‘ভগৱানৰ সাৱধানবাণী’ অভিনেতা ৰজনীকান্তলৈ
নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ ৰাজনীতিত আৰু নোসোমাই জনপ্ৰিয় অভিনেতা ৰজনীকান্তে। ভগৱানৰ পৰা পোৱা সাৱধানবাণীৰ পিছত এই সিদ্ধান্ত লবলৈ বাধ্য হৈছে অভিনেতাগৰাকীয়ে। আজি টুইটাৰযোগে অভিনেতাগৰাকীয়ে এই সন্দৰ্ভত সদৰী কৰি জনাই যে তেওঁ অতি দুখেৰে এই কথা প্ৰকাশ কৰিবলগীয়া হৈছে যে তেওঁ আৰু ৰাজনীতিত নাথাকে।
এই সিদ্ধান্তই তেওঁৰ কলা তথা ৰাজনৈতিক অনুৰাগীক মৰ্মাহত কৰাক লৈও দুখ প্ৰকাশ কৰে অভিনেতাগৰাকীয়ে। উল্লেখ্য ৭০ বছৰীয়া অভিনেতাগৰাকীয়ে শেহতীয়াকৈ চিনেমাৰ শ্বুটিঙত ব্যস্ত থকাৰ সময়তে স্বাস্থ্যজনিত কাৰণত হাইদৰাবাদত হাস্পতালত ভৰ্তি হৈছিল।
লগৰ বহুকেইগৰাকী কলা-কুশলী ক’ভিডত আক্ৰান্ত হৈছে যদিও তেওঁ ক’ৰোনাৰ পৰা হাত সাৰে। কিন্তু পৰি অহা স্বাস্থ্যৰ মাজেৰে ভগৱানে তেওঁক কিছু ইংগিত দিয়া বুলি সদৰী কৰি ৰাজনীতিত নোসোমোৱাৰ সিদ্ধান্ত লয়। মাত্ৰ পাঁচ মাহ আগেয়ে নতুন তামিল ৰাজনৈতিক দল খোলাৰ কথা প্ৰকাশ কৰা অভিনেতাগৰাকীয়ে একপ্ৰকাৰ আজিৰ পৰা ৰাজনীতিৰ পৰা সন্ন্যাস ল’লে।