নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিৰ বিৰোধিতাৰে আজি প্রতিবাদ সাব্যস্ত কৰে অসম প্রদেশ কংগ্রেছ কমিটীয়ে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, সাংসদ গৌৰৱ গগৈয়ে গুৱাহাটীৰ ৰাজপথত চাইকেল চলাই অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিৰ প্রতিবাদ সাব্যস্ত কৰে৷ ৰাজীৱ ভৱনৰ পৰা কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত কার্যালয়লৈ প্রদেশ কংগ্রেছৰ উদ্যোগত এই চাইকেল ৰেলী উলিওৱা হয়৷ ৰেলীৰ অন্তত সংবাদ মাধ্যমৰ আগত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই কয় যে নির্বাচনৰ পূর্বে দিয়া প্রতিশ্রুতি অনুসৰি চৰকাৰে অত্যাৱশ্যকীয় খাদ্য–সামগ্রীৰ মূল্যবৃদ্ধি নিয়ন্ত্রণত ব্যর্থ হৈছে৷ এই প্রসংগত তেওঁ কয় – ‘২০১৪ চনৰ লোকসভা নির্বাচনৰ পূর্বে বিজেপিয়ে কংগ্রেছৰ দিনত হোৱা ঊর্ধ্বমুখী দ্রব্যমূল্য হ্রাস কৰিম বুলি আশ্বাস দিছিল৷ সেইদৰে ৰাজ্য চৰকাৰেও ২০১৬ চনত মূল্যবৃদ্ধি নিয়ন্ত্রণৰ আশ্বাস দিছিল৷ কিন্তু মূল্যবৃদ্ধি ৰোধ হোৱা নাই৷ অত্যাৱশ্যকীয় খাদ্য–সামগ্রীৰ লগতে পেট্র’ল–ডিজেল–ৰন্ধন গেছৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে৷ মূল্যবৃদ্ধি নিয়ন্ত্রণৰ ক্ষেত্রত চৰকাৰৰ অৱস্থিতি আমাৰ চকুত পৰা নাই৷’ বর্তমানৰ চৰকাৰ ‘ৰাইজৰ চৰকাৰ’ নহয় বুলি উল্লেখ কৰি বৰাই কয়– প্রতিবাদৰ ভাষা চৰকাৰে বুজি নাপায়৷ সেয়েহে এই প্রতিবাদ ৰাইজৰ ওচৰলৈ লৈ যাব বিচাৰিছোঁ৷ ২০২১ চনৰ বিধানসভা নির্বাচনত ৰাইজে এই প্রতিবাদ মীমাংসা কৰিব৷ চাইকেল ৰেলী কার্যসূচীত নিখিল ভাৰত কংগ্রেছ কমিটীৰ সম্পাদক পৃথ্বিৰাজ প্রভাকৰ চাথেই অংশগ্রহণ কৰে৷ উল্লেখ্য যে ৰাজীৱ ভৱনত আজি ভাৰতীয় জাতীয় কংগ্রেছৰ ১৩৬সংখ্যক প্রতিষ্ঠা দিৱস পালন কৰে৷