নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৎপাদন–সংৰক্ষণ ভাৰসাম্যই গঢ়িব স্বাৱলম্বী অসম

এটা দশকত কৃষিখণ্ডই উন্মোচন কৰিব নতুন দিগন্ত

নিয়মীয়া বাৰ্তা ১ জানুৱাৰীঃ চীন যদিও আমাৰ শত্রু দেশ, তথাপি চীনৰ প্রগতি আৰু শিল্প উদ্যোগৰ উন্নয়ন সমগ্র বিশ্বৰ বাবে এক ঈর্ষাৰ বিষয়৷ চীনৰ এই দ্রুত প্রগতি সম্ভৱ হৈছে কেৱল কৃষিখণ্ডৰ বিকাশৰ জৰিয়তে৷ ১৯৮১ চনত চীনত দাৰিদ্র্য সীমাৰেখাৰ তলত থকা জনসংখ্যা আছিল ৫৩ শতাংশ৷ কিন্তু দুটা দশকৰ ভিতৰত দেশখনে এই হাৰ ৮ শতাংশলৈ হ্রাস কৰিবলৈ সক্ষম হ’ল৷ এয়া সম্ভৱ হৈছিল কেৱল কৃষিক্ষেত্রত দেশখনে দেখুওৱা অভাৱনীয় প্রদর্শনৰ বাবেহে৷ চীনৰ উদাহৰণেৰে সাধনাৰ স্বীকৃতি স্বৰূপে প্রতিবছৰে উত্তৰ–পূর্বাঞ্চলৰ একোজন শিল্পীলৈ এই বঁটা আগবঢ়াই অহা বৈছে৷ ২০০২ চনৰ পৰা প্রৱর্তন কৰা এই বঁটা ইতিমধ্যে অসমৰ যশস্বী শিল্পী শোভা ব্রহ্ম, বেণু মিশ্র, নীলপৱন বৰুৱা, আদ্য শর্মা, বীৰেন সিংহ, ননী বৰপূজাৰী, পুলক গগৈ, জিতেন হাজৰিকা, জনক ঝংকাৰ নার্জাৰী, কুশকান্ত দেৱগোস্বামী, ৰবিৰাম ব্রহ্ম, ত্রৈলোক্য দত্ত, চালেহা আহমেদ, মণিপুৰৰ টি টম্বি সিং, কুলচন্দ্র এম থেম, ত্রিপুৰাৰ শিল্পী চিন্ময় ৰয়, মিজোৰামৰ চিত্রশিল্পী ট্লাং ৰখুমা আৰু অৰুণাচল প্রদেশৰ চিত্র আৰু ভাস্কর্য শিল্পী টাকাৰ ৰিবাক প্রদান কৰা হৈছে৷ এই বঁটাত আছে এটা সুদৃশ্য স্মাৰকৰ সৈতে এখন প্রশস্তিপত্র আৰু নগদ ২৫ হাজাৰ টকা৷

উল্লেখ্য যে ১৯৪৮ চনৰ ১০ জানুৱাৰীত গুৱাহাটীৰ কামাখ্যাত জন্মগ্রহণ কৰা চিত্রশিল্পী কন্দর্প নাথ শর্মাই গুৱাহাটীতে স্কুলীয়া শিক্ষা গ্রহণ কৰে৷ তেওঁ ১৯৬৮ চনত শান্তি নিকেতনৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ কলা ভৱনৰ পৰা ফাইন আর্ট বিষয়ত ডিপ্ল’মা লাভ কৰে৷ ১৯৬৮ চনতে গুৱাহাটীৰ স্কুল অৱ আর্ট এণ্ড ক্রাফ্টত শিক্ষকতা আৰম্ভ কৰি পৰৱতী কালত চৰকাৰী চাৰু–কাৰু কলা মহাবিদ্যালয় হিচাপে উন্নীত প্রতিষ্ঠানখনৰ অধ্যক্ষ হিচাপে কার্যনির্বাহ কৰি ১৯৯৬ চনত অৱসৰ গ্রহণ কৰে৷ চিত্রকলা শিক্ষাৰ জৰিয়তে ৰাজ্যখনৰ চিত্রশিল্পৰ ক্ষেত্রখনলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা শিল্পীজনৰ চিত্রকর্ম ৰাজ্যখনৰ বিভিন্ন স্থানৰ উপৰি দেশে–বিদেশে বহুসংখ্যক একক আৰু সমূহীয়া কলা প্রদর্শনীত প্রদর্শিত আৰু প্রশংসিত হৈছে৷ ১৯৭৬ চনত চিত্রশিল্পীগৰাকীয়ে কটন কলেজৰ সন্মুখৰ পদপথত চিত্র প্রদর্শনীৰ আয়োজন কৰি চিত্রপ্রেমী ৰাইজৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছিল৷ ১৯৯৩ চনত নৰৱে’ত আয়োজিত ইণ্টাৰনেচনেল গ্রাফিক্স এগ্জিবিচন’ আৰু মুম্বাইৰ জাহাংগীৰ আর্ট গেলাৰীত আয়োজিত প্রদর্শনীত অংশগ্রহণ তেওঁৰ আন এক কৃতিত্ব৷ চিত্রশিল্পৰ উত্তৰণৰ বাবে যোগাই অহা অৱদানৰ স্বীকৃতি স্বৰূপে ২০১৩ চনত দিল্লী আর্ট কলেজে তেওঁক বি চি সান্ন্যাল বঁটাৰে বিভূষিত কৰে৷

You might also like