নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিএনআৰচিত চিকিৎসাধীন গুলীবিদ্ধ সঞ্জীৱ

গুৱাহাটীত গুলীবিদ্ধ নলবাৰীৰ নিৰীহ যুৱক

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সমগ্র ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ ৷ এই আন্দোলনৰ সময়ত অর্থাৎ যোৱা ১২ ডিচেম্বৰত আৰক্ষীৰ গুলীচালনাত গুলীবিদ্ধ হয় নলবাৰীৰ এজন নিৰীহ যুৱক ৷

গুৱাহাটীত আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আঘাতপ্রাপ্ত ছয়মাইলৰ জি এন আৰ চি হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছে নলবাৰী জিলাৰ বাগানপাৰাৰ বগুলামাৰী গাঁৱৰ সঞ্জীৱ ডেকা (২২)৷ যুৱকজনে ১২ ডিচেম্বৰৰ সন্ধিয়া নিজৰ দৈনন্দিন কর্ম শেষ কৰি পেলেচ হোটেললৈ গৈছিল ৷ তেনে সময়তে তেওঁৰ কাষেৰে পাৰ হৈ যোৱা গাড়ীৰ আৰক্ষীয়ে দাঁতিৰ পৰা গুলীয়ালে সঞ্জীৱক ৷ সম্প্রতি দৰিদ্র পৰিয়ালৰ সন্তান তথা আইতাকৰ বাদে কোনো নোহোৱা যুৱকজনে চকুলো টুকি চিকিৎসালয়খনত চৰকাৰ–দল–সংগঠনে খবৰ কৰা নাই বুলি জনা গৈছে ৷

You might also like