হাড়কঁপোৱা শীত বৃষ্টিপাতৰ মাজতো কৃষকৰ প্রতিবাদ অব্যাহত
নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ দিল্লীত হাড়কঁপোৱা জাৰৰ মাজতো আজি ৰাজধানী চহৰখনৰ বিভিন্ন স্থানত বৃষ্টিপাতে স্বাভাৱিক জীৱনযাত্রা স্তব্ধ কৰিছে৷ ৰাজধানী চহৰখনৰ সীমান্তত তিনিখন কৃষি আইন প্রত্যাহাৰৰ দাবীত ৩৯ দিন ধৰি প্রতিবাদ সাব্যস্ত ৰখা কৃষকসকল এই প্রতিকূল পৰিস্থিতিৰ মাজতো নিজৰ স্থিতিত অটল হৈ আছে৷ প্রতিবাদী কৃষকসকলে গভীৰ সংকটত পথৰ দাঁতিত তম্বু টানি প্রতিবাদ কৰি থকা অৱস্থাত বৃষ্টিপাতৰ সন্মুখীন হৈছে যদিও আন্দোলন চলাই যোৱাৰ সংকল্প গ্রহণ কৰিছে৷ উল্লেখনীয় যে দিল্লী তথা ৰাষ্ট্রীয় ৰাজধানী অঞ্চলত আজি কেইবাঘণ্টা ধৰি বৃষ্টিপাত অব্যাহত থাকে৷ গাজিপুৰ সীমান্তত প্রতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলৰ মাজত বৃষ্টিপাতে ভীষণ সমস্যাৰ সৃষ্টি কৰে৷ মহিলা, শিশু আৰু বয়োজ্যেষ্ঠ কৃষকসকল এই বৃষ্টিপাতৰ সময়ত অধিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