নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডৰ বাবে ৬নং দফা ৰূপায়ণত বিলম্ব

বিধানসভাৰ শীতকালীন অধিৱেশনত মন্ত্রী চন্দ্রমোহন পাটোৱাৰী

নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সম্পর্কত ন্যায়াধীশ বিপ্লৱ শর্মা কমিটীয়ে দাখিল কৰা প্রতিবেদন ক’ভিড–১৯ৰ পৰিপ্রেক্ষিততে ৰূপায়ণত কিছু বিলম্ব হৈছে৷ –আজি সদনত মুখ্যমন্ত্রীৰ হৈ এই তথ্য প্রকাশ কৰিছে পৰিবহণমন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে৷ বিধায়ক দেৱব্রত শইকীয়াৰ এক লিখিত প্রশ্ণৰ উত্তৰত মন্ত্রী পাটোৱাৰীয়ে সদনত কয় যে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সম্পর্কত ন্যায়াধীশ বিপ্লৱ শর্মা কমিটীয়ে তেওঁলোকৰ প্রতিবেদন ইতিমধ্যে অসম চৰকাৰৰ হাতত দাখিল কৰিছে৷ যোৱা ছেপ্ঢেম্বৰ মাহত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ লগত হোৱা আলোচনাৰ পাছত অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰা মতে, অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সম্পর্কত উচ্চস্তৰীয় কমিটীয়ে দাখিল কৰা প্রতিবেদনখন পৰীক্ষা কৰিবলৈ এখন আইনজ্ঞ কমিটী গঠনৰ প্রক্রিয়া চলি আছে৷ উক্ত কমিটীৰ গঠন প্রক্রিয়া ক’ভিড সংক্রমিত পৰিস্থিতিৰ পৰিপ্রেক্ষিতত কিছু পলম হৈছে৷ ইপিনে বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ আন এক প্রশ্ণৰ উত্তৰত ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ বিভাগৰ মন্ত্রী চন্দন ব্রহ্মই কয় যে ৰাজ্যখনৰ ৬ জনগোষ্ঠী আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীক জনজাতি কৰা সম্পর্কত ৰাজ্য চৰকাৰে সময়ে সময়ে কেন্দ্রীয় চৰকাৰলৈ প্রস্তাৱ প্রেৰণ কৰি আহিছে৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্রক্রিয়াটো বর্তমান কেন্দ্রীয় চৰকাৰৰ বিবেচনাধীন হৈ আছে৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে বিষয়টো চালি–জাৰি চোৱাৰ বাবে মন্ত্রী মণ্ডলীৰ এখন কমিটী গঠন কৰি দিছে৷ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত গঠিত উক্ত কমিটীখনে ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ লগত এই বিষয়টোৰ ওপৰত আলোচনা কৰে৷ কমিটীখনৰ প্রতিবেদন এতিয়ালৈ চূড়ান্ত কৰা হোৱা নাই৷ সেইদৰে কলিতা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্রসংগত তেওঁ কয় যে অসম অনুসূচিত জাতি আৰু জনজাতি গৱেষণা প্রতিষ্ঠানে জনোৱা অনুসৰি যদিহে জনজাতিকৰণৰ নিয়মাৱলী তথা বৈশিষ্ট্যসমূহ কেন্দ্রীয় চৰকাৰে সৰলীকৰণ কৰে, তেতিয়াহ’লে কলিতা জনগোষ্ঠীৰ নৃতাত্ত্বিক প্রতিবেদন প্রস্তুত কৰিব পৰা যাব৷

You might also like