সংবাদ মেলত প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই কয় যে ৩০ ডিচেম্বৰৰ দিনা বিশেষকৈ অনিৰুদ্ধ দেৱৰ ৰচনাৱলী, সংগ্রহ সংকলন অই নিঃতম, হীৰেন ভট্টাচার্য ৰচনাৱলী, ৰাভা ভাষাৰ প্রথম আলোচনী বিবাৰ বাদুংদুপ্পা বিৰতা (প্রথম খণ্ড), ৰজনীকান্ত বৰদলৈ ৰচনাৱলী, লুম্মেৰ দাই ৰচনাৱলী, নৰকাসুৰম আদি গ্রন্থকেইখন উন্মোচন কৰা হ’ব৷ আনহাতে, এইবাৰ গ্রন্থমেলাত দিল্লীৰ ৫খন, কলকাতাৰ ৮খন আৰু অসমৰ ৯২খন প্রতিষ্ঠানে অংশগ্রহণ কৰিব৷ বিপণীসমূহৰ ভাৰা পূর্বতকৈ এইবাৰ ১০ শতাংশ হ্রাস কৰা হৈছে৷ গ্রন্থপ্রেমীসকলে বিনামূলীয়াকৈ গ্রন্থমেলাত প্রৱেশ কৰিব পাৰিব৷ সংবাদ মেলত সচিব কলিতাই লগতে কয় যে প্রকাশন পৰিষদে বজাৰত ক্রয় কৰিব নোপোৱা কেইবাখনো গ্রন্থ পুনৰ মুদ্রণ কৰি উলিয়াইছে৷ পৰিষদে অসমীয়া লিপিৰ এটা ছফ্টৱেৰ প্রস্তুত কৰিছে আৰু এইটো শীঘ্রেই মুকলিৰ ব্যৱস্থা কৰিব৷ ইয়াৰ পাছতে পৰিষদে এখন উচ্চাৰণ অভিধান আৰু এখন অডি’ ডিক্সনাৰী মুকলিৰ দিহা কৰিব৷ সংবাদ মেলত প্রকাশন পৰিষদৰ সম্পাদক মিহিৰ দেউৰীও উপস্থিত থাকে৷

You might also like