নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ CAAক লৈ সমগ্ৰ দেশ উত্তাল হৈ থকাৰ সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে নাগৰিকত্ৱ সংশোধনী আইনক লৈ বিৰোধীয়ে জনসাধাৰণক বিপথে পৰিচালিত কৰিছে, আৰু এই আইনৰ দ্বাৰা সংখ্যালঘুসকল কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। বিজেপি নেতৃত্বধীন চৰকাৰখনে ভাৰতীয় সংবিধানৰ ধৰ্ম আৰু স্বতন্ত্ৰতাক বিশ্বাস কৰে আৰু হিন্দু ৰাষ্ট্ৰ হিচাপে ভাৰতক বিজেপিয়ে কেতিয়াও নিবিচাৰে।
অসমৰ NRCৰ সন্দৰ্ভতো মন্তব্য গৃহমন্ত্ৰীগৰাকীৰ পুনৰ NRC হ’লে কোনো ধৰণৰ আসোঁৱাহ ৰখা নহ’ব। তেওঁ কয় যে সংখ্যালঘুসকলৰ বাবে বিশেষ ব্যৱস্থা থাকিব কিন্ত অবৈধ বিদেশী দেশত থাকিব নোৱাৰিব।
জৱাহৰলাল নেহেৰুৱে কৈছিল যে পাকিস্তানৰ ধৰ্মীয় নিৰ্যাতনৰ বলি হোৱা সংখ্যালঘুসকলক ভাৰতত সংস্থাপন দিব লাগে। গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে আমি কংগ্ৰেছে বনোৱা কিছু আইন বলবৎ কৰিছো, এতিয়া আমাক সাম্প্ৰদায়িক বুলি ক’ব বিচাৰিছে, এয়া সম্পূৰ্ণ ভুল ধাৰণা। Aaj Takৰ এটা সাক্ষাৎকাৰত এই মন্তব্য কৰে গৃহমন্ত্ৰীগৰাকীয়ে