নিয়মীয়া বাৰ্তা ২ জানুৱাৰীঃ কেন্দ্রীয় চৰকাৰে প্রণয়ন কৰা তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীত যোৱা ২৬ নৱেম্বৰৰ পৰা দিল্লী সীমান্তত প্রতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলে আইন প্রত্যাহাৰ নোহোৱা পর্যন্ত প্রতিবাদী কার্যসূচী চলাই যাব৷ প্রতিবাদী কৃষকসকলৰ দুটা দাবী চৰকাৰে মানি নোলোৱা পর্যন্ত বিক্ষোভ অব্যাহত থাকিব বুলি ঘোষণা কৰিছে জ্যেষ্ঠ কৃষক নেতা গুৰনাম সিং চাডানিয়ে৷
উল্লেখনীয় যে কৃষকৰ উৎপাদিত ফচলৰ নূ্যনতম সমর্থনমূল্য (এমএছপি)ত আইনী নিশ্চয়তা আৰু তিনি আইন প্রত্যাহাৰৰ দাবীত এতিয়াও অটল হৈ আছে কৃষক সংগঠনবোৰ৷ যোৱা ৩০ ডিচেম্বৰত কেন্দ্রীয় চৰকাৰৰ সৈতে ৪০ কৃষক সংগঠনৰ নেতৃত্বৰ আলোচনাত দুটা বিষয়ত চৰকাৰ আৰু কৃষক পক্ষ সহমতত উপনীত হোৱা বুলি চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা হৈছিল৷ আগন্তুক দিনত আলোচনাৰ বাবে যৌথ কমিটী গঠন তথা ৪ জানুৱাৰীত পুনৰ আলোচনাৰ সিদ্ধান্তৰ কথা চৰকাৰে ঘোষণা কৰিছে যদিও প্রতিবাদী কৃষকসকলে মূল দাবী দুটা মানি নোলোৱা পর্যন্ত আন্দোলন প্রত্যাহাৰ নহয় বুলি ঘোষণা কৰিছে৷ তিনিখন কৃষি আইন প্রত্যাহাৰ নোহোৱাকৈ দেশৰ কৃষকসকলৰ স্বার্থ কোনো কাৰণতে সুৰক্ষিত হ’ব নোৱাৰে বুলি উল্লেখ কৰিছে গুৰনাম সিঙে৷
সংবাদ সংস্থা পিটিআইৰ প্রতিবেদন অনুসৰি প্রতিবাদত অংশগ্রহণ কৰা কৃষক সংগঠনসমূহৰ নেতা তথা কর্মীসকলে পৰিস্থিতি অধিক জটিল হ’লেও দিল্লী সীমান্তৰ পৰা আঁতৰি নাযায় বুলি ঘোষণা কৰিছে৷ অর্থাৎ কৃষক আন্দোলনে পুনৰ দীর্ঘস্থায়ী ৰূপ পোৱাৰ আশংকাই দেখা দিছে৷