নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূজা কৰাত বাধাঃ ৰহাত বন্ধ কোঠাত পত্নীক ডিঙি চেপি হত্যা

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তর্গত জৰাবাৰীত মঙলবাৰে সংঘটিত হয় নৃশংস কাণ্ড ৷ জৰাবাৰী হীৰা চুকৰ হৰিকান্ত হীৰা নামৰ লোকজনে নিজ পত্নী জুৰি হীৰাক ঘৰৰ ভিতৰতে ডিঙি চেপি হত্যা কৰে ৷

এক বিশেষ সূত্র অনুসৰি পঞ্চায়তৰ ‘একাউণ্ট এছিছষ্টেণ্ট’ হৰিকান্ত হীৰাই কিছুদিনৰ পৰা ঘৰ ভিতৰতে ভগৱানৰ বিভিন্ন ফটো গোটাই বিভিন্ন পূজা–র্চনা কৰিবলৈ লয় ৷ হঠাৎ স্বামীৰ এনে পৰিৱর্তন দেখি পত্নী জুৰিয়ে এনেধৰণৰ পূজা বেছিকৈ কৰিবলৈ মানা কৰিছিল ৷ কিন্তু স্বামী হৰিকান্তই পত্নীৰ বাধাক আওকাণ কৰি দৈনিক পূজা অব্যাহত ৰাখিছিল ৷

কিন্তু এই ঘটনাই অন্য ৰূপ লয় মঙলবাৰে । স্বামী হৰিকান্তই পত্নী জুৰিক অকস্মাতে হাতত ধৰি এটা কোঠাৰ ভিতৰলৈ টানি নি দুৱাৰ বন্ধ কৰি ডিঙি চেপি হত্যা কৰে ৷

You might also like