অধ্যাপক ভৱপ্রসাদ চলিহাক শংকৰদেৱ বঁটা প্রদান, চৰকাৰে আৰম্ভ কৰিব শ্রীমন্ত শংকৰদেৱ অভিযান
নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ বিশিষ্ট সাহিত্যিক–পণ্ডিত–গ অধ্যাপক ভৱপ্রসাদ চলিহাক কালি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে প্রদান কৰে ২০২০ বর্ষৰ শ্রীমন্ত শংকৰদেৱ বঁটা৷ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আয়োজিত গাম্ভীর্যপূর্ণ অনুষ্ঠানটোত শাৰীৰিক অসুস্থতাৰ বাবে অধ্যাপক ভৱপ্রসাদ চলিহা উপস্থিত থাকিব নোৱাৰাত বঁটা গ্রহণ কৰে তেওঁৰ সহধর্মিণী নন্দিতা চলিহাই৷
ৰাষ্ট্রীয় পর্যায়ৰ এই বঁটাত আছে এখন প্রশস্তি পত্র, এটা সোণৰ পদক, এখন শৰাই, অংগবস্ত্র আৰু ৫ লাখ টকাৰ চেক৷ বঁটা প্রদান অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী সোণোৱালে গুৰুজনাৰ দর্শন আৰু সৃষ্টিৰাজি বিশ্বৰ মানৱ সমাজক অৱগত কৰিবলৈ ৰাজ্য চৰকাৰে ‘শ্রীমন্ত শংকৰদেৱ অভিযান’ শীর্ষক এক অভিযান আৰম্ভ কৰিব বুলি ঘোষণা কৰে৷ এইক্ষেত্রত সত্রাধিকাৰ, গুণী–জ্ঞানী ব্যক্তি তথা অসমৰ সকলো শ্রেণীৰ জনসাধাৰণক আন্তৰিকতাৰে সহায়–সহযোগিতা আগবঢ়োৱাৰ বাবে তেওঁ আহ্বান জনায়৷
এই প্রসংগত মুখ্যমন্ত্রী সোণোৱালে কয়– শিখগুৰু গুৰু নানকৰ বিষয়ে আজি সমগ্র বিশ্ব জ্ঞাত৷ কিন্তু বহুমুখী প্রতিভাৰ আকৰ জগতগুৰু শ্রীমন্ত শংকৰদেৱক আমি বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰিব নোৱাৰাটো বৃহত্তৰ অসমীয়া জাতিৰ দুর্বলতা৷ সেয়েহে গুৰুজনাক আমি বিশ্ব দৰবাৰত শক্তিশালীভাৱে প্রতিষ্ঠা কৰিবলৈ সন্মিলিত প্রয়াস চলাব লাগিব৷ ইয়াৰ বাবেই ৰাজ্য চৰকাৰে আৰম্ভ কৰিব ‘শ্রীমন্ত শংকৰদেৱ অভিযান’৷
আমাৰ বৃহত্তৰ সমাজখনক শৃংখলাবদ্ধ কৰি শক্তিশালী সমাজ নির্মাণৰ বাবে গুৰুজনাই নামঘৰ প্রতিষ্ঠা কৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে পুনৰ কয়– এই নামঘৰ হ’ল অসমীয়া কৃষ্টি–সংস্কৃতি তথা সমাজ সংস্কাৰৰ ভেটিস্বৰূপ৷ সাম্প্রতিক সময়ত নৱপ্রজন্মক সংস্কাৰমুখী পথেৰে আগুৱাই নিব লাগিলে নামঘৰলৈ যোৱাৰ অভ্যাস প্রগাঢ় কৰিব লাগিব৷ নামঘৰ শক্তিশালী হৈ থাকিলে অসমীয়া সমাজ সদায়েই এক প্রাণৱন্ত সমাজ হিচাপে ভৱিষ্যতেও বর্তি থাকিব৷
মুখ্যমন্ত্রী সোণোৱালে পুনৰ কয়– গুৰুজনাৰ আদর্শেৰে বর্তমানৰ ৰাজ্য চৰকাৰখনৰ কার্যকালত বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়াম একাকাৰ কৰি শক্তিশালী জাতি হিচাপে জীয়াই থকাৰ যি প্রৱণতা জাগ্রত হৈছে, সেয়া ইতিবাচক দিশ৷ গুৰুজনাই প্রতিষ্ঠা কৰা মুকুতাসমূহ বৃহত্তৰ অসমীয়া জাতিয়ে বুটলিব লাগিব৷ তেতিয়াহে ভৱিষ্যতেও আমাৰ সমাজখন এক প্রাণৱন্ত সমাজ হিচাপে বিশ্বৰ বুকুত মূৰ দাঙি থাকিব৷
