নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিশ্রুতি পূৰণত বহুলাংশে সফল ৰাজ্য চৰকাৰ

আমিনগাঁৱত প্রধানমন্ত্রী সিঞ্চাই আঁচনিৰ কেইবাটাও প্রকল্পৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে প্রধানমন্ত্রী কৃষি সিঞ্চাই যোজনাৰ অধীনত ৰাজ্যত ৰূপায়িত হোৱা কেইবাটাও জলসিঞ্চন প্রকল্প আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ কামৰূপ জিলাৰ আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বর্মা ক্ষেত্রত ৰাজ্য চৰকাৰৰ জলসিঞ্চন বিভাগে আয়োজন কৰা এই অনুষ্ঠানতে মুখ্যমন্ত্রী সোণোৱালে গুৱাহাটীৰ বেতকুছিত নির্মাণ কৰিবলগীয়া বিভাগৰ এটা কেন্দ্রীয় গৱেষণাগাৰ, এটা সভাগৃহ আৰু অতিথিশালাৰো আধাৰশিলা স্থাপন কৰে৷ মুখ্যমন্ত্রীয়ে লগতে জলসিঞ্চন বিভাগৰ নতুনকৈ নিযুক্তিপ্রাপ্ত ৩৯৭গৰাকী ক্ষেত্রীয় সহায়কৰ মাজৰে ৬গৰাকীক আনুষ্ঠানিকভাৱে নিযুক্তিপত্র প্রদান কৰে৷ উল্লেখ্য যে প্রধানমন্ত্রী কৃষি সিঞ্চাই যোজনাৰ অধীনত ৰাজ্যৰ ৩৫,৭৯৩ গৰাকী কৃষকৰ মাজত ৯৬৯৯টা পাম্প বিতৰণ কৰা হ’ব৷ ৫৩৯.০৫ কোটি টকা ব্যয়ৰে ৰূপায়ণ কৰিবলগীয়া এই যোজনাই ৰাজ্যৰ ৩ লাখ বিঘা কৃষিভূমি উপকৃত কৰিব৷ এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সোণোৱালে দেশৰ কৃষি খণ্ডৰ উৎপাদন বৃদ্ধিৰ জৰিয়তে কৃষক সকলৰ উপার্জন দুগুণলৈ বৃদ্ধি কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত কেন্দ্রীয় চৰকাৰে ৰূপায়ণ কৰি অহা বিভিন্ন আঁচনি সম্পর্কে আলোকপাত কৰে৷ মুখ্যমন্ত্রী সোণোৱালে প্রধানমন্ত্রী কৃষি সিঞ্চাই যোজনা, চয়েল হেল্থ কার্ড, প্রধানমন্ত্রী কৃষক সন্মান নিধিৰ অধীনত কৃষকসকলক প্রদান কৰা ৫ হাজাৰ টকাৰ অনুদান, কে চি চিৰ অধীনত কৃষকলৈ আগবঢ়োৱা ১০ হাজাৰ টকাৰ ৰাজসাহায্য আদিকে ধৰি আন আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে৷

মুখ্যমন্ত্রীয়ে কয় যে কেন্দ্রীয় চৰকাৰৰ এই আঁচনিসমূহে কৃষি খণ্ডৰ উৎপাদন দ্রুতগতিত বৃদ্ধি কৰাৰ লগতে কৃষকসকলকো নিজৰ উপার্জন বৃদ্ধি কৰিবলৈ সুযোগ দিছে৷ মুখ্যমন্ত্রী সোণোৱালে কৃষকসকলক কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ উপযুক্ত সুযোগ গ্রহণ কৰি আত্মনির্ভৰ ভাৰত অভিযান বাস্তৱায়িত কৰি তোলাৰ দিশত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়৷ মুখ্যমন্ত্রীয়ে কয় যে বর্তমানৰ অসম চৰকাৰৰ কার্যকালত ৰাজ্যৰ ৪৮ লাখ কৃষক পৰিয়ালক কৃষিখণ্ডৰ উৎপাদন বৃদ্ধিৰ বাবে সহায়–সহযোগিতা আগবঢ়োৱা হৈছে৷ ২০১৬ চনত চৰকাৰ গঠন কৰাৰ সময়ত অসমবাসীক দিয়া প্রতিশ্রুতিসমূহ পূৰণৰ দিশত বর্তমানৰ ৰাজ্য চৰকাৰখন বহুলাংশে সফল হৈছে বুলি মুখ্যমন্ত্রী সোণোৱালে মন্তব্য কৰে৷ মুখ্যমন্ত্রীয়ে কয় যে এখন দুর্নীতিমুক্ত, বিদেশীমুক্ত, সন্ত্রাসবাদমুক্ত আৰু প্রদূষণমুক্ত অসম গঢ়াৰ বাবে ৰাজ্য চৰকাৰে নিষ্ঠাৰে লোৱা পদক্ষেপসমূহে এই দিশত সফলতা কঢ়িয়াই আনিছে৷ ৰাজ্যত চিৰস্থায়ী শান্তি প্রতিষ্ঠাৰ দিশত অসম চৰকাৰে গ্রহণ কৰা পদক্ষেপৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে ইতিমধ্যে বৃহৎসংখ্যক উগ্রপন্থীয়ে হিংসাৰ পথ পৰিহাৰ কৰি মূলসুঁতিলৈ উভতি আহিছে৷ ৰাজ্যিক লোকসেৱা আয়োগৰ সংস্কাৰকে ধৰি নিযুক্তি সংক্রান্তীয় পৰীক্ষাসমূহ নিকা আৰু স্বচ্ছতাৰে অনুষ্ঠিত কৰিবলৈ সক্ষম হোৱাৰ ফলত মেধাৰ ভিত্তিত ৰাজ্যৰ যুৱক–যুৱতীসকলে কর্মসংস্থাপনৰ সুযোগ লাভ কৰিবলৈ আজি সক্ষম হৈছে বুলি মুখ্যমন্ত্রীয়ে কয়৷ অসমৰ গৌৰৱ এশিঙীয়া গঁডৰ চোৰাং চিকাৰ ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে লোৱা পদক্ষেপৰ ফলত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানকে ধৰি আন উদ্যান আৰু অভয়াৰণ্যসমূহৰ বন্যপ্রাণীসমূহ আজি সুৰক্ষিত হৈছে বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে৷

