নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রচণ্ড শীত ১.১ ডিগ্রীলৈ অৱনমিত দিল্লীৰ তাপমাত্রা

নিয়মীয়া বাৰ্তা ২ জানুৱাৰীঃ নৱবর্ষৰ প্রথম দিনাখনেই দেশৰ ৰাজধানী দিল্লীত ঘন কুঁৱলী আৰু প্রচণ্ড শীতে স্বাভাৱিক জীৱনযাত্রা ব্যাহত কৰিছে৷ আজি দিল্লীৰ উষ্ণতা ১.১ ডিগ্রী চেলচিয়াছলৈ অৱনমিত হয়৷ বিগত ১৫ বছৰৰ ভিতৰত নৱবর্ষৰ প্রথমটো দিনত অর্থাৎ ১ জানুৱাৰীত এই তাপমাত্রা সর্বনিম্ন বুলি অভিলেখ সৃষ্টি হৈছে৷ ছফদৰজং অবজাৰভেট’ৰীয়ে উল্লেখ কৰা অনুসৰি দিল্লীত এই সর্বনিম্ন তাপমাত্রাৰ বাবেই আজি স্বাভাৱিক জীৱনযাত্রা স্তব্ধ হৈ পৰিছে৷

স্মর্তব্য যে ২০০৬ চনৰ ৮ জানুৱাৰীত দিল্লীত তাপমাত্রা ০.২ ডিগ্রী চেলচিয়াছলৈ অৱনমিত হৈছিল৷ ইফালে দিল্লীত শীতে স্বাভাৱিক জীৱনযাত্রা স্তব্ধ কৰাৰ বিপৰীতে কাশ্মীৰৰ গুলমার্গত তাপমাত্রা মাইনাছ ৯ ডিগ্রী চেলচিয়াছলৈ অৱনমিত হৈছে৷

You might also like