বঁটা প্রদান অনুষ্ঠানত ভাষণ দি বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ এনে এগৰাকী ব্যক্তি আছিল, যিয়ে ভাৰতবর্ষৰ সম্ভাৱনাৰ কথা ১৫ শতিকাতে আমাৰ মাজত এক বার্তা হিচাপে থৈ গৈছিল৷ ভাৰতবর্ষৰ ৫ হাজাৰ বছৰীয়া সভ্যতা–সংস্কৃতিত এগৰাকী যুগজয়ী মহাপুৰুষ হিচাপে শ্রীমন্ত শংকৰদেৱৰ জন্ম হৈছিল৷ তেওঁৰ জন্মৰ একে সময়ছোৱাতে ভাৰতবর্ষৰ আকাশত আন বহুকেইগৰাকী গুণী–জ্ঞানী মহাপুৰুষৰ জন্ম হৈছিল৷
শংকৰাচার্যৰ এটা যুগৰ পাছত ভাৰতবর্ষত কৃষ্ণভক্তিৰ নেতৃত্ব গ্রহণ কৰিছিল সেইসকল যুগজয়ী ব্যক্তিয়েই৷ পশ্চিমবংগৰ প্রভু চৈতন্য, মাধৱাচার্য আদিয়ে ভাৰতবর্ষৰ আকাশত কৃষ্ণ বন্দনাৰ এক নৱজাগৰণৰ সূত্রপাত কৰিছিল৷ আধ্যাত্মিকতাৰ সমান্তৰালভাৱে সেই সময়ত ভাৰতীয় সংস্কৃতিৰ নতুন নতুন উপাদানসমূহে প্রাণপাই উঠিছিল৷ এই মহাপুৰুষসকলে ১৫ শতিকাটো ভাৰতবর্ষৰ ইতিহাসত শ্রেষ্ঠতম শতিকালৈ ৰূপান্তৰ কৰিছিল৷
মহাপুৰুষ শংকৰদেৱে হৰিভক্তিৰ উপাদানসমূহেৰে নিজক সুসজ্জিত কৰি নিজস্ব এক নতুন চিন্তাৰে অসমৰ মাটিত জাতি–ধর্ম–বর্ণ নির্বিশেষে সকলোকে সামৰি বৈষ্ণৱ আন্দোলনৰ জন্ম দিয়াৰ লগতে ভক্তি আন্দোলনৰ নৱজাগৰণৰ সূচনা কৰিছিল৷ গুৰুজনাই অসম আৰু ভাৰতৰ মাজত ঐক্যতান অনুভৱ কৰিছিল বুলি তেওঁ মন্তব্য কৰে৷
বিত্তমন্ত্রী ড০ শর্মাই পুনৰ কয়– কীর্তন ঘোষা, গুণমালা আদিৰ জৰিয়তে মহাপুৰুষ শংকৰদেৱে অসমৰ সাহিত্য–সংস্কৃতি চহকী কৰিছিল৷ বৃন্দাবনী বস্ত্রৰ দ্বাৰা তেওঁ আমাৰ বয়ন শিল্পক লৈ গৈছিল বিশ্ব দৰবাৰলৈ৷ তেওঁৰ নামঘৰৰ সৃষ্টিয়ে অসমৰ সমাজ জীৱনৰ পৰা উচ্চ–নীচ জাতিভেদ প্রথা আঁতৰাই একেলগে একেপ্রাণেৰে হৰিক স্পর্শ কৰাৰ এক অপূর্ব সুযোগ প্রদান কৰিছিল আৰু সেইবাবে আমাৰ জাতিয়ে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱক সদায়ে শ্রেষ্ঠ অসমীয়া, জাতীয় জীৱনৰ মহানায়ক–প্রাণপ্রত্ হিচাপে স্বীকৃতি দি আহিছে৷
মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱে আমাৰ জাতিক প্রাণ দিছিল৷ গুৰু দুজনা আমাৰ জাতীয় জীৱনৰ প্রেৰণা৷ তেওঁলোকক যিমানেই স্মৰণ কৰিম, সিমানেই আমাৰ জাতি পৱিত্র হ’ব, জাতিয়ে শক্তি পাব–আগবাঢ়িব৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাক ন–ৰূপত সজোৱাৰ বাবে শেহতীয়াভাৱে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আধাৰশিলা স্থাপন কৰাৰ পাছত নতুন বছৰৰ প্রথমটো দিনৰ পৰাই ইয়াৰ কাম আৰম্ভ হৈছে বুলি তেওঁ সদৰী কৰে৷