ৰাজ্যৰ সেউজ আৱৰণ বৃদ্ধি কৰিবলৈ বিগত সময়ছোৱাত ৮.৫০ কোটি গছপুলি অসম চৰকাৰে ৰোপণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে ফৰেষ্ট ছার্ভে অৱ ইণ্ডিয়াৰ প্রতিবেদনত শেহতীয়াকৈ ৰাজ্যৰ সেউজ আৱৰণ ২২২ বর্গ কিঃমিঃবৃদ্ধি হৈছে বুলি প্রকাশ পাইছে৷ ৰাজ্যত ঔদ্যোগীকৰণৰ ইতিবাচক পৰিৱেশ গঢ়াৰ বাবে ২০১৮ বর্ষত আয়োজন কৰা বিশ্ব বিনিয়োগ সন্মিলনৰ ফলশ্রুতিত ৭৯ হাজাৰ কোটিৰ বুজাবুজিৰ চুক্তিপত্র স্বাক্ষৰ হোৱাৰ বিপৰীতে ইতিমধ্যে প্রায় ৫০ হাজাৰ কোটিৰ বিনিয়োগ হৈছে বুলি মুখ্যমন্ত্রীয়ে কয়৷ ইয়াৰ ফলত শেহতীয়াকৈ ৰাজ্যত ন ন উদ্যোগ গঢ়ি উঠিছে আৰু কর্মসংস্থাপনৰ সুযোগ মুকলি হৈছে বুলিও মুখ্যমন্ত্রীয়ে কয়৷ মুখ্যমন্ত্রী সোণোৱালে ভাৰত–বাংলা সীমান্ত সম্পূর্ণৰূপে ছীল কৰাৰ বাবে লোৱা পদক্ষেপৰ কথাও ভাষণ প্রসংগত উল্লেখ কৰে৷ মুখ্যমন্ত্রীয়ে কয় যে ইজৰাইলৰ প্রযুক্তিৰে ৰূপায়ণ কৰা প্রকল্পৰ জৰিয়তে নদী সীমান্তৰ ৪৮ কিঃমিঃ সুৰক্ষিত কৰা হৈছে৷ বর্তমানৰ অসম চৰকাৰে এক্ট ইষ্ট পলিচীৰ উপযুক্ত ব্যৱহাৰেৰে অসমক দক্ষিণ–পূব এছিয়াৰ দুৱাৰমুখ ৰূপে গঢ়ি তোলাৰ দিশত বহুদূৰ সফলতাৰে আগবাঢ়িছে বুলি মুখ্যমন্ত্রীয়ে কয়৷ বর্তমানৰ ইতিবাচক পৰিস্থিতিৰ সুযোগ লৈ চুবুৰীয়া ৰাষ্ট্রসমূহৰ বজাৰ দখল কৰাৰ বাবে ৰাজ্যৰ কৃষকসকলৰ প্রতি মুখ্যমন্ত্রী সোণোৱালে আহ্বান জনায়৷ ৰাজ্যৰ থলুৱা জাতি–জনগোষ্ঠীৰ জাটি–মাটি–ভেটিৰ লগতে ভাষা, কৃষ্টি–সংস্কৃতি আৰু ঐতিহ্য সুৰক্ষাৰ বাবে অসম চৰকাৰৰ দায়বদ্ধতাৰ কথা মুখ্যমন্ত্রী সোণোৱালে দোহাৰে৷ বিগত চাৰে চাৰি বছৰে ৰাজ্যবাসীয়ে আগবঢ়াই অহা অকুণ্ঠ সহায়–সহযোগিতাৰ বাবে মুখ্যমন্ত্রীয়ে অসমবাসীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে কয় যে এই সহযোগিতাৰ বাবেই ৰাজ্যত চৰকাৰে গ্রহণ কৰা প্রকল্পসমূহৰ দ্রুত ৰূপায়ণ সম্ভৱ হৈ উঠিছে৷ এই অনুষ্ঠানত জলসিঞ্চন বিভাগৰ ৰাজ্যিক (স্বতন্ত্র) মন্ত্রী ভৱেশ কলিতা আৰু জলসিঞ্চন বিভাগৰ আয়ুক্ত সচিব ৰাকেশ কুমাৰেও ভাষণ প্রদান কৰে৷ অনুষ্ঠানত নলবাৰীৰ বিধয়াক অশোক শর্মা, কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কার্তিককে ধৰি বহুসংখ্যক গণ্য–মান্য ব্যক্তি উপস্থিত থাকে৷

You might also like