নিয়মীয়া বাৰ্তা ১ জানুৱাৰীঃ পাকিস্তানত ধর্মীয় সংখ্যালঘু লোকৰ উপাসনাস্থলীত বিভিন্ন সময়ত আক্রমণ সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ থকা সময়তে দেশখনৰ খাইবাৰ–পাখটুনখাৱা কৰাক চহৰত কট্টৰ ইছলামিষ্ট লোকে এটা হিন্দু মন্দিৰ ভঙা কার্যক লৈ সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ কট্টৰ ইছলামপন্থী দল এটাৰ সমর্থকে মন্দিৰটোত কালি নিশা অগ্ণিসংযোগ কৰাৰ উপৰি বিভিন্ন সামগ্রী ভাঙি লণ্ডভণ্ড কৰে৷ এই ঘটনাক তীব্র গৰিহণা দিছে মানৱ অধিকাৰ সংগঠনসমূহে৷
অৱশ্যে বিশ্বজুৰি এই ঘটনাক কেন্দ্র কৰি প্রতিক্রিয়া সৃষ্টি হোৱাৰ লগে লগে পাক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে ১৪গৰাকী লোকক৷ দেশখনৰ হিন্দু সম্প্রদায়েও তীব্র গৰিহণা দিছে কট্টৰ ইছলামপন্থীৰ এনে জঘন্য কার্যক৷ মন্দিৰ ভঙা কার্যত জড়িত বহু লোকক ইতিমধ্যে চিনাক্ত কৰা বুলি স্থানীয় আৰক্ষীয়ে সদৰী কৰাৰ উপৰি এই অভিযুক্ত লোকসকলক গ্রেপ্তাৰ কৰাৰ বাবে অভিযান তীব্রতৰ কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে৷