লগতে অসম দর্শন আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে নামঘৰসমূহলৈ আগবঢ়োৱা সাহায্যৰ প্রসংগও উল্লেখ কৰে বিত্তমন্ত্রী ড০ শর্মাই৷ অসমীয়া জাতিয়ে এটা মহান জাতি হিচাপে আগবাঢ়ি যোৱাৰ এটা নতুন বীজ ৰোপণ কৰিবলৈ বর্তমানৰ ৰাজ্য চৰকাৰখন সক্ষম হোৱা বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে এয়া আমাৰ সমাজ জীৱনৰ কৃতিত্ব৷ সাম্প্রদায়িক সংঘর্ষ দূৰৰে কথা, যোৱা ৫ বছৰত কাৰো মাজত এটা সংঘাতো আমাৰ সমাজ জীৱনে প্রত্যক্ষ কৰা নাই৷
যি জাতিয়ে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ পৰা প্রেৰণা ল’ব, সেই জাতিয়ে মাত্র বিজয়ৰ অৰুণোদয় যাত্রাৰে খোজ কাঢ়িব৷ ইয়াৰ বিকল্প নাই৷ অনুষ্ঠানত ভাষণ প্রদান কৰি সাংস্কৃতিক পৰিক্রমা বিভাগৰ মন্ত্রী নৱকুমাৰ দলেই কয়– মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে শ্রেণীবিহীন মানৱ সমাজ নির্মাণ কৰি গৈছে৷ গুৰুজনাৰ সমন্বয়ৰ আদর্শৰে ৰাজ্য চৰকাৰে জনগোষ্ঠীয় সমন্বয় আৰু উত্তৰণৰ হকে কাম কৰি আহিছে৷
নিজ ভাষণত তেওঁ ৰাজ্য চৰকাৰে অসমৰ সাংস্কৃতিক বিকাশৰ বাবে গ্রহণ কৰা পদক্ষেসমূহৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰে৷ বন্তি প্রজ্বলনেৰে আৰম্ভ হোৱা বঁটা প্রদান অনুষ্ঠানৰ আৰম্ভণিতে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিৰচিত এটি বৰগীত পৰিৱেশন কৰা হয়৷ বঁটা প্রদান অনুষ্ঠানৰ লগত সংগতি ৰাখি প্রকাশ কৰি উলিওৱা এখন স্মৃতিগ্রন্থও উন্মোচন কৰা হয়৷ অনুষ্ঠানত অধ্যাপক ভৱপ্রসাদ চলিহাই লাইফ ভিডি’ৰ জৰিয়তে বঁটা লাভৰ অনুভৱ ব্যক্ত কৰি প্রদান কৰা ভাষণো সম্প্রচাৰ কৰা হয়৷
অনুষ্ঠানত বঁটাপ্রাপক অধ্যাপক ভৱপ্রসাদ চলিহাৰ দ্বাৰা ৰচিত এটা গীত পৰিৱেশন কৰাৰ উপৰি তেওঁৰ জীৱন আৰু কর্মৰাজি সামৰি সাংস্কৃতিক সঞ্চালকালয়ে প্রস্তুত কৰা এখন চুটি তথ্যচিত্রও প্রদর্শন কৰা হয়৷ ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই আদৰণী ভাষণ প্রদান কৰা বঁটা প্রদান অনুষ্ঠানত ২০১৭ বর্ষৰ শ্রীমন্ত শংকৰদেৱ বঁটাপ্রাপক বৰপেটা সত্রৰ বুঢ়াসত্রীয়া বশিষ্ঠ দেৱশর্মা, মাজুলীৰ উত্তৰ কমলাবাৰী সত্রৰ সত্রাধিকাৰ জনার্দন দেৱগোস্বামী, শ্রীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ, সাংসদ কুইন ওজাকে ধৰি সত্রাধিকাৰ, আধ্যাত্মিক গুৰু, অসম সত্র মহাসভাৰ প্রতিনিধি আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল৷