ঐতিহাসিক জয়ৰ সাক্ষী মেলব’ৰ্নঃ ৮ উইকেটত জয়ী টীম ইণ্ডিয়া
নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ বলাৰৰ পৰাক্রমৰ সহায়ত ভাৰতে আজি বক্সিং ডে’ টেষ্টৰ চতুৰ্থ দিনাই ঐতিহাসিক জয় লাভ কৰে৷ মেলব’ৰ্ন ক্রিকেট গ্রাউণ্ডত চলি থকা শৃংখলাৰ দ্বিতীয় টেষ্টৰ আজি চতুৰ্থ দিনা ভাৰতে ৭০ ৰানৰ লক্ষ্য আগত লৈ অধিনায়ক ৰাহানে আৰু অপেনাৰ শুভমন গীলৰ সুন্দৰ বেটিংৰ সহায়ত জয়ৰ মুখ দেখে টীম ইণ্ডিয়াই।
বক্সিং ডে’ টেষ্টত অধিনায়ক আজিংক্য ৰাহানেই প্ৰথম ইনিংছত ১১২ আৰু দ্বিতীয় ইনিংছত অপৰাজিত ২৭ ৰানৰ সুন্দৰ প্ৰদৰ্শনৰ বাবে মেন অৱ দ্যা মেচৰ সন্মান লাভ কৰে।
Captain @ajinkyarahane88 is adjudged the Man of the Match for his stupendous performance (112 & 27*) in the Boxing Day Test ????#AUSvIND pic.twitter.com/8NqbfK7BNe
— BCCI (@BCCI) December 29, 2020
উল্লেখ্য যে অভিষেক টেষ্ট মেচতেই সকলো ক্ৰিকেট অনুৰাগীৰ মন জয় কৰিলে ভাৰতীয় ক্রিকেট দলৰ বেগী বলাৰ মহম্মদ ছিৰাজে। দ্বিতীয় ইনিংছত তেওঁ ৩৭ ৰানত তিনিটা উইকেট দখল কৰে ইপিনে শুভমন গীলেও সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি প্ৰথম ইনিংছত ৪৫ আৰু দ্বিতীয় ইনিংছত অপৰাজিত ৩৫ ৰানেৰে দলটোক সবল স্থিতিত উপনীত কৰায়।
আনহাতে এই জয়ৰ পাছতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চাৰিখন খেলৰ টেষ্ট শৃংখলাত ভাৰতীয় ক্ৰিকেট দলে শক্তিশালী প্ৰত্যাৱৰ্তনেৰে ১-১ ৰে সমতা স্থাপন কৰিছে।