২০২১ত আকাশত দেখিবলৈ পাব ৯টা অনন্য দৃশ্য…
নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ আজি নৱবৰ্ষৰ প্ৰথম দিন। এটা আশা আৰু আকাংক্ষাৰ বছৰ ৰূপে এই বছৰটোত সকলোৱে আগুৱান হ’ব। প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ নিশ্চয়তা সময়ৰ হাতত। কিন্তু ২০২১ত সকলোৱে নিশ্চিতভাৱে আকাশত দেখিবলৈ পাব কিছু বিৰল মহাজাগতিক দৃশ্য। মুঠ ৯টা এনে দৃশ্য প্ৰত্যক্ষ কৰিব পাৰিব বিশ্ববাসীয়ে।
১১ ফেব্ৰুৱাৰীঃ সূৰ্য উদয়ৰ ঠিক ২০ বা ৩০ মিনিট আগেয়ে উক্ত দিনা দেখিবলৈ পাব বৃহস্পতি আৰু শুক্ৰ গ্ৰহক নিচেই ওচৰা-উচৰিকৈ দেখা যাব। সাধাৰণ টেলিস্কোপেৰে প্ৰত্যক্ষ কৰিব পাৰিলে এই দৃশ্য অতি ৰোমাঞ্চকৰ হ’ব।
৯ আৰু ১০ মাৰ্চঃ একেলগে দেখা যাব ৩ গ্ৰহসহ চন্দ্ৰ। বুধ, বৃহস্পতি, শনি আৰু চন্দ্ৰক একেলগে প্ৰত্যক্ষ কৰিব পৰা যাব উক্ত দিনটোত।
২৬ মেঃ দক্ষিণ পূব এছিয়া, উত্তৰ আমেৰিকা, পশ্চিমী দক্ষিণ আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰ লোকসকলে প্ৰত্যক্ষ কৰিব পাৰিব ৰঙা জোন। উক্ত দিনা হ’ব পূৰ্ণ চন্দ্ৰ গ্ৰহণ আৰু চন্দ্ৰটো ৰঙা বৰণৰ হৈ উঠিব।
১০ জুনঃ এই দিনটোত সূৰ্যৰ হ’ব পূৰ্ণ গ্ৰহণ। গ্ৰহণৰ বাবে ৰিং অৱ ফায়াৰ নিৰ্মাণ হ’ব আকাশত। অৱশ্যে এই দৃশ্য কানাডাৰ উত্তৰ অংশ, গ্ৰীনলেণ্ড আৰু ৰাছিয়াৰ লোকসকলে প্ৰত্যক্ষ কৰিব পাৰিব।
১২ জুলাইঃ উক্ত দিনা সন্ধিয়া শুক্ৰ আৰু মংগল গ্ৰহক একেলগে প্ৰত্যক্ষ কৰিব পৰা যাব। খালি চকুৰেও ভালদৰে দেখা যাব যদিও টেলিস্কোপেৰে চালে অনন্য দৃশ্যৰ সাক্ষী হ’ব পাৰিব।
১২ আৰু ১৩ আগষ্টঃ উল্কাপিণ্ডৰ বৰষুণ হ’ব উক্ত দিনা। ঘণ্টাত ৬০ বাৰলৈ আকাশত আতচবাজী সদৃশ দৃশ্য প্ৰত্যক্ষ কৰিব পাৰিব। উত্তৰ গোলাৰ্ধত বাস কৰা লোকসকলে ভালদৰে প্ৰত্যক্ষ কৰিব পাৰিব এই দৃশ্য।
১৮ আগষ্টঃ মংগল আৰু বুধ গ্ৰহক দেখা যাব একেলগে।
১৯ নৱেম্বৰঃ আমেৰিকা, অষ্ট্ৰেলিয়া আৰু ইউৰোপ-এছিয়াৰ কিছু অঞ্চলত দেখা যাব অৰ্ধ চন্দ্ৰ গ্ৰহণ।
৪ ডিচেম্বৰঃ ২০২১ৰ শেষ সূৰ্যগ্ৰহণ। এণ্টাৰ্কটিকা মহাদেশৰ পৰা এই দৃশ্য ভালদৰে দেখা যাব যদিও চিলি, আৰ্জেণ্টিনা, দক্ষিণ আফ্ৰিকা, নামবিয়া আৰু অষ্ট্ৰেলিয়াৰ পৰা আংশিকভাৱে দেখা যাব।